header ads

পৃথিৱীৰ বিভিন্ন দেশত শিশু দিৱস উদযাপন | Article by Dr Sushma Mazumdar

পৃথিৱীৰ বিভিন্ন দেশত শিশু দিৱস উদযাপন


ড. সুষমা মজুমদাৰ


       শিশু দিৱস শিশুসকলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন।পৃথিৱীৰ সকলো দেশেই এই দিৱস পালন কৰি আহিছে।দেখা যায় যে পৃথিৱীৰ বিভিন্ন দেশত ভিন ভিন দিনত এই  দিৱস পালন কৰা হয়।কেতিয়াবা আকৌ এখন দেশৰ ভিতৰতে বিভিন্ন ৰাজ্যত ভিন ভিন দিনত শিশু দিৱস পালন কৰা হয়।আন্তৰ্জাতিক পৰ্য্যায়তো এই দিৱস পালন কৰা হয়।এই অনুসৰি ১৯৫৯ চনৰ২০ নৱেম্বৰৰ দিনটোত  যুক্তৰাষ্ট্ৰৰ সাধাৰণ সভাই শিশুৰ অধিকাৰৰ লগত সংগতি ৰাখি এই দিনটো' বিশ্বশিশু দিৱস' হিচাপে ঘোষণা কৰে। এইদিনটোক 'সাৰ্বজনীন শিশু দিৱস'(Universal Children Day) বুলিও কোৱা হয়।১৯২৫ চনত আন্তৰ্জাতিক শিশু দিৱস, শিশুকল্যাণৰ ওপৰত হোৱা বিশ্ব সন্মিলনত  জেনেভাত প্ৰথমে proclaim কৰা হৈছিল।১৯৫০ চনৰ পৰা বেছিভাগ কমিউনিষ্ট দেশত ১জুনত পালন কৰা হৈছিল।'বিশ্ব  শিশুদিৱস' ১৯৫৯ৰ ২০ নৱেম্ববৰত যুক্তৰাষ্ট্ৰৰ সাধাৰণ সভাই শিশু অধিকাৰৰ লগত সংগতি ৰাখি  ঘোষণা কৰে।

      ডঃ চাৰ্লছ লেঅ'নাৰ্ড(Dr.  Charles Leonard) য়ে ১৮৫৭ চনৰ জুনমাহৰ  দ্বিতীয় শনিবাৰে এই শিশু দিৱস আৰম্ভ কৰিছিল। লেঅ'নাৰ্ডে এইদিনটোক 'গোলাপ দিৱস' নাম দিছিল যদিও পাছলৈ' 'Flower Sunday 'আৰু একেবাৰে পাছত  শিশু দিৱস নাম দিয়া হৈছিল।

      শিশু হৈছে ক্ৰমবৰ্ধমান সত্বাৰ একক স্বৰূপ।সংসাৰৰ জটিলতা উপলব্ধি নকৰা শিশুৱে সময়ৰ সোঁতত এগৰাকী সাধাৰণ মানুহত পৰিণত হয়। শিশুৰ মনৰ চিন্তাত কোনো যুক্তি বা বিচাৰ বিশ্লেষণ তথা লৌকিকতা তথা অলৌকিকতা নাই বুলি ক'ব পাৰি।বিৱৰ্তনৰ লগে লগে সকলো সলনি হলেও শিশুৰ মাজত কোনো পার্থক্য নাথাকে।ৰবীন্দ্ৰনাথৰ ভাষাত- শিশুৰ মন শতসহস্ৰ বছৰ আগতে যেনে আছিল,আজিও তেনেদৰে অপৰিবৰ্তিত হৈয়ে আছে। শিশু হৈছে সৰ্বদেশৰ,সৰ্বজাতিৰ আৰু সৰ্ব কালৰ।নলিনীবালা দেৱীয়ে কৈছে-শিশুৰ কান্দোনত ট্ৰিদিৱৰ পৱিত্ৰ সংগীত(মহা শিশু) বাজি উঠে।

সমগ্ৰ পৃথিৱীখনৰ শিশু দিৱসৰ বৰ্ণনা কৰিবলৈ গলে এটা বৃহৎ কলেবৰৰ লিখনি সৃষ্টি হব। গতিকে বিষয়টো অলপ চমুকৈ বৰ্ণনা কৰাৰ  প্ৰয়াস কৰা হৈছে।

পৃথিৱীৰ ছয়খন মহাদেশৰ অন্তৰ্গত বিভিন্ন দেশ সমূহত ভিন ভিন দিনত শিশুদিৱস পালন কৰা হয়। তলত  এইবিষয়ে চমুকৈ বৰ্ণনা কৰা হল ----

*এছিয়া মহাদেশ---

এছিয়া মহাদেশৰ

*আৰ্মেনিয়া , কম্বোডিয়া,আৰু আৰ্জেবাইজনত ১জুনত শিশু দিৱস পালন কৰা হয়।

* বাংলাদেশত ২০০৯চনৰ পৰা JAAGO foundation য়ে আন্তৰ্জাতিক বিশ্ব শিশুদিৱস পালন কৰি আহিছে। ইয়াৰ পাছত যুক্ত ৰাষ্ট্ৰ( United Nation) ই আন্তৰ্জাতিক শিশুদিৱস ঘোষণা কৰাৰ পাছত 20 নৱেম্বৰত শিশুৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যুৱক সকলক জড়িত কৰি শিশু দিৱস পালন কৰা হয়। পাছত বাংলাদেশৰ জাতিৰ পিতা শেখ মজিবৰ ৰহমানৰ জন্মদিন -১৭ মাৰ্চটো শিশুদিৱস হিচাপে পালন কৰা হয়। এই দিনটোত ১৪ বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে কোনো ধৰণৰ প্ৰৱেশ মাচুল নিদিয়াকৈ আৰু বয়স্ক লোকে ৫০ শতাংশ ৰেহাইত চিনেমাহলত প্ৰৱেশ কৰিব পৰা ব্যৱস্থা কৰা হয়। 

*মেইনলেণ্ড চীনা(Mainland China)ত ১জুনত আন্তৰ্জাতিক শিশুদিৱস পালন কৰা হয়। বিদ্যালয়সমূহ বন্ধ দিয়া হয়। ৰেহাইত  চিনেমা প্ৰদৰ্শন কৰা হয় আৰু লৰা-ছোৱালীক উপহাৰ দিয়া হয়।

*হংকংত ৪ এপ্ৰিলত শিশু দিৱস পালন কৰা হয়।

*ইণ্ডোনেছিয়াত ২৩ জুলাইত শিশু দিৱস পালন কৰা হয়।

* ভাৰতবর্ষত শিশুৰ অধিকাৰ,যত্ন আৰু শিশু শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ সমগ্ৰ ভাৰতবর্ষত প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন,১৪নৱেম্বৰ তাৰিখে শিশুদিৱস পালন কৰা হয়। তেখেতৰ শাসনকালত শিশু শিক্ষাকে ধৰি সমগ্ৰ শিক্ষাৰ উন্নতিৰ বাবে তেখেতে চিন্তা কৰাই নহয়  ,এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে শিক্ষাৰ উন্নতিৰ হকে   অধিক কাম কৰিছিল আৰু পৰিকল্পনাও তেখেতে কৰিছিল।শিশু শিক্ষাৰ ক্ষেত্ৰত  তেখেতে যুক্তি দিছিল এইদৰে"The children of today will make the India of tomorrow .The way we bring them up will determine the future of the country.

      শিশুৰ প্ৰতি থকা মৰম আৰু প্ৰীতিৰ বাবে তেখেতক 'খুৰা' উপাধি দিয়া হৈছিল।'খুৰা' নাম দিয়াৰ অন্য এটা কাৰণ হল-মহাত্মা গান্ধী আৰু নেহৰু দুয়ো একেলগে ভাইৰ দৰে আছিল।সেই সময়ত মহাত্মাক সকলোৱে বাপু বুলি মতা বাবে নেহৰুক খুৰা বোলা হৈছিল। নেহৰুৱে শিশুক  গোলাপ ফুলৰ লগত তুলনা কৰিছিল। বাহিৰলৈ ওলাই গলে সদায় এটা গোলাপফুল পৰিধান কৰিহে গৈছিল। সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন খেলা-ধূলা, আৰু ক্ৰিয়া-কলাপৰ জৰিয়তে শিশু দিৱস পালন কৰা হয়। ল'ৰা -ছোৱালীক আনন্দদায়ক ,নীতিশিক্ষামূলক আৰু শিশুকেন্দ্ৰিক চিনেমা প্ৰদৰ্শন কৰা হয়।ছবি অঁকা,ৰং দিয়া ,সজোঁৱা আদিৰ প্ৰতিযোগিতা পাতি বিজয়ী সকলক পুৰস্কৃত কৰা  হয়

     *জাপানত শিশু দিৱস দিনটো 'কোদোমো'(kodomo) নামেৰে পালন কৰা হয়।১৯৪৮চনৰ পৰা এই শিশু দিৱস ৰাষ্ট্ৰীয় বন্ধদিন হিচাপে পালন কৰি অহা হৈছে।সকলো শিশুক আনন্দ উপভোগ কৰাবলৈ আৰু  মাতৃসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ এই শিশু দিৱস পালন কৰা হয়।অষ্টম শতিকাৰ পৰা পৰম্পৰা অনুসৰি  বছৰত দুবাৰ; ৩মাৰ্চত ছোৱালীৰ আৰু ৫মে'ত লৰাৰ বাবে বেলেগে বেলেগে শিশু দিৱস পালন কৰা হয়।জাপানত ৩ মাৰ্চ তাৰিখটো পুতলা উৎসৱ বুলিও জনা যায়।সেইদিনা  হেইয়ান পিৰিয়ডৰ পুতলা সমস্তিৰে (heian period doll set)  আৰু এবিধ ধুনীয়া ফুল--  plum blossom ৰে  ঘৰবোৰ সজোৱা হয়।

     ৫ মে'ক তঙ্গ-নো চেক্কু(Tango-no sekku) বুলি জনা যায়।বিভিন্ন ধৰণৰ খাদ্য যেনে-কাচিয়া মচি (-kashiwa Mochi )আদি খোৱা হয় আৰু চামূৰাই(samurai )পুতলা ঘৰে ঘৰে সজোঁৱা হয়।

*কাজাখস্থান(Kazakhstan): :

প্ৰতি বছৰে ১জুনত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হয়।প্ৰায় তিনি মিলিয়ন( milion )শিশুৱে  সমবেত হৈ এই শিশু দিৱসৰ দিনটো বিশেষ কাৰ্যক্ৰমণিকাৰে   পালন কৰে যদিও সেইদিনা বন্ধও দিয়া হয়।

*উত্তৰ কোৰিয়া(North Korea)ত ১জুন ত শিশু দিৱস পালন কৰা হয় যদিও ৬জুনত কোৰিয়াৰ শিশুৰ একতা দিৱস(Korean childrens union day) বুলি আন এটা দিনো আছে।

*দক্ষিণ কোৰিয়া(South Korea)ত  চৰকাৰীভাবে  ৫ মে ত শিশু দিৱস পালন কৰা হয়।সেইদিনা পিতৃ- মাতৃয়ে লৰা- ছোৱালীৰ লগত আনন্দেৰে সময় কটায় আৰু সিহঁতক ৰং বিৰঙৰ উপহাৰ দিয়ে।চিৰিয়াখানা, মিউজিয়াম, শিশুৰ পার্ক আদিলৈ গৈও শিশুৱে  আনন্দ উপভোগ কৰে।

*লাওছ(Laos)ত ১জুনত শিশু দিৱস উদযাপন কৰা হয়।

*মালয়ছিয়া (Malaysia) ত আগতে ১অক্টোবৰত পালন কৰা হৈছিল যদিও বৰ্তমান আন্তৰ্জাতিক শিশু দিৱস অনুসৰি ২০ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

*মালদিবেচ(Maldives)ত শিশু দিৱসক কোডাকুধিংগে ঢুৱস( Kudakudhinge Dhuvas  )বুলি কোৱা হয় আৰু ১০মে ত  এই দিৱস পালন কৰা হয়।।শিশুসকলে স্কুললৈ গৈ বিভিন্ন খেল-ধেমালি কৰি এই দিনটো পালন কৰে।

*মাউৰিটিউছ(Mauritius) ত১৯৯১ চনত আফ্ৰিকাৰ শিশুৰ বাবে আন্তৰ্জাতিক দিৱস  International day of the African child ) পালন কৰা হয়।

*মংগোলীয়াত ১জুনত শিশু দিৱস পালন কৰা হয়। সকলোৱে মিঠাই খাই উৎসৱ হিচাপে গোটেই দিনটো পাৰ কৰে।

*ম্যানমাৰ(Myanmar)ত ১৩ফেব্ৰুৱাৰীত পর্ম্পৰাগতভাবে শিশু দিৱস পালন কৰা হয়।এই দিনটো এগৰাকী সাহসী, বাৰ্মা বিপ্লৱী,ৰাজনীতিবিদ আৰু বৰ্তমান ম্যানমাৰৰ জাতিৰ পিতা Aung San ৰ জন্মদিনত পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।বাৰ্মা শিশুৰ শিক্ষাৰ সমস্যা আৰু ভৱিষ্যতৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰয়াস কৰা হৈছে।

*নেপাল(Nepal)ত যুক্তৰাষ্ট্ৰৰ শিশু অধিকাৰ ঘোষণাৰ পাছত নেপালৰ কেলেণ্ডাৰ অনুসৰি শিশু দিৱস ২৯ভাদত পালন কৰা হয়।আগতে নেপালত আগষ্ট-ছেপ্টেম্বৰত পালন কৰা হৈছিল।নেপালত Shah Rule ৰ সময়ত H.M.ৰাণী Mother Ratna Rajya Lakhmi Devi Shah ৰ জন্মদিনটো বিভিন্ন অনুষ্ঠানেৰে জাকজমকেৰে পালন কৰা হৈছিল।

*পাকিস্তানত ২০১৪চনৰ ১৬ডিচেম্বৰত পেছোঁৱাৰৰ Army Public School ৰ ১৫০গৰাকীতকৈ অধিক   ছাত্র -ছাত্ৰী  আৰু শিক্ষক শ্বহীদ হোৱা  দুখজনক ঘটনাটো ৰ প্ৰতি সমবেদনা জ্ঞাপনাৰ্থে ২০১৫চনৰ ১৬ ডিচেম্বৰত বহা  ৰাষ্ট্ৰীয় সভা(national assembly)ই  সৰ্বসন্মত  সিদ্ধান্ত   গ্ৰহণ কৰে যে এই শ্বহীদ সকলৰ  স্মৃতিত ১৬ ডিচেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা উচিত।আগতে ১জুলাইত পঞ্জাৱত UNICEF ৰ সহযোগত সমাজ কল্যান বিভাগৰ শিশু অধিকাৰ কোষৰ উদ্যোগত শিশু দিৱস পালন কৰা হৈছিল।  ইছলামবাদৰ শিশু কণ্ঠ -NGO ৱে এই দিনটো শিশু আৰু অভিভাৱকৰ মাজত বিভিন্ন ক্ৰিয়া-কলাপ অনুষ্ঠিত কৰি আনন্দেৰে পালন কৰে।।বিদ্যালয় আৰু বিভিন্ন অনুষ্ঠানে উৎসৱ আৰু ক্ৰিয়া-কলাপেৰে শিশু দিৱসৰ দিনটো অতিবাহিত কৰে।এই  দিনটোতে বহুতো দান দিয়া অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠান কৰে আৰু দিনটো উৎসৱ হিচাপে পালন কৰে।প্ৰতি বছৰে এইদৰে এই অনুষ্ঠানত সকলোৱে যোগদান কৰে।

*পেলেষ্টাইন(Palestine)ত পেলেষ্টাইনৰ শিশু সন্মিলনত স্বর্গীয় ৰাষ্ট্ৰপতি য়াচাৰ আৰাফাট(Yasser Arafat )য়ে শিশুৰ অধিকাৰ সাপেক্ষে অনুষ্ঠিত আন্তৰ্জাতিক মহামেলত ৫এপ্ৰিল তাৰিখটো শিশুৰ বাবে ঘোষণা কৰিছিল।তেতিয়াৰ পৰা প্রতি বছৰে  সকলো চৰকাৰী কাৰ্যালয় আৰু আন্তৰ্জাতিক কাৰ্যালয়ত পেলেষ্টাইন শিশুক সাহস দিবলৈ- শৈক্ষিক ক্ৰিয়া-কলাপ,খেলা-ধূলা , বিভিন্ন মাধ্যমেৰে, আমোদজনক ক্ৰিয়া-কলাপ আদিৰে দিনটো পালন কৰা হয়।

*ফিলিপাইন(Philipine)ত ১০৬৬১আইন অনুসৰি  যুক্তৰাষ্ট্ৰৰ শিশু অধিকাৰৰ ওপৰত হোৱা মহামেলত ১৯৮৯ ৰ ২০ ডিচেম্বৰৰ দিনটো শিশু দিৱস পালন কৰা হয়।

*চিংগাপুৰত পৰম্পৰাগতভাবে ১অক্টোবৰৰ দিনটো চৰকাৰীভাবে শিশু দিৱস পালন কৰা হয়।

*শ্ৰীলংকাত ১ অক্টোবৰত এই দিৱস পালন কৰা হয় আৰু সিংহলত 'লোক লামা দিনায়া' ( loka Lama dinaya )হিচাপে এই দিনটো  নামকৰণ কৰা হৈছে।।অনাথ আলয় আৰু স্কুলবোৰত উপহাৰ বিতৰণ কৰি এই দিৱস পালন কৰা হয়।

*তাইৱান(Taiwan)ত এপ্ৰিলত শিশু দিৱস পালন কৰা হয়।

*থাইলেণ্ডত  'জানুৱাৰী মাহৰ দ্বিতীয় শনিবাৰটোক' ৱান ডেক' ( ‘wan Dek’ )বুলি কোৱা হয় আৰু সেই দিনটোত শিশুশকলক তেওঁলোকৰ দেশৰ বিকাশত গুৰুত্ব সম্পৰ্কে সজাগ কৰিবলৈ,ৰং ধেমালি কৰাৰ সুবিধা দিবলৈ এই শিশু দিৱস পালন কৰা হয়।প্ৰধান মন্ত্ৰীয়ে প্ৰতিগৰাকী শিশুক এটা চিন্তাকৰিব লগীয়া বিষয় (theme) আৰু এটা শ্লোগান দিয়ে।থাই সকলে কয়-“Children are the future of nation, if the children are intelligent, the country will be prosperous”

*তাৰ্কী: ১৯২০চনৰ২৩এপ্ৰিলত ৰাষ্ট্ৰীয় সাধাৰণ সভা গঠন হৈছিল, আৰু এই দিন টোত ৰাষ্ট্ৰীয় বন্ধদিন ঘোষণা কৰা হৈছিল ১৯২১চনত।।তাৰ্কী সকলে টি আৰ টি আন্তৰ্জাতিক শিশু উৎসৱ(TRT international children’s festivsal,)২৩এপ্ৰিলতে উদযাপন কৰে।

*কোৱাতা(Qata)ত  আন্তৰ্জাতিক শিশু দিৱস ২০ নৱেম্বৰত পালন কৰা হয়।

*উজবেকিস্তান(Uzbekistan)ত ১জুনত এই দিনটো পালন কৰা হয়।

* ভিয়েটনাম(ভিয়েটনাম)ত শিশু দিৱস , ১জুন তাৰিখে  আন্তৰ্জাতিক শিশু দিৱস হিচাপে ,মধ্য শীত উৎসৱৰ সময়ত অষ্টমটো চান্দ্ৰমাহত পালন কৰা হয়।

ইউৰোপ মহাদেশ:--------------

*বছনিয়া আৰু হেৰজে

(Bosnia and Herze)ত ১৯৯৩ চনত বন্ধদিন হিচাপে শিশু দিৱসৰ দিনটো পালন কৰা হয়।

*আলবেনিয়া আৰু বুলগেৰীয়াত ১ জুনত এই দিৱস পালন কৰা হয়।পৰিয়ালৰ লোকে লৰা -ছোৱালীক বিশেষ গুৰুত্ব দিয়ে আৰু উপহাৰ দিয়ে।

* : ক্ৰ’ৱেচিয়াত শিশু দিৱস 11 নৱেম্বৰ ত পালন কৰা হয়।

*চেজ গণতন্ত্ৰ (Czech Republic)ত ১জুনত শিশু দিৱস পালন কৰা হয়।

*ডেনমার্ক(Denmark)ত ২০নৱেম্বৰত শিশু দিৱসটো ব্ৰেনেনেছদিৱস( Brnenes day) হিচাপে পালন কৰা হয়।

*ফিনলেণ্ড(Finland)ত শিশু দিৱসৰ দিনটো শিশু অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।

*:   শীতল যুদ্ধৰ সময়ত পূব জাৰ্মানীত ১জুনত  আৰু পশ্চিম জাৰ্মানীত২০ ছেপ্টেম্বৰৰ  শিশু দিৱস দিনটো কিনদাৰতেগ( kindertag )হিচাপে পালন কৰা হৈছিল।বহুত অভিভাৱকে ১জুনত অনুস্তুপীয়াকৈ কৰি আকৌ ২০ নৱেম্বৰত কার্যসূচীবোৰ অনুষ্ঠিত কৰে।

*গ্ৰীচত ২০ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।

*হাংগেৰী(Hungary)ত ১৯৩১ চনত শিশু সপ্তাহ পালন কৰা  হৈছিল যদিও ১৯৫০ চনৰ পৰা মে মাহৰ শেষৰটো দেওবাৰে শিশু দিৱস পালন কৰা হয়।

*আইয়াৰলেণ্ড(Ireland)ত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হয়.

*মালদেৱ(Maldev)ত ১ জুনত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হয়।এইদিনটো ২০১৬ ৰ পৰাই গণ বন্ধ  হিচাপে পালন কৰা হয়।

*নৰৱেত সংবিধান দিৱসৰ দিনাই একেলগে পেৰেদ( parade) আৰু শিশুৰ বিভিন্ন ক্ৰিয়া-কলাপ ৰ মাজেৰে শিশু দিৱস উদযাপন কৰা হয়

*পোলেণ্ডত  ১জুনত শিশু দিৱস পালন কৰা হয়।

*পৰ্টুগাল আৰু অন্যান্য কলনিত শিশু দিৱসটো Dia da crianca হিচাপে ১জুনত পালন কৰা হয়।

*ৰোমানিয়াত শিশু দিৱসটো—ৰোমানিয়া: জিওয়া কঁপিলোঁলুই(Romaniya:Ziua copilului )হিচাপে ১জুনত পালন কৰা হয়। এই দিনটোত শিশুক উপহাৰ দিয়া হয়।

*ৰাছিয়াত ১ জুনত এই দিৱস পালন কৰা হয়।১৯৪৯ চনত  এই দিনটো বন্ধদিন হিচাপে ঘোষণা কৰা হৈছিল।

*চাইবেৰীয়াত ১৯৪৭ চনৰ পৰা ১জুনত এই দিৱস পালন কৰা হয়।

*শ্লোভাকীয়া(slobhakiya)ত  Medzinarodny den detti হিচাপে ১ জুনত আন্তৰ্জাতিক শিশু দিৱস  পালন কৰা হয়।শিশুক ৰেহাই হিচাপত চিৰিয়াখানা লৈ  যাবলৈ দিয়া হয়।

*স্পেইনত শিশু দিৱস Dia del nino হিচাপে মে মাহৰ দ্বিতীয়টো দেওবাৰে পালন কৰা হয়।

*চুইডেন(Sweden)ত অক্টোবৰৰ প্ৰথম সোমবাৰে শিশু দিৱস পালন কৰা হয়।প্ৰথমে Gustav Rosen য়ে ১৯৫০ চনত উত্তৰ চুইডেনত শিশু দিৱস আৰম্ভ কৰিছিল

*চুইজাৰলণ্ডত ১৯২৫ ৰ পৰা  ২০ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

*ইউক্ৰেইন(Ukrain)ত শিশু ৰক্ষণাবেক্ষণ দিৱসহে ১জুনত পালন কৰা হয়।

 *যুক্তৰাষ্ট্ৰ(united kingdom)ত  গ্ৰীষ্ম কালতহে ৰাষ্ট্ৰীয়  শিশু দিৱস পালন কৰা হয়।।যুক্তৰাষ্ট্ৰৰ সাধাৰণ সভা ( general assembly)ই ১৯৫৬চনত শিশুসকলৰ মাজত বিশ্বজুৰি বুজাবুজি সৃষ্টি কৰিবলৈ শিশু দিৱস প্ৰতিষ্ঠা কৰিছিল যদিও যুক্তৰাষ্ট্ৰই অনুমোদন কৰা ২০নৱেম্বৰত শিশু দিৱস পালন কৰা নহয়।2020 চনৰ ১৭ মে ৰ দেওবাৰে শিশু দিৱস পালন কৰা হৈছিল।এই দিনটোত শিশুসকলক বাহিৰলৈ যাবলৈ দিয়া হয়।

আফ্ৰিকা:----------

*কেমেৰুণত ১৯৯০ চনৰ পৰাই এই দিনটো বন্ধদিন হিচাপে পালন কৰি অহা হৈছে।

*মধ্য আফ্ৰিকা(central Africa)ত ২৫ ডিচেম্বৰ তাৰিখে শিশু দিৱস পালন কৰি  অহা হৈছে।

*ইজিপ্ত(Egypt)ত কাইৰো আৰু আলেকজেন্দ্ৰিয়া ( alekjendrya )ৰ বাহিৰে বাকী দেশ বোৰত ২০নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

*ইৰিত্ৰা(Eritra)ত ৮ ডিচেম্বৰত শিশু দিৱস পালন কৰা হয়।

*মোজামবকুৱে(Muzamboque)ত ১জুনত  শিশু দিৱস পালন কৰা হয়।

*নাইজেৰিয়া(Nizeriya ) ত ২৭মে ত গণতন্ত্ৰ বন্ধ দিন হিচাপে শিশু দিৱস পালন কৰা হয়।প্ৰাথমিক স্তৰৰ স্কুল বোৰ বন্ধ থাকে আৰু পেৰেড(parade) ৰ প্রতিযোগিতা পাতি পুৰস্কাৰৰ ব্যৱস্থা কৰা হয়।

*সুদান(Sudan)ত ২৩ ডিচেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। 

*টুনিছিয়াত ১১জানুৱাৰী ত শিশু অধিকাৰ হিচাপে পালন কৰা হয়। শিশুসকলে যে দেশৰ ভৱিষ্যত নিৰ্ণয়কাৰী তাকে এই দিনটোত সোঁৱৰাই দিয়া হয়।

*জিম্বাবুৱে(Zimbabwe)ত ১৯৯১চনত আফ্ৰিকাৰ শিশুৰ দিৱস(day of African child) হিচাপে পালন কৰা হয়।

উত্তৰ আমেৰিকা মহাদেশ-------------

এই মহাদেশৰ-

*কানাডাত ২০নৱেম্বৰত শিশু দিৱস  পালন কৰা হয়।এই দিনটোত শিশু সকলক প্ৰাপ্তবয়স্কৰ দৰে অধিকাৰ লাভ কৰিবলৈ সজাগ কৰা  হয়।

*কোষ্টা ৰিছা(Costa Rica)ত ৯ছেপ্তেম্বৰত শিশু দিৱস পালন কৰা হয়।

*কিউবা(Cuba)ত জুলাইৰ তৃতীয়  দেওবাৰে পালন কৰা হয়। গুৱাটেমেলা(Guwatemela)ত ১অক্টোৱৰত পালন কৰিএইদিনটোত বন্ধ দিয়া হয়।

*হাইটি(Haiti)ত ১২ জুনত শিশু দিৱস পালন কৰা হয়।

*হনদূৰছ(Honduras)ত ১০ ছেপ্টেম্বৰ ত পালন কৰা হয়।

*মেক্সিকো(Mexico)ত শিশু দিৱস  ৩০ এপ্ৰিলতহে পালন কৰা হয়।শিক্ষক সকলে স্কুলত  ল’ৰা-ছোৱালী সকলক লৈ গান নাচ,খেলা-ধূলা কৰাৰ উপৰিও খোৱাবস্তু  বিতৰণ কৰে।কিছুমান স্কুলত পাঠ বন্ধ কৰা হয় আৰু পৰিয়ালৰ লোকে শিশুক উপহাৰ দিয়ে।

*নিকাৰাগুৱা(Nicaragua)ত ১জুনত শিশু দিৱস পালন কৰা হয়।

*পানামা(Panama)ত kid’s day হিচাপে ১নৱেম্বৰত শিশু দিৱস পতা হৈছিল যদিও  পাছলৈ জুলাই মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়।

*যুক্তৰাজ্য(UnitedState) ত কোনো স্থায়ী এককভাবে পতা বছেৰেকীয়া শিশু দিৱস নাই। ৰাষ্ট্ৰীয় শিশু দিৱস অক্টোবৰ মাহৰ দ্বিতীয়টো দেওবাৰে বুছ(Bush)আৰু ক্লিন্তন(Clinton)ৰ দিনত পালন কৰা হৈছিল এইদৰে বিভিন্ন দিনত শিশু দিৱস পালন কৰা হৈ আহিছে।২০১১চনৰ ২৩এপ্ৰিলত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হয়।

দক্ষিণ আমেৰিকা মহাদেশ--------

এই মহাদেশৰ *বলিভিয়া(Bolivia)ত  ১৩এপ্ৰিলত পালন কৰা হয় ;কিন্তু বন্ধদিন হিচাপে  ১২এপ্ৰিলতহে  উদযাপন কৰা হয়।

*আৰ্জেন্টিনা:

ঐতিহাসিক ভাবে আগষ্টমাহৰ দ্বিতীয় সপ্তাহত পালন কৰা হৈছিল আৰু পাছলৈ ২০১৩ চনত তৃতীয় সপ্তাহলৈ পালন কৰা হয়। ল’ৰা-ছোৱালীক পুতলা আদি উপহাৰ দিয়া হয়।

*ব্ৰাজিলৰত শিশু দিৱস ১২অক্টোবৰত পালন কৰা হয়।নতুন মহাদেশৰ প্ৰসংগত এই দিনটো  Discovery of America (Columbus day)হিচাপে পালন কৰা  হয়। এই দিনটোত শিশুক উপহাৰ আদি দিয়া হয়।

*কলম্বিয়াত এপ্ৰিলৰ শেষ সপ্তাহত পালন কৰা হয়।

*একোৱেদৰ(Ecuador) ত শিশু দিৱস ১জুনত পালন কৰা হয়।

*পেৰাগুৱাৰী(Paraguary)১৬ আগষ্টত

পালন কৰা হয়।

*পেৰু(Peru) ত এপ্ৰিল মাহৰ প্ৰত্যেক দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰা হয়।

*চুৰিনাম(Suriname) ত ৫ডিচেম্বৰত পালন কৰা হয়। এই দিনটোত ১২ বছৰলৈকে শিশু বোৰে উপহাৰ লাভ কৰে।

*ট্ৰিনিদাদ আৰু তোবাগ(Trinidad and tobago)ত ২০নৱেম্বৰত এই দিৱস পালন কৰা হয়।

*টুভালু(Tuvalu)ত আগষ্টৰ প্ৰথম সোমবাৰে এই দিৱস পালন কৰা হয়।

*উৰুগোৱে(Uruguay)ত আগষ্টৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰা হয়।

* ভেনিজুৱেলা (Venezuela)ত জুলাই  মাহৰ তৃতীয়টো দেওবাৰে শিশু দিৱস  পালন কৰা হয়।

অচেনীয়া(Oceania)মহাদেশ-------------

এই মহাদেশৰ

*অষ্ট্ৰেলিয়াত অক্টোবৰৰ চতুৰ্থ সপ্তাহটো শিশু সপ্তাহ হিচাপে পালন কৰা হয়।এই সপ্তাহটোত শিশুৰ যত্ন আৰু বিকাশৰ বিষয়ে আলোচনা কৰা হয়। ১৯০৪চনত ৰাষ্ট্ৰীয় সপ্তাহ পালন কৰা হৈছিল আৰু অষ্ট্ৰেলিয়া সকলো শিশুক অন্তৰ্ভুক্ত কৰা হৈছিল।আন্তৰ্জাতিক শিশু দিৱসৰ আগতে শনিবাৰৰ পৰা পাছৰ দেওবাৰলৈ বন্ধ দিন হিচাপে  শিশু দিৱস পালন কৰা হৈছিল।

*নিউজিলেণ্ড(NewZeland) ত মাৰ্চৰ প্ৰথমটো দেওবাৰে শিশু দিৱস পালন কৰা হয়।শিশুসকলক তেওঙা(Taonga) বুলি কোৱা হয়।পৰিয়ালৰ লোকে এইদিনটোত জিৰণি লয় আৰু শিশুক সন্মান কৰে।

*ভানুৱাটো(Vanuatu) ত ২৪ জুলাইত শিশু দিৱস পালন খৰছ হয়।এই শিশু  দিৱসৰ থিম(theme )দুটা।যেনে:

১.শিশুৰ প্ৰতি অত্যাচাৰ বন্ধ কৰক।

২.আজি শিশুক নিজৰ মন্তব্য প্ৰকাশ কৰিবলৈ দিয়ক।

বিদ্যালয়ত  বক্তৃতা, ক্ৰিয়া-কলাপ,নৃত্য আদিৰে শিশু দিৱস পালন কৰা হয়।পাছত দুপৰীয়া  ল’ৰা-ছোৱালীয়ে মাক দেউতাকৰ লগত কটায়।এই বিশেষ দিনটো বন্ধও দিন হিচাপৰ ঘোষণা কৰা হয়।

এইদৰে পৃথিৱীৰ শিশু দিৱসৰ কিছু ৰেঙণি আলোকপাত কৰা হল।

এইদৰে অমি শিশু দিৱস পালন কৰিলেই নহব, আমি শিশুৰ অধিকাৰক সন্মান জনাব  লাগিব আৰু সুৰক্ষাকে আদি কৰি শিশুক আত্মপ্ৰকাশৰ সুবিধা দিব লাগিব। বিদ্যালয়ৰ কাৰিকুলামত শিশুৰ অধিকাৰ তথা সুৰক্ষাৰ বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগিব। তেতিয়াহেশিশুক সন্মান কৰা হ’ব।

আহক,আমি সকলোৱে শিশুৰ শাৰীৰিক আৰু মানসিক যত্ন লওঁ,তেওঁলোকৰ অধিকাৰক সন্মান জনাওঁ, তেওঁলোকক সুনাগৰিক হোৱাত সহায় কৰোঁ আৰু দেশক প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰোঁ।

          *****

উৎস: ইণ্টাৰনেট আৰু বিভিন্ন প্ৰৱন্ধ


অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments