header ads

আন্তৰ্জাতিক যোগ দিৱস



             যোগ হৈছে আধ্যাত্মিক বিজ্ঞান ৷ মানুহৰ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰধান উৎস হৈছে যোগ ৷ সংস্কৃত শব্দ 'যুজ'ৰ পৰা উৎপত্তি হৈছে যোগ শব্দ ।  ইয়াৰ অৰ্থ হৈছে সংলগ্ন কৰা । যোগে আমাৰ শৰীৰ, মন আৰু আত্মাক সংযোগ কৰি আমাৰ বিভিন্ন সুপ্ত শক্তিসমূহ জাগ্ৰত কৰে ৷ ই মস্তিস্কক সন্তুলিত কৰে, মন পবিত্ৰ কৰে, ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্ক স্থাপন কৰে ৷ বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছাশক্তিৰ অনুশাসন আনি শৃংখলাবদ্ধ কৰিব পৰা অভ্যাসটোৱেই হৈছে যোগাভ্যাস ৷ যিসকলে দক্ষতাৰে যোগ অনুশীলন কৰি উচ্চস্তৰৰ দৰ্শন লাভ কৰিব পাৰে সেইসকলেই হল যোগী ৷ আমাৰ পৌৰাণিক ইতিহাসে ঢুকি পোৱাৰে পৰা ভাৰতবৰ্ষত যোগ সাধনা,ধ্যানৰ অভ্যাস চলি অহাৰ কথা আমি জানোঁ ৷ ঋষিমুনিসকলে  গছৰ আকাৰ, জীৱ-জন্তুৰ আকৃতি অনুসৰণ কৰি যোগ অভ্যাস কৰিছিল ৷ প্ৰকৃতিৰ সৈতে প্ৰকৃতিৰ কোলাত বহি ঈশ্বৰৰ উপসনা কৰিছিল, এয়াই যোগ ধ্যান  ৷ উশাহ-নিশাহৰ বিষয়ে যি ধ্যান চৰ্চা কৰিছিল, সেয়া প্ৰণায়াম ৷ শ্ৰুতি অনুসৰি শিৱ হৈছে যোগৰ আদি গুৰু ৷

               বিশ্বৰ শান্তি আৰু সহযোগিতা বৃদ্ধিৰ মানসেৰে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ এটা প্ৰস্তাৱ আগবঢ়ায় ৷ ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱটো অনুমোদন জনাই উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন ২১ জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে ৷ ধ্যান আৰু যোগৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাই হৈছে এই দিৱস পালনৰ মূল উদ্দেশ্য ৷ ২০১৫ চনৰ ২১ জুনৰ দিনা সৰ্বপ্ৰথম বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেইটামান উদ্দেশ্যঃ

              ১) যোগৰ বিস্ময়জনক প্ৰাকৃতিক উপকাৰিতাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা৷

             ২) যোগ অভ্যাসৰ দ্বাৰা মানুহক প্ৰকৃতিৰ সৈতে সংযোগ কৰা৷

             ৩) যোগ অভ্যাসৰ যোগেদি মানুহক প্ৰতিকূল পৰিৱেশৰ পৰা উদ্ধাৰ কৰি মানসিক উদ্বিগ্নতা দূৰ কৰা৷

             ৪) স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী ৰোগসমূহৰ হাৰ হ্ৰাস কৰা৷

             ৫) ব্যস্ততাপূৰ্ণ জীৱনত স্বাস্থ্য ৰক্ষাৰ অৰ্থে এটা দিন ধাৰ্য কৰি যোগ অনুশীলনৰ যোগেদি শাৰীৰিক আৰু মানসিক ৰোগৰ প্ৰতি মানুহক সজাগ কৰি তোলা৷

             ৬)সমগ্ৰ বিশ্বক প্ৰগতিৰ পথত আগুৱাই নিয়া আৰু শান্তি স্থাপন কৰা৷

যোগ অভ্যাসৰ কেইটামান উপকাৰিতাঃ

             ১) শৰীৰৰ সুস্থতা, মনৰ স্থিৰতা বৃদ্ধি কৰাৰ উপৰিও স্নায়ু আৰু মাংসপেশী সুস্থ-সবল  কৰি তোলে ৷

             ২) বল, বুদ্ধি, উৎসাহ, স্মৰণ শক্তি আৰু মনোবল বৃদ্ধি কৰে ৷

            ৩) খাদ্য হজমকে আদি কৰি সৌন্দৰ্য বৃদ্ধি, বিভিন্ন ৰোগ আৰোগ্য কৰে আৰু আত্মবিশ্বাস বৃদ্ধি কৰে ৷

            ৪) তেজৰ সৰবৰাহ যথেষ্ট পৰিমাণে বৃদ্ধি হয় ফলত পৰিপুষ্টি লাভ কৰি পেটৰ মাংসপেশী আৰু যকৃত, বৃক্ক, অগ্নাশয় আদি উদৰ গহ্বৰত থকা অংগসমূহ সবল আৰু সুস্থ হৈ উঠে৷

           ৫) ৰাজহাড় হল মানুহৰ মেৰুদণ্ড৷ যোগে ৰাজহাড়ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, ফলত বুকুৰ গঠন সুন্দৰ হয়, সৌন্দৰ্য বৰ্দ্ধনত অৰিহণা যোগায় লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি শৰীৰ আৰু মনৰ শুদ্ধিকৰণ কৰে৷

           ৬) যোগে পঞ্চ ইন্দ্ৰিয়ৰো  বিকাশ সাধন কৰে৷ উশৃংখলতা,মনৰ চঞ্চলতা দূৰ কৰি স্থিৰতা, একাগ্ৰতা আৰু মনোবল বৃদ্ধি কৰে ।

            ৭) যোগ অভ্যাসে মানুহৰ অৱসাদ দূৰ কৰি শাৰীৰিক সজাগতা বৃদ্ধি কৰে ।

             বৰ্তমান যোগ শিক্ষাৰ বাবে বিভিন্ন  বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানত  সুকীয়া পাঠ্যক্ৰমৰ সৃষ্টি হৈছে ৷ বহুতো যোগ থেৰাপি চেন্টাৰৰ সৃষ্টি কৰা হৈছে ৷ যোগৰ ওপৰত গৱেষণা কেন্দ্ৰ স্থাপন হৈছে ৷ মুঠৰ ওপৰত বৰ্তমান সময়ত যোগাসনৰ গুৰুত্ব সকলোৱে বুজি উঠিছে৷ আমাৰ দেশৰ যোগশাস্ত্ৰ প্ৰধানকৈ দুটা ধাৰাত বিভক্ত ৷ এটা ৰাজযোগ আৰু আনটো হঠযোগ । ৰাজযোগ বা ধ্যানৰ  অভ্যাস নিয়মিত কৰিব পাৰিলে মানুহে নিজৰ মনটোক বশ কৰিব পাৰে ৷ ৰাজযোগে বিশেষভাৱে জোৰ দিয়ে মনঃশুদ্ধি সাধনৰ ওপৰত ৷ আনহাতে হঠযোগে বিশেষভাৱে জোৰ দিয়ে দেহ শুদ্ধিৰ ওপৰত ৷ 'শৰীৰমাদ্যং খলু ধৰ্মসাধনম'- শৰীৰেই সাধনাৰ ভিত্তিভূমি ৷ এই ভিত্তিভূমি সুদৃঢ় কৰিব পাৰিলে দেহ শুদ্ধ হব ৷ দেহ শুদ্ধ হলে মনো শুদ্ধ হব । ইয়াৰ বাবে মানুহে নিয়মিত আসন, প্ৰাণায়মৰ অভ্যাস কৰিব লাগে ।

                 যোগ সংস্কৃতিৰ বাবে ভাৰতক বিশ্বগুৰু হিচাপে জ্ঞান কৰা হয় ৷ মহৰ্ষি পতঞ্জলিয়ে ভাৰতৰ এই  যোগ সংস্কৃতিক লিখিত ৰূপ প্ৰদান কৰি যোগসূত্ৰৰ  ৰচনা কৰিছিল, যি বৰ্তমান আমাৰ মনুষ্য জাতিৰ বাবে আশীৰ্বাদস্বৰূপ  হৈ পৰিছে৷ আমাৰ পূৰ্বপুৰুষ ঋষিমুনিসকলৰ উদ্ভাৱন এই যোগ বিজ্ঞান সমগ্ৰ বিশ্বৰ বাবে বিস্ময়কৰ বস্তু , সমগ্ৰ  বিশ্বৰ পক্ষেই অমূল্য সম্পদস্বৰূপ । বৰ্তমান এই যোগ সংস্কৃতি  ভাৰততকৈ বিদেশত বেছি জনপ্ৰিয় হৈ পৰিছে । ভাৰতৰ যোগ সংস্কৃতিয়ে সকলোৰে দৈহিক, মানসিক, আত্মিক আৰু বৌদ্ধিক উত্তৰণ ঘটাই বিশ্বশান্তি প্ৰতিষ্ঠা কৰক সেয়াই সকলোৰে কাম্য৷

********************

চৈয়দ জিয়াউৰ ৰহমান

সহ শিক্ষক

কানিকুছি নিজবড়িগোগ  হাইস্কুল

ৰঙিয়া শিক্ষা খণ্ড ৷


অলংকৰণ:-সংগীতা কাকতি




Post a Comment

0 Comments