সেউজীয়া পাতৰ কাহিনী
মই সেউজীয়া
মোৰ দুবাহুত বিশাল আকাশ ।মোৰ জৰিয়তে পাবা
প্ৰকৃতিৰ বিশালতা ।
মোৰ বাবে তুমি জীয়াইছা
বিৰিঙিছে আকাশত হাঁহি
মোৰ ছায়াতে তুমি পাবা হিমশীতল বতাহ
মই দিম তোমাক ফল , ফুল আৰু বৰষুণ ।
মই বতাহ , সৌন্দৰ্য , উদ্ভিদ , অৰণ্য
মোক হাত মেলিলেই পাবা
মই আছোঁ , সেউজীয়া আছে
ধৰাত জীৱ আছে ।
মোক তুলি ধৰা , মৰম কৰা
মোক মাৰি নেপেলাবা , নামাৰিবা ।
মোক বচোৱা , বচোৱা , ধৰণীখনৰ বাবে
নহ’লে যে গোলকীয় উষ্ণতা বাঢ়িব ।
তোমাৰ ভুলৰ বাবে ভুগিব কোনে ?
ভাবি চোৱা
নৱপ্ৰজন্ম ধ্বংসৰ ভাগি কোন ?
মানৱীয়তা বিনষ্ট নকৰিবা ।
আহা , সকলোৱে এজোপা গছ ৰোৱা
আই মাতৃক জীয়াব দিয়া ।
সুখৰ সেউজীয়া নৈখন ববলৈ দিয়া
দায়িত্ব তোমাৰো , ভৱিষ্যতৰ বাবে ।
আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা
তুমিও লিখা সেউজীয়া পাতৰ কাহিনী ।
পুষ্পাঞ্জলি পাংগিং গাম
বৰপতিমা প্ৰাথমিক বিদ্যালয় ,


0 Comments