header ads

অসমীয়া প্ৰবন্ধ, লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেম, শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ

 লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেম

  আৰম্ভণি : পৃথিৱীলৈ এচামৰ পিছত এচাম মানুহ আহি আছে আৰু আঁতৰি গৈ আছে । তাৰ ভিতৰত কিছুমান ভোটাতৰাৰ দৰে জিলিকি আছে । যিজনৰ জন্মই কোনো এটা জাতি তথা কোনো এখন দেশৰ উন্নতি সাধে, যিজনৰ জন্মই জাতি এটাক সকলো পিনে আগবঢ়াই থৈ যায় তেওঁৰ জন্মই প্ৰকৃত জন্ম আৰু সেইসকল লোকেই পৃথিৱীত ভোটাতৰাৰ দৰে জিলিকি থাকে । এনেহেন এজন উজ্জ্বল ভোটাতৰা হ’ল অসমৰ পৰাক্ৰমী সাহসী বীৰ তথা দেশপ্ৰেমিক লাচিত বৰফুকন ।
          জন্ম আৰু বংশ পৰিচয় : লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি জনা যায় । আন কিছু সূত্ৰৰ মতে, ১৬১২ চনৰ ২৪ নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল । তেওঁ আছিল আহোমৰ প্ৰথমজন বৰবৰুৱা আৰু পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ । তেওঁৰ মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ ।  লাচিত বৰফুকন আছিল লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ লোক ।
          শিক্ষা :  লাচিত বৰফুকনে প্ৰাৰম্ভিক শিক্ষা নিজ গৃহতেই লাভ কৰিছিল । পিতৃ মোমাই তামুলী বৰবৰুৱাই তেওঁক শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষক নিয়োগ কৰিছিল । লাচিত বৰফুকন সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিৰ ল’ৰা আছিল । তেওঁ যি কামত ধৰিছিল তাকে বৰ সুচাৰুৰূপে সম্পন্ন কৰিছিল । ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে তেওঁ সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষাই গ্ৰহণ কৰিবলগীয়া হৈছিল । যেতিয়া লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত আছিল তেতিয়াই তেওঁ পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াৰ সৈতে দৈনন্দিন হোৱা ৰাজনৈতিক, অৰ্থনৈতিক, কূটনৈতিক, সামাজিক আদি দিশৰ আলোচনাৰপৰা বহুতো জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল ।
          কৰ্মজীৱন : স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত লাচিত বৰফুকনে তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল । তেওঁ মৰ্যাদা লাভ কৰা প্ৰথমটো পদ আছিল ‘হাঁচতিধৰা তামুলী’ । এই পদবীত লাচিত বৰফুকনে মন্ত্ৰীৰ তামোল-পাণ আৰু কাগজ-পত্ৰ লৈ যাব পাৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ঘোঁৰাবৰুৱাৰ পদত নিযুক্তি পাইছিল । এই পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে তেওঁ ঘোঁৰাসমূহ সঠিকভাৱে তত্ত্বাৱধান কৰাৰ উপৰিও বহুকেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল । ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত লাচিত বৰফুকনক দুলীয়া বৰুৱা পদত নিযুক্তি দিছিল । ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা আদি পদবীত সুকলমে দায়িত্ব সম্পন্ন কৰিছিল । লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই সেনাপতি পাতিবৰ বাবে এজন উপযুক্ত ব্যক্তি বিচাৰিছিল । সেই সময়তে স্বৰ্গদেৱে লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল । লাচিত বৰফুকনৰ সাহসিকতা আৰু কষ্টসহিষ্ণুতা দেখি স্বৰ্গদেৱে  সোণৰ মুঠিৰে বন্ধা হেংদান নিজ হাতেৰে উপহাৰ দি লাচিতক বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত কৰি মোগলক ভেঁটিবলৈ দায়িত্ব অৰ্পণ কৰিছিল ।
          বীৰত্ব আৰু দেশপ্ৰেম : লাচিত বৰফুকনে সেনাপতিৰ দায়িত্ব লৈয়েই দেশৰ সৈন্যসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল । ১৬৬৭ খ্ৰীষ্টাব্দত তেওঁ এদল সৈন্যসহ গুৱাহাটী উদ্ধাৰৰ বাবে মোগল ফৌজৰ লগত যুদ্ধ কৰিছিল । যুদ্ধত মোগলক পৰাস্ত কৰি আহোমে মোগল ফৌজদাৰ চৈয়দ ফিৰোজ খাঁৰ অধীনৰ পৰা ক্ৰমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বৰনদীমুখৰ বাঁহবাৰী আৰু দক্ষিণ পাৰৰ কাজলিগড়, গুৱাহাটী আৰু ইটাখুলি দুৰ্গ অধিকাৰ কৰিছিল ।  মোগল ফৌজদাৰ চৈয়দ ফিৰোজ খাঁ আৰু মীৰবক্স আহোমৰ হাতত বন্দী হৈছিল ।
          যুদ্ধত পৰাজয় হোৱাৰ বাতৰিটো শুনি মোগল সম্ৰাট ঔৰংগজেৱে অতি অপমানিত বোধ কৰিছিল । পৰাজয়ৰ পোতক তুলিবৰ বাবে তেওঁ অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত ১৬৬৮ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক, ১৫,০০০ কাড়ী সৈন্য আৰু ৩০ খন যুদ্ধ জাহাজ লৈ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়াইছিল ।  লাচিত বৰফুকনে অলপো বিচলিত নহৈ শত্ৰুৰ সৈতে পৰাক্ৰমেৰে যুঁজ দিবলৈ অসমীয়া সৈন্যসকলক আহ্বান জনাইছিল আৰু সকলোকে নিজৰ কৰ্তব্যত অৱহেলা নকৰাৰ বাবে সকীয়নি দিছিল । সেই সময়ত মোগলে কামৰূপ জিলাৰ পছৰীয়াৰ আলাবৈ পাহাৰৰ দাঁতিত বাহৰ পাতি আছিল । এই আলাবৈ ক্ষেত্ৰতেই ১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্ট তাৰিখে আহোম আৰু মোগলৰ মাজত এখন তয়া-ময়া ৰণ হৈছিল । এই ৰণখনেই আছিল “আলাবৈৰ ৰণ” । এই ৰণত প্ৰায় ১০,০০০ আহোম সৈন্যই প্ৰাণত্যাগ কৰিছিল । আলাবৈৰ ৰণৰ পৰাজয়ে লাচিত বৰফুকনৰ মনলৈ হতাশা আনিছিল । কিন্তু বিচক্ষণ প্ৰধানমন্ত্ৰী আতন বুঢ়াগোঁহায়ে অশেষ বুজনিৰে তেওঁক শান্ত কৰিছিল । বুঢ়াগোঁহায়ে কৈছিল , “ বাৰীৰ ভিতৰত পুখুৰী খান্দিলেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে । এয়া ৰণহে হৈছে , গতিকে দুই চাৰিজন লোক কিয় নমৰিব ?” লাচিতেও বুঢ়াগোঁহাইৰ কথা বিবেচনা কৰি নিজৰ সিদ্ধান্ত সলাই পুনৰ উৎসাহেৰে পৰৱৰ্তী যুদ্ধৰ বাবে সাজু হৈছিল । প্ৰকৃতাৰ্থত এনেবোৰ গুণৰ সমাৱেশেই আছিল শৰাইঘাটৰ ৰণৰ বিজয়ৰ মূল অস্ত্ৰ ।
          ১৬৭১ খ্ৰীষ্টাব্দত আমিনগাঁৱৰ ওচৰৰ শৰাইঘাটত আহোম আৰু মোগলৰ মাজত ঐতিহাসিক শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল । আহোম সেনাপতি লাচিত বৰফুকনে মোগলক ভেটা দিবলৈ আজ্ঞাঠুৰীৰ পৰা গুৱাহাটীলৈ অহাৰ বাটত একে ৰাতিতে এটা গড় নিৰ্মাণৰ দায়িত্ব মোমায়েকৰ হাতত অৰ্পণ কৰিছিল । শেষ ৰাতি গড় নিৰ্মাণৰ কাম চাবলৈ গৈ দেখিছিল যে গড়ৰ কাম তেতিয়াও বহুত বাকী । লাচিতে মোমায়েকক গড়ৰ কাম ইমান কিয় বাকী বুলি সোধাত মোমায়েকে কৈছিল, “ বোপাদেউতা ! মানুহবিলাক কাম কৰি কৰি ভাগৰি পৰিছে । সিহঁতেনো আৰু কিমান কৰিব ”৷ দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে  “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি চিঞৰি উঠিছিল আৰু মোমায়েকক শিৰশচ্ছেদ কৰিছিল । লাচিতৰ এই অগ্নিমূৰ্তি দেখি বনুৱাবিলাকে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰিছিল । এই গড়টোক ‘মোমাইকটা গড়’ নামেৰে জনা যায় । লাচিতে ভবামতে পিছদিনাই সেই ঠাইত মোগল সৈন্যই গড় ভাঙিবলৈ বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছিল ।
          ৰামসিংহই আহোম সৈন্যক বলে নোৱাৰি ব্ৰহ্মপুত্ৰৰে উজাই আহি গুৱাহাটী অধিকাৰ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু , দুৰ্ভাগ্যবশত: আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল , অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নাৱত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল,“ অসমীয়া বনুৱাসকল, মই যুঁজিহে মৰিম । নাইবা, মোক বঙালে ধৰি লৈ যাওঁক, তোমালোকে সুখেৰে ঘৰলৈ যোৱা”৷ এই কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিছিল আৰু দুগুণ সাহসেৰে যুঁজিবলৈ আগবাঢ়ি গৈছিল । অসমীয়া সেনাৰ আগত তিষ্ঠিব নোৱাৰি মোগল সৈন্য পলাইছিল আৰু অসমীয়া সেনাই মোগলক মানাহ নদী পাৰ কৰি খেদি পঠিয়াইছিল । মোগল শক্তিক পৰাভূত কৰি লাচিত বৰফুকনে দেশ ৰক্ষা কৰিছিল আৰু দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠতা তথা নিৰ্ভীকতাৰ পৰিচয় দিছিল ।
          মৃত্যু : অসমীয়াৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান মহাবীৰ লাচিত বৰফুকনে শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই অকালতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল । ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাবটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয় ।
          সামৰণি : লাচিত বৰফুকন সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস । লাচিতৰ বীৰত্ব আৰু দেশৰ প্ৰতি থকা আত্ম সন্মানবোধৰ বাবেই আজি আমি নিজকে জগতত গৌৰৱেৰে পৰিচয় দিব পাৰিছোঁ । লাচিত নাথাকিলেও আজি লাচিতৰ মহান আদৰ্শৰ চানেকি অসমীয়াৰ মনে-প্ৰাণে সজীৱ হৈ আছে । অসমীয়া নৱ প্ৰজন্মৰ বাবে লাচিত বৰফুকন সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক হৈ ৰ’ব । লাচিত বৰফুকনৰ মহান আদৰ্শক জীয়াই ৰাখিবলৈ তেখেতৰ জন্মদিন ২৪ নৱেম্বৰ তাৰিখটো প্ৰতি বছৰে ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয় । লাচিত বৰফুকনৰ ৪০০ বছৰ জন্মজয়ন্তীত মহান বীৰজনলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ।


__________________________
উৎসসমূহ :    (১) সমাজ বিজ্ঞান : অষ্টম শ্ৰেণী ।
                      (২) মাহেকীয়া আলোচনী : অকণিৰ অগ্ৰদূত আৰু মৌচাক ।
                      (৩) সংবাদ পত্ৰ : অসমীয়া প্ৰতিদিন ।


শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
মোবাইল নম্বৰ : ৮৬৩৮৮৭৪৯৭৮
তৃতীয় বৰ্গৰ কৰ্মচাৰী
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল , আমিনগাঁও

Post a Comment

0 Comments