ভালপোৱাবোৰ কাহানিও নহয় ব্যৰ্থ,
তাতেই থাকে জীৱনৰ মহৎ অৰ্থ।
সমস্যাৰ দোহাই দি,
আন্তৰিকতাবোৰ নেপেলাবা সামৰি।
মৰমৰ কঠিয়া পাৰি ,
কৃত্ৰিমতা বৰ্জনেৰে গঢ়ো আঁহা
এখন ইন্দ্ৰজালিক পৃথিৱী।
কাৰোবাক অকণমান বেয়া পালেই
দলিয়াই নিদিবা হৃদয়ত মালা গঁঠা মৰমৰ নীলকান্ত মণি,
অব্যৰ্থ জীৱনৰ আনন্দ কেনেকৈ পাবা ?
অসহিষ্ণুতাই আসৈ পাই মুৰত উঠিব!
ব্ৰহ্মাণ্ড ঘুৰিলেও শান্তি নাপাবা তুমি!
বেয়া পাবলৈ তেনেই সহজ,
ভাল পাবলৈহে লাগে কলিজা বৃহৎ।
এই মায়াময় জীৱন নহয় সস্তীয়া,
আত্মহত্যাৰে সমস্যাৰ সমাধান বিচৰা!
ছয়াশী লাখ যোনি অতিক্ৰমী
অকণ অকণকৈ সঞ্চয় কৰা
মহাপুণ্যৰ ফল এই মানৱী কায়া,
উপলব্ধিৰে ঢুকি নোপোৱা।
ভালপোৱাবোৰ নিৰবধি বৈ নাথাকিলে
ছন্দময় জীৱনো স্থবিৰ হৈ পৰে ।
আত্মহত্যা মহাপাপ,
জীৱন উদযাপনৰ বাবে লাগে উচ্চ অভিলাষ,
সেয়াই অনন্ত বিলাস ,
তেজস্বী চিন্তাৰ অধিবাস।
অজানিতে আহে আত্মহত্যাৰ প্ৰবণতা,
মহাকাব্য, সংগীত আৰু মানুহৰ মাজলৈ যোৱা।
নালাগে অমৰত্ব, মৃত্যুও চিৰসত্য।
বিকৃত চিন্তা যে নহয় কাম্য,
সমাজ যিয়ে কৰে পথভ্ৰষ্ট ।বেদ বেদাংগৰে সমৃদ্ধ পুণ্যভূমি ভাৰতবৰ্ষ,
আত্মহননৰ কালিমাৰে নকৰিবা কলুষিত।
শিখা ৰাণী শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
হেক্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া


0 Comments