সোণৰ অসম
জন্ম লৈছোঁ অসমত
মৃত্যুকো আদৰিম অসমতে ,
জীৱনে-মৰণে মাতৃভূমিক
কৰি যাম শ্ৰদ্ধা ।
নাই হিংসা , নাই লোভ
নাই কোনো স্বাৰ্থ ,
নি:স্বাৰ্থ বাটেৰে আগুৱাই যাম
সুস্থ , সবল সমাজ গঢ়িম ।
কালধুমুহা আহিলেও
নকৰোঁ কালৈকো ভয়
লাচিতৰ তেজ আছে
আমাৰ গাত ।
বিদেশীৰ চতুৰালিত নাযাওঁ আমি ভোল
আছে আমাৰ মানৱতা
আছে আমাৰ ক্ষমতা ।
নিজ কৰ্মৰ শক্তিৰে
জনাই দিম বিশ্বক
আমি অসমীয়া , আমি অসমীয়া ৷
লেখকৰ ঠিকনা:
চুমি দাস।
শ্ৰেণী - দশমমান
চম্পকনগৰ ছোৱালী হাইস্কুল।
শিক্ষাখণ্ড - ছয়গাঁও।
0 Comments