ই-আলোচনী জ্ঞানম
তত্বাৱধায়িকাৰ একলম-
‘ যিমানে কিতাপ পঢ়িবলৈ শিকে সিমানেই ভাবিবলৈ শিকে' ---- জৱাহৰলাল নেহৰু
২০২০ চনৰ ১৬ আগষ্ট, ‘জ্ঞানম’ৰ যাত্ৰাৰ প্ৰথম খোঁজ । কোভিড-১৯ অতিমাৰীৰ সংক্ৰমণৰ এক সংকটপূৰ্ণ পৰিস্থিতিৰ সময়তে কামৰূপ জিলাৰ এচাম উদ্যমী শিক্ষকৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত শৈক্ষিক গোট,জ্ঞানম , কামৰূপৰ জন্ম হয় ৷ উদ্দেশ্য- বৈদ্যুতিন অৰ্থাৎ ই-আলোচনী এখন প্ৰকাশৰ জড়িয়তে কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক সমাজৰ সৃষ্টিশীলতা তথা বৌদ্ধিক চিন্তাধাৰাৰ বিকাশ আৰু শৈক্ষিক ক্ষেত্ৰখনত কিছু ধনাত্মক চিন্তাৰ অৰিহণা যোগোৱা । সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত ‘শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ হৈ দুমহীয়া ই-আলোচনী ‘জ্ঞানম’ৰ প্ৰকাশৰ সিদ্ধান্ত লোৱা হ’ল । সিদ্ধান্ত অনুসৰি দুমহীয়া ই-আলোচনী প্ৰকাশ কৰা হয় যদিও পৰবৰ্তী পৰ্যায়ত তিনিমহীয়াকৈ প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু সেইমতে তিনিমহীয়াকৈ প্ৰকাশ কৰি অহা হৈছে । আমাৰ এই যাত্ৰা পথৰ সংগী , শুভাকাংক্ষী সকললৈ যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত । আপোনালোক অবিহনে জ্ঞানমৰ যাত্ৰা স্থবিৰ ।
সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে বিগত ২০২০ চনত ‘শৈক্ষিক গোট জ্ঞানম্ কামৰূপৰ উদ্যোগত আৰু ‘সমগ্ৰ শিক্ষা কামৰূপ’ৰ সহযোগত আৰম্ভ কৰা ‘জ্ঞানম’ ই-আলোচনী খনে ইতিমধ্যে চাৰিটা বছৰ সফলতাৰে সম্পন্ন কৰি পঞ্চম বছৰৰ তৃতীয়টো সংখ্যাৰ প্ৰকাশৰ বাবে সম্পাদনা সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে । অনলাইন যোগে সম্পাদনা কৰা , অলংকৰণ , প্ৰকাশৰ বাবে লেখা সমূহ নিৰ্বাচন , ৱেবচাইটত আপলোড , পি ডি এফ সংস্কৰণ আদি কাৰ্য সমূহ সমাপন কৰাৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজৰ নিজৰ দায়িত্ব পালন কৰা সমূহ সন্মানীয় সদস্য আৰু শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টা মহোদয়ৰ সু-দিহা পৰামৰ্শেৰে যথা সময়ত প্ৰকাশৰ কাৰণে সাজু কৰি তোলাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ ৷
সদৌ শেষত শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ তৰফৰ পৰা আমাৰ এই পাঁচ বছৰীয়া যাত্ৰাত আমাক উৎসাহিত কৰা প্ৰতিগৰাকী লেখক , পঢ়ুৱৈ , পৰামৰ্শদাতা , সাহিত্যপ্ৰেমী , বিষয়া , কৰ্মচাৰী , শুভাকাঙ্খী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..।
আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ৷
ফুলপাহি নাথ , তত্বাৱধায়ক,
ই-আলোচনী , 'জ্ঞানম' ।
0 Comments