ভূপেন দা




প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু

ভূপেন দা,

দেহৰ ৰন্ধে ৰন্ধে চিৰ প্ৰবাহমান

এটি মোহাচ্ছন্ন কণ্ঠ ।

যাৰ গানতেই লুকাই আছে

দেশ, প্ৰকৃতি নদী, পশু-পক্ষী

নাৰী, মাটি আৰু

গোটেই বিশ্বৰ ছবি

ভূপেন দা,

তোমাৰ গানৰ গভীৰতাত

লুকাই আছে জংকী পানৈৰ

মুচিব নোৱাৰা প্ৰেমৰ ছবি

আৰু আছে জাতি,মাটি,ভাষাক

ভাল পাবলৈ গভীৰ সকীয়নি ।

ভূপেন দা,

তোমাৰ গানতেই অনুভৱ কৰো

তাহানীৰ পৃথিৱীখনৰ ছবি

আৰু তোমাৰ অঘৰী জীৱনৰ

জীয়া উচুপনি

শদিয়াৰ পৰা ধুবুৰীলৈ,

ভলগাৰ পৰা মিচিচিপিলৈ

জোলোঙাত লৈ ফুৰিলা

শান্তি আৰু সমন্বয়ৰ বাণী

ভূপেন দা,

অগ্নিযুগৰ ফিৰিঙতি হৈ

নতুন অসম গঢ়াৰ আশাৰে 

পাহাৰ-ভৈয়াম, জাতি-জনগোষ্ঠী

এক কৰি গানেৰে সুৰেৰে

সমন্বয়ৰ দূত হৈ

নাৱেৰে, ৰেলেৰে, বাছৰে, জাহাজেৰে

ঘুৰি ফুৰি বিশ্ব-দৰবাৰত 

অসমীয়া সংস্কৃতি প্ৰতিষ্ঠা কৰিলা ।

ভূপেন দা,

ৰক্ত বৰ্ণে তপ্ত তীখা হৈ

হৃদয়ে হৃদয়ে জ্বলি থকা

এগছি অৰ্নিবাপিত বন্তি ।

লুইতৰ দুয়োপাৰ জিলিকাবলৈ

অজ্ঞান আন্ধাৰ নাশিবলৈ

বিজ্ঞানৰ জয় গান গাবলৈ

হে মহান শিল্পী

সৰগৰপৰা দিয়া সকলোকে

সময়ৰ সকীয়নি ।

ভূপেন দা,

তোমাৰ জন্মদিনৰ পবিত্ৰক্ষণত

যাচিছোঁ শত কোটি প্ৰণাম ।



সৰস্বতী দত্ত

ৰামদিয়া, হাজো