header ads

ৰাভা দিৱস |

ৰাভা দিৱস

এজন শিশু যে কেৱল পঢ়া-শুনাতেই ভাল হ'ব তেনে নহয় ।শিশু এজন পঢ়া-শুনাৰ উপৰিও আন দিশতো ভাল হ'ব পাৰে ।ঠিক তেনে এজন শিশু হৈছে ৰীতা।সম্পূৰ্ণ নাম ৰীতা দাস। মই লগ পোৱাৰ সময়ত ৰীতা আমাৰ ঘৰৰ ওচৰতে অৱস্থিত এখন চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল।সৰুৰেপৰাই তাই পঢ়া-শুনাত বৰ এটা ভাল ফলাফল দেখুৱাব পৰা নাছিল।বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি মাক-দেউতাক সকলোৱে বহুত যত্ন কৰিও তাইক পঢ়াৰ প্ৰতি মনোযোগ আনিব পৰা নাছিল যদিও আনবোৰ দিশত তাই অতি পাকৈত আছিল; যেনে নৃত্য-গীত আদি।কোনো গীত বা নৃত্য তাই এবাৰ চালেই অকণো ভুল নকৰাকৈ পিছত গাব বা নাচিব পৰা দক্ষতা তাইৰ আছিল।তাইৰ এই দক্ষতাৰ বিষয়ে বহুতে নাজানিছিল।

       ৰীতাৰ দেউতাকৰ নিজৰ বুলিবলৈ কেৱল এখন পাণ-তামোলৰ দোকান আছিল। অতি কষ্টৰ মাজেৰে তেওঁ ঘৰখন চলাই নিছিল। সেয়ে তেওঁৰ কন্যাই পঢ়া-শুনা কৰি এটা চৰকাৰী চাকৰি কৰাটো বিচাৰিছিল তেওঁ।

       ২০ জুন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। প্ৰতিবাৰৰ দৰে সেইবাৰো ৰীতাহতঁৰ বিদ্যালয়ত ৰাভা দিৱস পালন কৰা হৈছিল; কিন্তু সেইবাৰৰ কথাটো কিছু সুকীয়া আছিল।বিদ্যালয়খনে সেইবাৰ ২৫ বছৰ পূৰ্ণ কৰিছিল। সেয়ে ৰূপালী জয়ন্তী বৰ্ষ অনুযায়ী সেইবাৰ ৰাভা দিৱসটো ডাঙৰকৈ পাতিবলৈ যো-জা কৰা হৈছিল আৰু বিচাৰক হিচাপে উদীয়মান সংগীতশিল্পী এজনক নিমন্ত্ৰণ কৰা হৈছিল।উক্তদিনাখনৰ সংগীত প্ৰতিযোগিতাত ৰীতায়েও অংশ গ্ৰহণ কৰিছিল আৰু তাই বিচাৰকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। তাই সংগীত প্ৰতিযোগিতাত বিদ্যালয়ত প্ৰথমস্থান অধিকাৰ কৰিছিল।সংগীতৰ কোনো চৰ্চা অবিহনে যে তাই ইমান সুন্দৰকৈ ৰাভা সংগীতটো সকলোৰে আগত উপস্থাপন কৰিব পাৰিছিল!! সেয়ে ৰীতাক বিচাৰকজনে ব্যক্তিগতভাৱে এটা জলপানি আগবঢ়াইছিল, লগতে গ্ৰীষ্মবন্ধৰ সময়ত তাইক সংগীত প্ৰশিক্ষণৰ বাবে এটা সুবিধাও আগবঢ়াইছিল। তেতিয়াৰপৰা তাইক লৈ তাইৰ পিতৃ-মাতৃ বহুত সুখী।

       ১৫ বছৰ পাৰ হ'ল। সময়ৰ লগে লগে ৰীতাই সংগীতত মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলে আৰু বৰ্তমান তাইৰ এখন নিজাকৈ সংগীত বিদ্যালয় আছে।এতিয়া তাইৰ পিতৃৰ দোকানখন নাই আৰু ঘৰখনৰপৰা অভাৱবোৰো আতঁৰিল, ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব তাই মূৰ পাতি লৈছে।তাইৰ এনে পাৰদৰ্শীতাত তাইৰ পৰিয়ালৰ লোকসকলৰ উপৰিও ওচৰ-চুবুৰীয়া তাইক লৈ গৌৰৱান্বিত।

----------সমাপ্ত---------

 

চয়নিকা মালাকৰ 

(৯৬১৩৫৫২৭১২),

পদৱীঃ সহকাৰী শিক্ষয়িত্ৰী,

বিদ্যালয়ৰ নামঃ খোপনিকুছি নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়,

শিক্ষাখণ্ডঃ হাজো।


অলংকৰণ- পূবালী শইকীয়া দাস



Post a Comment

0 Comments