(জুবিন গাৰ্গৰ সশ্ৰদ্ধ সোঁৱৰণত)
তৰোৱাল খনৰ তীক্ষ্ণ ধাৰ !
তাৰ চোক কমাবলৈ সিহঁতে মনে মনে চেষ্টা কৰে মানুহবোৰে হাড়ৰ তলত লুকাই থয় তৰোৱালখন সংগোপনে ।
তৰোৱালখন সিহঁতে বিচাৰি ফুৰে
পলাতক আচামী যিদৰে পুলিচে বিচাৰে
নদীবোৰত
পাহাৰবোৰত
জুপুৰী ঘৰবোৰত
ফুটপাথত
হাঁহৰ গড়ালবোৰত
ৰোগীৰ প্ৰেচকিপশ্যনবোত
শিশুৰ অপাপ চাৱনিবোৰত
ইউকেলিপ্তাচ গছবোৰত
এনেকি
ৰঙা সেনাৰ লংমাৰ্চত ।
তৰোৱালখন নাই
নাই মানে নায়েই ।
তৰোৱালখন তৰোৱাল নহয়
তৰোৱালখন গান
শান দিয়া গান
ধান দিয়া গান ।
১৯ চেপ্তেম্বৰত সাগৰতলিত পৰি আছিল তৰোৱালখন ।
প্ৰীতিমণি দাস
সহকাৰী শিক্ষয়িত্ৰী
চম্পকনগৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও


0 Comments