header ads

বিশ্ব প্ৰতিবন্ধী দিৱস | Assamese Article by Barnali Bharali Baishya

বিশ্ব প্ৰতিবন্ধী দিৱস 

 

                          ইংৰাজীত এষাৰ কথা আছে , ' Where there is a will there is a way ' . অৰ্থাৎ ইচ্ছা থাকিলে উপায়ো ওলায় । ইচ্ছাই দুৰ্গম পথো সুগম কৰি লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে । এই ক্ষেত্ৰত প্ৰতিবন্ধকতা কেতিয়াও সফলতাৰ পথত হেঙাৰ হ'ব নোৱাৰে । প্ৰতিজন মানুহে নিজস্ব ধ্যান - ধাৰণা আৰু ইচ্ছাশক্তিৰ অধিকাৰী হৈ জন্ম লাভ কৰে । পৰিৱেশ আৰু পৰিস্থিতিৰ চাকনৈয়াত এই ইচ্ছাবোৰ কেতিয়াবা জাহ যোৱাৰ পৰ্যায় পায় । কিন্তু সেই দুৰ্ভাগ্যক প্ৰত্যাহ্বান জনাই সফলতাৰ শিখৰ স্পৰ্শ কৰিব পৰাজনেই হ'ল বিশেষভাৱে সক্ষম ব্যক্তি । 

                           জন্মগতভাৱে  অথবা দুৰ্ঘটনাবশতঃ , শাৰিৰীক বা মানসিকভাৱে এক বা ততোধিক ক্ৰিয়া - কলাপ সম্পাদনত বাধাৰ সন্মুখীন হোৱা ব্যক্তিসকলেই হৈছে প্ৰতিবন্ধী লোক ।  বিশ্বৰ প্ৰায় দহ কোটি প্ৰতিবন্ধী লোকৰ আশী শতাংশই উন্নত দেশৰ বাসিন্দা । ভাৰতত ইয়াৰ সংখ্যা সাত কোটিতকৈও অধিক । অতিশয় দুৰ্ভাগ্যজনক যে শিক্ষা আৰু সংস্কাৰহীন সমাজ এখনত এনে প্ৰতিবন্ধী লোকসকল প্ৰায়েই উপেক্ষিত বা অৱহেলিত হোৱা দেখা যায় । প্ৰতিবন্ধী হিচাপে জন্ম লোৱাতো পাপৰ ফল বুলি ভাবি সামাজিক আৰু মাংগলিক কাৰ্যৰ পৰা তেওঁলোকক আঁ‌তৰত ৰখা হয় । মানুহ হিচাপে ভোগ কৰিবলগীয়া নূন্যতম অধিকাৰ আৰু সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হোৱাৰ ফলত তেওঁলোক মনোকষ্টত ভোগে আৰু লগে লগে হীনমন্যতাই তেওঁলোকৰ গোটেই জীৱন গ্ৰাস কৰি পেলায় । ফলাফলত তেওঁলোকৰ মাজত লুকাই থকা বিশেষ প্ৰতিভাসমূহ বিকাশ নৌহওঁ‌তেই  কলিতে মৰহি যায় আৰু এটা সময়ত তেওঁলোক পৰিয়াল আৰু সমাজৰ বোজা স্বৰূপ হৈ পৰে । 

                           এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবন্ধীসকলৰ কল্যাণ সাধনৰ উদ্দ্যেশ্যে  ১৯৭৬ চনত ৰাষ্ট্ৰসংঘই  ১৯৮১ বৰ্ষতো ' বিশ্ব প্ৰতিবন্ধী বৰ্ষ ' হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত একেই লক্ষ্য আগত ৰাখি ১৯৯২ চনত ৰাষ্ট্ৰসংঘই ৩ ডিচেম্বৰৰ দিনটো ( International Day of People with Disable : IDPwD ) 'বিশ্ব প্ৰতিবন্ধী দিৱস' হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে । তেতিয়াৰ পৰাই এই দিৱসতো প্ৰতিবন্ধীসকলৰ অধিকাৰ আৰু মৰ্যদা প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে পালন কৰা হয় । যেতিয়া আমি এখন অন্তৰ্ভূক্তিকৃত সমাজৰ কথা কল্পনা কৰো , তেতিয়া সেই সমাজত প্ৰতিবন্ধীসকলক অৱহেলা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ হাতত হাত ধৰি আগুৱাই যোৱাৰ ছবিহে মনলৈ আহে । এনে এখন সমাজ গঢ়ি তুলিবলৈ ১৯৯৪ চনত United  Nations Educational Scientific and Cultural Organization, চমুকৈ UNESCO ৰ অধীনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৮৬ নং সংশোধনীৰ জৰিয়তে অন্তৰ্ভূক্তিকৃত শিক্ষাৰ প্ৰচলন কৰা হয় । এই শিক্ষা ব্যৱস্থাই জাতি - ধৰ্ম - বৰ্ণ নিৰ্বিশেষে সকলো শিশুৰ লগতে প্ৰতিবন্ধী শিশুসকলকো সামৰি লৈ  চুবুৰীয়া  বিদ্যালয়ত নামভৰ্তিকৰণ , শিক্ষাত অংশগ্ৰহণ আৰু যাৱতীয় সকলো সা- সুবিধা লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । ইয়াৰ ফলত প্ৰতিবন্ধী শিশুসকলো যে সমাজৰ অবিচ্ছেদ্য অংগ তাক আন শিশুসকলে সৰুৰেপৰাই অনুধাৱন কৰিব পাৰিব আৰু প্ৰতিবন্ধী শিশুসকলৰ প্ৰতি বন্ধুত্বপূৰ্ণ আৰু সহায়ৰ মনোভাৱ গঢ়ি তুলিব পাৰিব বুলি আশা কৰা হৈছে । 

                         সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগতে প্ৰতিবন্ধী লোকসকলক লৈ প্ৰতিবছৰে ৩ ডিচেম্বৰ তাৰিখে পালন কৰা 'বিশ্ব প্ৰতিবন্ধী দিৱস'ৰ মূল লক্ষ্যসমূহ এনে ধৰণৰ ------


  • *প্ৰতিবন্ধীসকলে প্ৰতিদিনে সন্মুখীন হোৱা বিভিন্ন  সমস্যাৰাজিৰ বিষয়ে সাধাৰণ মানুহে বুজি উঠা ।
  • * প্ৰতিবন্ধী লোকৰ মানৱীয় অধিকাৰ , মৰ্যদা আৰু সন্মান সম্পৰ্কে সকলোকে সচেতন কৰোৱা  । 
  • * প্ৰতিবন্ধী লোকসকলক বুজি উঠা আৰু তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ উৎসাহিত কৰা । 

  • * এনে লোকে লাভ কৰিবলগীয়া মৌলিক অধিকাৰ আৰু সা - সুবিধাসমূহৰ বিষয়ে মানুহক সজাগতা প্ৰদান কৰা ।

  • *প্ৰতিবন্ধীসকলে সন্মুখীন হোৱা সমস্যাসমূহ  সমাধানৰ নতুন উপায় উদ্ভাৱন কৰা । 

  • * পৃথিৱীৰ সকলো মানুহৰ মাজত ভাতৃত্ববোধ আৰু পাৰস্পৰিক সহায় - সহযোগীতাৰ বাৰ্তা প্ৰেৰণ কৰা । 

         সাম্প্ৰতিকভাৱে এই কথা পোহৰলৈ আহিছে যে প্ৰতিবন্ধী লোকসকল বিভিন্ন কলা বা কাৰিকৰী দিশত আগবঢ়া হয় । তেওঁলোকৰ এই কলা - কুশলতা বিশেষভাৱে ঈশ্বৰ প্ৰদত্ত বুলি ক'ব পাৰি । সেয়ে তেওঁ‌লোকক প্ৰতিবন্ধী নুবুলি ' বিশেষভাৱে সক্ষম' বা ' দিব্যাংগ 'আখ্যা দিয়া হৈছে । পৃথিৱীত এনে বিশেষভাৱে সক্ষম ব্যক্তি বা দিব্যাংগসকলে নিজৰ প্ৰৱল ইচ্ছা শক্তি আৰু সাধনাৰে  চমক সৃষ্টি কৰিছে  যিটো সাধাৰণ মানুহৰ কল্পনাতীত আছিল । ১৯৪২ চনত ইংলেণ্ডত জন্ম গ্ৰহণ কৰা ষ্টিফেন হকিং মাত্ৰ বাৰ বছৰ বয়সতে ' motor neuron disease ' ৰ দ্বাৰা আক্ৰান্ত হৈ সম্পূৰ্ণৰূপে পক্ষাঘাতী হৈ পৰে আৰু এটা সময়ত তেওঁ বাকশক্তিও হেৰুৱাই পেলায় । কিন্তু নিজৰ ইচ্ছাশক্তি আৰু অধ্যাৱসায়ৰ ফলস্বৰূপে পিছত তেওঁ অক্সফৰ্ড আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানী হিচাপে সুখ্যাতি অৰ্জন কৰে । মাত্ৰ এটা আঙুলি আৰু গালৰ কিছু মাংসপেশীৰে তেওঁ‌ আনৰ লগত যোগাযোগ কৰিব পাৰিছিল । পদাৰ্থ বিজ্ঞানৰ বহুতো জটিল সূত্ৰ উদ্ভাৱনৰ লগতে 'A Brief History of Time ' নামৰ কালজয়ী গ্ৰন্থখনো তেওঁ লিখি উলিয়ায় । ঠিক একেদৰেই হেলেন কেলাৰ , ভাৰত সিং , অৰুণিমা সিনহা আদিৰ দৰে লোকসকল, যিসকলে নিজৰ প্ৰতিবন্ধকতাক নেওচি দেশৰ আৰু দহৰ কল্যাণ সাধন কৰি নিজকে মানৱ সম্পদৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে , তেওঁলোক সপোনপ্ৰিয় প্ৰতিজন মানুহৰ প্ৰেৰণাৰ উৎস । বিদ্যালয়সমূহত ' বিশ্ব প্ৰতিবন্ধী দিৱস' ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত  শিক্ষকে এওঁ‌লোকৰ বিষয়ে কৈ ছাত্ৰ - ছাত্ৰীক উৎসাহিত কৰা অতি প্ৰয়োজন । 

                       NCPEDP ( National Centre for Promotion of Employment for Disable ) এ প্ৰতিবছৰে বিশেষ ধৰণে ' বিশ্ব প্ৰতিবন্ধী দিৱস' পালন কৰে । হাজাৰৰো অধিক প্ৰতিবন্ধী লোকে এই অনুষ্ঠানত যোগদান কৰে । ইয়াৰ উপৰি তেওঁলোকৰ বন্ধু - বান্ধৱ , পৰিয়াল , সমাজৰ সাধাৰণ লোক , সংবাদ দাতাৰ দল আৰু ৰাজনৈতিক প্ৰতিনিধি পৰ্যন্ত উক্ত দিনটোত একগোট হৈ " WALK TO FREEDOM " প্ৰতীকেৰে প্ৰতিবন্ধীসকলক উৎসাহ আৰু অভিবাদন জ্ঞাপন কৰে । এই উদযাপনটোৰ মূলমন্ত্ৰ হৈছে " প্ৰতিবন্ধীসকলৰ সফলতা আৰু শিৰোন্নতৰ বাবে আমি সকলোৱে একগোট হৈ  চিন্তা কৰো আহা ।" এই ক্ষেত্ৰত NCPEDP য়ে বিদ্যালয় , মহাবিদ্যালয় , বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য প্ৰতিস্থান আৰু সংগঠন সমূহকো তেওঁলোকৰ সৈতে সহযোগিতাৰ ভাৱ ৰাখি প্ৰতিবন্ধী সকলৰ হকে কাম কৰিবলৈ আহ্বান জনায় । 

                 পৰিশেষত কব পাৰি যে , যেতিয়া আমি ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য আৰু নীতিসমূহক খামুচি  প্ৰতিবন্ধীসকলৰ অধিকাৰ আৰু মৰ্যদাক ৰক্ষণাবেক্ষণ দিব পাৰিম তেতিয়া আমি অন্য এক সমমৰ্যদাপূৰ্ণ পৃথিৱীৰ কাষ চাপিব পাৰিম । এই লক্ষ্যত উপনীত হোৱাৰ বাবে আমাৰ প্ৰথম আৰু প্ৰধান কৰণীয় হৈছে মানুহৰ মাজত এই সম্পৰ্কে চেতনা জাগ্ৰত কৰোৱা আৰু এই বিষয়ে মুক্ত আলোচনাৰ বাবে ' বিশ্ব প্ৰতিবন্ধী দিৱস 'ক উপলক্ষ  হিচাপে লৈ সকলোৱে অগ্ৰসৰ হোৱা উচিত । 

 **********************************

 

শ্ৰী বৰ্ণালী ভৰালী বৈশ্য

সহকাৰী শিক্ষয়িত্ৰী

শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয় ।

হাজো শিক্ষাখণ্ড



 অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments