Labels

এটুকুৰা আকাশৰ স্বপ্ন | Assamese Short Story by Dipannita Kalita

এটুকুৰা আকাশৰ স্বপ্ন  Assamese Short Story by Dipannita Kalita

এটুকুৰা আকাশৰ স্বপ্ন

সুইইইট্ সুউউউইট্ সুউউউউউউউইট্.....................

সুহুঁৰিটো শুনি একেজাঁপে বিছনাৰ পৰা জঁপিয়াই, জোতাযোৰ ভৰিত সুমুৱাই বাহিৰলৈ ল'ৰ মাৰিলে অভিয়ে। যাওঁতে মাকক ৰিঙিয়াই গ'ল।ৰাতিপুৱাৰ কোমল ৰ'দজাক পিঠিত লৈ ৰোহন,শিৱম আৰু প্ৰীতমৰ লগত ফিল্ডখনলৈ আগবাঢ়ে অভি। ল'ৰাবোৰে ৱাৰ্ম আপ কৰিবলৈ লৈছে। সিহঁতে দৌৰি গৈ দলটোৰ লগত চামিল হ'ল। আজি বেছ ভাল খেলিলে সি । সুদক্ষ গ'লকীপাৰ ৰজতদাক ওফৰাই সি একেৰাহে ৩টাকৈ গ'ল দিবলৈ সক্ষম হ'ল।

তাৰ বিশ্বাসেই হোৱা নাছিল । লগৰবোৰে হেট্ৰিক!হেট্ৰিক ! বুলি চিঞৰাতহে তাৰ সন্বিত ঘূৰি আহিল। ফুটবলৰ প্ৰতি সৰুৰে পৰাই তাৰ নিচা।এইবেলি ১৪ বছৰৰ অনুৰ্ধ্ব টিমটোত স্হান পোৱাৰ পৰা পুৱা-গধূলি প্ৰেক্টিছলৈ ওলাই যায় সি।সপ্তম শ্ৰেণীত পঢ়া ল'ৰাটোৰ পুৱা প্ৰেক্টিছৰ পৰা স্কুল, স্কুলৰপৰা ঘৰ ,আকৌ প্ৰেক্টিছ , তাৰ পিছত গধূলি পঢ়া -শুনা । মুঠতে উশাহ সলাবলৈ সময় নোহোৱা ব্যস্ততা।

অভি সৰু থাকোঁতেই আইতাক, মাক-দেউতাক, অভি আৰু ভনীয়েকজনীৰে ৫জনীয়া পৰিয়ালটো গাঁৱৰ পৰা টাউনলৈ উঠি আহে। মাক টাউনৰে হাইস্কুলখনৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী আৰু দেউতাকৰ ব্যৱসায়সূত্ৰে সিহঁত টাউনখনৰ বাসিন্দা।

গাঁৱৰ ঘৰখনত বৰদেউতাকৰ পৰিয়ালটো থাকে। অভিৰ গাঁওখনলৈ বৰ টান ; আইতাকৰ লগত বন্ধৰ দিনবোৰত সততে গৈ থাকে তাৰ মৰমৰ গাঁওখনলৈ।

পুখুৰীটো,পথাৰখন ,কণদা আৰু পুটুবাহঁতক এৰি আহিবৰ পৰত তাৰ চকুহাল চলচলীয়া হয় ,আইতাকো উচুপি উঠে। তথাপি কৰ্তব্যৰ তাড়নাত তেওঁ সিহঁতৰ লগতে টাউনলৈ যায়।ব্যৱসায়ী দেউতাকে অ'ত ত'ত ঘূৰি ফুৰিবলগীয়া হয়। কেতিয়াবা শ্বিলং , কেতিয়াবা গুৱাহাটী । কেতিয়াবা দুদিন তিনিদিনলৈ ঘৰলৈ আহিবলৈ নাপায়।তেনেস্হলত দুটাকৈ ল'ৰা-ছোৱালীলৈ চাকৰীয়াল বোৱাৰীয়েকৰ অৱস্হাটোলৈ চাই আইতাকজনীয়ে দেউতাকৰ কথামতেই মৰমৰ গাওঁখন এৰি সিহঁতৰ লগতেই থাকে।

ইয়াত আইতাকৰ মন ভাল লগাবলৈকে দেউতাকে দুজনী গাই গৰুও আনি দিছেহি।গাই দুজনী পাই অভি আৰু ভনীয়েকৰ স্ফূৰ্তিত ত'ত নাই।

মুগা আৰু কলছিয়া বৰণৰ গাই দুজনীয়ে ঘাঁহ পাগুলি থকা চাই দুয়ো বৰ ৰং পায়।

নগুৰ-নাকতিখন পিছে মাকৰহে হৈছে।শাহুৱেকৰ যত্ন, ল'ৰা-ছোৱালীহাল,স্কুল,ঘৰ আদি সকলোবোৰৰ লগতে আকৌ গাই দুজনীক চম্ভালি লেবেজান হোৱা মানুহজনীৰ কষ্ট দেখি দেউতাকে বৰতাকৰ হতুৱাই এইবেলি দূৰ্গা পূজাৰ অস্টমীৰ দিনা ৰাতিপুৱাই গাঁৱৰে ঘাট-মাউৰা ল'ৰাটোক লৈ আহিল। নাম হেনো 'ধন'।

অভিৰ প্ৰায় সমবয়সীয়া,টনা টনা চকুহালেৰে, সৰু ফুঁটীয়া হাঁহিমুখীয়া ল'ৰাটোৱে লাহেকৈ ঘৰখনৰ কামবোৰ চম্ভালি ল'লে।ধনক পাই মাকজনীয়ে যেন উশাহহে  ঘূৰাই পালে।গাই দুজনীৰ যত্ন, আইতাকক তামোল খুন্দি দিয়াৰ পৰা পাকঘৰত মাকক সহায় কৰালৈকে ধন নহ'লে যেন ঘৰখনেই স্তব্ধ।

কামৰ ফাঁকে ফাঁকে অভিৰ কিতাপবোৰলৈ ৰ' লাগি চায় ল'ৰাটোৱে।

তাৰ টেবুলখন চাফা কৰোতে কিতাপবোৰ লিৰিকি বিদাৰি ৰৈ যায় বহুসময়।

"কি চাইছ অই?"অভিয়ে সোধে।

"....নাই!" ইতস্ততঃ বোধ কৰা হাত দুখন কোঁচ খাই আহে।

"তই পঢ়িবলৈ জান?"

নঞাৰ্থক ভাবত মূৰটো জোঁকাৰি দিয়ে ল'ৰাটোৱে। স্কুললৈ যোৱাৰ পৰত গাইদুজনীক লৈ ব্যস্ত থকা তাৰ সমবয়সীয়া ধনৰ চকু দুটাই যেন বহু কথাই কয়।

লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গাঢ় হ'ল।বন্ধবাৰবোৰত দুয়ো হেঁপাহ পলুৱাই ফুটবল খেলে। মাকেও এইকণ সময় বন পাছি তাক আমনি নকৰে। তাৰ খালি ভৰিৰে মৰা স্ট্ৰাইকবোৰ দেখি আচৰিত হৈ ৰয় অভি।

আজি দুটাদিনে প্ৰজেক্ট এটা বনোৱা কামত অভি খুবেই ব্যস্ত।আনকি খোৱা-লোৱাও সময়ত কৰিব পৰা নাই। 'চিলড্ৰেনছ ডে 'বুলি স্কুলত প্ৰদৰ্শনী পাতিছে, সেই বাবেই প্ৰজেক্টটো মনপুতি বনাই আছে সি। মাকে দুবাৰকৈ ভাত খাবলৈ মাতিবলৈ ধনক পঠিয়ালে; কিন্তু সি 'শেষ কৰিহে উঠিম' বুলি ভাবিও উঠিব পৰা নাই।

তৃতীয়বাৰ মাতিবলৈ আহি ধন তাৰ ওচৰতে ৰৈ দিলে।

"কালিৰ পৰা এইবোৰ কি বনাই আছা অভি?"

'চিলড্ৰেনছ ডেৰ' বাবে বনাইছোঁ অ।"

" তাৰমানে?"

'চিলড্ৰেনছ ডে' হৈছে আমাৰ দৰে সৰু ল'ৰা ছোৱালীবোৰৰ বিশেষ দিন।প্ৰতি বছৰে ১৪ নৱেম্বৰত ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত 'চিলড্ৰেনছ ডে 'অৰ্থাৎ শিশু দিৱস পালন কৰা হয় ।" চকু দুটা বহলকৈ মেলা ধনলৈ চাই কিছুসময় ৰৈ যায় অভি।

এক অজান দুখবোধত বুকুখন বিষাই যায় তাৰ। গোটেই ৰাতিটো ধনৰ চকুজুৰিত দেখা সপোনটোৱে কষ্ট দিলে তাক।

শিশু দিৱস বুলি আজি সোনকালেই শোৱাপাটী এৰি উঠি আহিল অভি। চোতালখন সাৰি থকা ধনে তালৈ চাই মিচিকিয়ালে।

"মা ধনক স্কুলত নাম লগাই দিব নোৱাৰিনে?" জলপান খাই থকাৰ পৰা মূৰটো দাঙি মাকৰ চকুলৈ চাই ক'লে সি।

"ঘৰৰ কামবোৰ কোনে কৰিব ঐ?" আইতাকে মাত মাতে।

"কামবোৰ আমি ভগাই ল'ম আইতা " .........কিবা ক'ব খুজিও ৰৈ যায় আইতাক।

"সি বহুত ভাল ফুটবল খেলে মা; তাকো সুযোগ দিবানে মা? মই কেতিয়াও তোমালোকক একো খুজি আমনি নকৰোঁ...কোৱা মা ?"


কিছুপৰ মৌনতাৰ পিছত তাৰ চকুলৈ চাই মূৰ দুপিয়ায় মাকে।চকুজুৰি সেমেকি উঠে মাকৰ । বিশাল মনৰ ল'ৰাটোৰ ওচৰত নিজকে সৰু সৰু অনুভৱ হ'ল তেওঁৰ। এক অজান সুখত বুকুখন ভৰি উঠিল ।আনন্দত সি মাকক সাৱতি ধৰিলে।

দুৱাৰ মুখতে ৰৈ থকা ধনৰ উজ্জ্বল চকুহালত থকা সপোনটোৱে নাচি উঠে। আকাশখনলৈ কৃতজ্ঞ চকুহালেৰে চাই ৰয় সি। এমুকুৰা হাঁহিৰে দুয়ো দুয়োকে শিশু দিৱসৰ শুভেচ্ছা যাচে। 

 

                                          - - -সমাপ্ত- - -



দীপান্বিতা কলিতা।

সহ-শিক্ষয়িত্ৰী

দক্ষিণ বিহাপাৰা প্ৰাথমিক বিদ্যালয়।

শিক্ষাখণ্ডঃ ছয়গাওঁ।


অলংকৰণ :- সংগীতা কাকতি

Post a Comment

1 Comments