header ads

হেঁপাহৰ ভোগালী | Assamese poem by Mayur Kumar Kalita



পুহৰ শেষত আহে 

হেঁপাহৰ ভোগালী

লাৰু, পিঠা, সান্দহেৰে

আনোঁ ভোগালীক আদৰি

 

ন-চাউলৰ  ন-ভোজ 

কি যে মজা ! 

সকলোৰে  ঘৰে ঘৰে 

দৈ, গুৰ, চিৰা ।

 

বিহুৰ দিনা 

ঢলপুৱাতে উঠি,

তামোল-পাণ বান্ধি 

ওলাওঁ মেজিলৈ বুলি। 

 

মেজি জ্বলাই সকলোৱে

নাম- কীৰ্তন কৰি,

ডাঙৰৰপৰা আশীৰ্বাদ লওঁ

বছৰটো কুশলে যাওঁক বুলি।

+++++++++++++++++++++++++ 

 


শ্ৰী ময়ুৰ কুমাৰ কলিতা 

শ্ৰেণী-অষ্টম 

তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়

ৰাণী শিক্ষাখণ্ড

 

অলংকৰণ :- সুকন্যা ভৰদ্বাজ

Post a Comment

0 Comments