header ads

ফাগুনৰ উপহাৰ ফাকুৱা | A poem by Bulu Rani Das

ফাগুনৰ উপহাৰ ফাকুৱা
ফাগুনৰ উপহাৰ ফাকুৱা  A poem by Bulu Rani Das

মলয়া বতাহজাকে সংগোপনে

আহি কিবা যেন কলে মোৰ কাণে কাণে ..

লগৰীৰ লগত তাহানিতে খেলা ৰঙৰ খেল ,

নাম যাৰ ফাকুৱা ।

নানাৰঙী ৰঙৰ সান্নিধ্যত

নিজকে পাহৰোঁ ,

ফাগুনৰ আকাশত পলাশ-শিমলুৰ ৰঙা ৰং

জিলিকিছে আকাশত

পূৰ্ণিমাৰ জ্বলা জোনটো হৈ ।

বসন্তৰ উৎসৱ ফাকুৱা--

বাটেপথে সকলোচোন ৰঙীন আজি ,

ব্ৰজভূমিত ৰাধাগোপীৰ সৈতে

কৃষ্ণ গোঁসায়ে খেলিছিল হোলী ।

বসন্ত উৎসৱৰ ৰং ধেমালি,

মৰম-প্ৰীতি চৌপাশে পৰিছে বিয়পি ৷

 **********************

 

শ্ৰী বুলু ৰাণী দাস

সহ: শিক্ষয়িত্ৰী

কেশৱ দাস প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড ৷

 

অলংকৰণ :- সংগীতা কাকতি

Post a Comment

0 Comments