গান্ধী জয়ন্তী
দুই অক্টোবৰত
জ্বলাওঁ বন্তি ,
পালন কৰোঁ
আমি গান্ধী জয়ন্তী ।
ছৱি, ৰচনাকে
আদি কৰি
ভিন্ন নাচ-গান,
খেল-ধেমালিকে ধৰি,
সকলোৱে মিলি
কৰোঁ ধেমালি ,
বিদ্যালয় আমাৰ
হয় ৰঙালী ।
শাসনৰ ভ্ৰষ্টাচাৰ,
ইংৰাজৰ অত্যাচাৰ,
পৰাধীনতাৰ চেকা লাগিল --
ভাৰতীয় জনতাৰ ।
স্বাধীনতা আন্দোলন
সমগ্ৰ ভাৰতে কৰিলে ,
মহাত্মা গান্ধীয়ে
তাত নেতৃত্ব দিলে ।
সত্য, অহিংসা, ত্যাগ,
প্ৰেমৰ মূলমন্ত্ৰ বিলাই--
কংগ্ৰেছত যোগ দি
তেওঁ ফাটেকলৈ যায় ।
বিদেশী বস্ত্ৰ বৰ্জন কৰি
আঁঠু-মূৰ ঢাক নোযোৱা
চুৰিয়া পিন্ধি গান্ধীয়ে
যঁতৰত সূতা কাটি
"
যঁতৰেই আমাৰ জাতিৰ প্ৰাণ " বুলি
কৰ্ম্মনিপুণ হ'বলৈ কয়,
সেইকাৰণেেই তেওঁৰ নামো
' নঙঠা ফকিৰ ' হৈ ৰয় ।
অসহযোগ, আইন অমান্য
লৱণ সত্যাগ্ৰহ , ভাৰত ত্যাগ ,
আন্দোলন কৰিলে
----
ঊনৈশ
শ সাতচল্লিশ চনত
ভাৰতক স্বাধীন কৰিলে ।
অহিংসাৰ বাণীৰে কীৰ্তি
তেওঁৰ অমূল্য হেঙুলীয়া ,
আদৰ্শ হৈ ৰ'ব
এয়়া
আমাৰ বাবে হৈ চিৰযুগমীয়া ।
তেওঁৰ জন্মদিনত সেয়ে
এগছি জ্বলাওঁ বন্তি..
পালন কৰোঁ
আমি
সৱে মিলি গান্ধী জয়ন্তী ।।
শ্ৰীকৰবী শ্যামগোহাঁই
বিদ্যালয়: আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰি
সহকাৰী শিক্ষয়িত্ৰী
শিক্ষা খণ্ড : ৰাণী
অলংকৰণ :- পল্লবী পাঠক
0 Comments