header ads

অসমীয়া প্ৰবন্ধ, শিক্ষা, শিক্ষক আৰু সাম্প্ৰতিক কিছু চিন্তা , প্ৰিয়ংকা দাস , ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 শিক্ষা, শিক্ষক আৰু সাম্প্ৰতিক কিছু চিন্তা 




শিশু, শিক্ষা আৰু শিক্ষক - সমাজৰ পৰিকাঠামত এই তিনিটি বিন্দু অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয় । এই তিনিটি বিন্দুই নিৰ্মাণ কৰা ত্ৰিভূজটোত আৱদ্ধ হৈ থাকে সমাজ এখনৰ ভৱিষ্যত আৰু সামগ্ৰিক বিকাশ। গুৰু-শিষ্যৰ শ্ৰদ্ধাশীল তথা আন্তৰিক সম্পৰ্কই সময়ৰ লগে লগে তৰপ সলাইছে, কিন্তু ইয়াৰ গুৰুত্ব কমি অহা নাই । শিক্ষক হিচাপে আমি শিশুসকলৰ বাবে প্ৰয়োজনীয় উৰ্বৰ ভূমি নিৰ্মাণৰ চেষ্টাত সদায় ব্ৰতী । শিক্ষক দিৱসৰ দিনটোত এই উক্তি নতুনকৈ দোহৰাৰ কোনো প্ৰয়োজন নাই যদিও এই দিৱসৰ প্ৰাসংগিকতালৈ লক্ষ্য ৰাখি কৰ্মক্ষেত্ৰৰ চিন্তা ভাৱনাবোৰ জুকিয়াই চাবলৈ প্ৰয়াস কৰিছো । 


শিশুৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ কঠিয়াতলী বিদ্যালয়খনৰ ওপৰিও আপোন ঘৰখন, চৌপাশৰ সমাজ আৰু শিশুটিৱে লাভ কৰা সামগ্ৰিক পৰিৱেশ । অৱশ্যে বিদ্যালয়ত শিক্ষকৰ তত্বাৱধানত সুপৰিকল্পিত বিজ্ঞানসন্মত নীতি আৰু সময়ৰ সোঁতত সোঁত মিলাই তৈয়াৰ কৰা শিকন শিক্ষণ ব্যৱস্থাৰ মাজেৰে শিশুৰ যি স্ফুৰণ ঘটে, সেয়া হয়তো পাৰিৱেশিক ক্ৰিয়া আৰু চৌপাশৰ পৰা সুশৃংখলিতভাৱে সম্ভৱ নহয় । বিদ্যালয় আৰু শিক্ষানীতিৰ প্ৰাসংগিকতা ইয়াতেই । শিক্ষক বুলিলেই আগতে মনলৈ ভাহি অহা চৰিত্ৰটো নিশ্চয়কৈ এতিয়া বহু সালসলনি হৈছে । শাসকেই শিক্ষকৰ মৰ্যাদা লঘু কৰা সময়ত পৰিৱৰ্তনৰ ভাল বেয়া সকলো কথাকেই অনুধাৱন কৰাৰ ক্ষমতা সমাজৰো থাকিব লাগিব । শিক্ষকৰ ছৱিখন আঁকিবলৈ ধৰোতে শিল্পীৰ হাতত হয়তো চাইকেলৰ ঠাইত বাছ অথবা বাইক আৰু মেখেলা চাদৰযোৰৰ ঠাইত চুৰিদাৰ কামিজৰ নব্য সংযোজন ঘটিব । পৰিৱৰ্তনৰ লগে লগে আগমন ঘটা আশাপ্ৰদ শিক্ষা ব্যৱস্থাৰ অধীনত যিবোৰ সালসলনি কৰা হৈছে, তাৰ কেন্দ্ৰীভূত বিষয়টোৱেই হৈছে শিশুৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তা । গতিকে আজিৰ শিক্ষকসকল এই উদ্দেশ্য লৈ বদ্ধপৰিকৰ । 


শিশুৰ বিকাশৰ প্ৰত্যক্ষদৰ্শী বিদ্যালয়ৰ শিক্ষক এগৰাকীয়ে সততে শিশুৰ উত্তৰণ আৰু অৱদমনৰ বহুবোৰ কাৰকৰ মুখামুখি হবলগা হয় । সমাজ আৰু বাস্তৱিক জগতৰ কঠোৰ সত্যবোৰ শিক্ষকসকলে বিদ্যালয়সমূহত বৰ কৰুণভাৱে দেখি যায় । আধুনিক পৃথিৱীৰ ভূ ভা নোপোৱা শিশু, উন্নয়নৰ পৰা বিচ্ছিন্ন ঠাইবোৰৰ শিশু, কেৱলমাত্ৰ মধ্যাহ্ন ভোজনৰ আশাত তিনিঘন্টা শ্ৰেণীত বহি থকা শিশু, পুৱাই শুদাপেটে বিদ্যালয়লৈ বাট বুলা শিশুবোৰৰ মুখামুখি হোৱাটো শিক্ষকসকলৰ বাবে সঁচাকৈয়ে এক প্ৰত্যাহবান । বহুসময়ত শিশুটিৰ মধ্যাহ্ন ভোজনৰ ভাতসাঁজেৰেই অভিভাৱকৰো পেট পুহি থকা কাৰ্য্যও নিজ কৰ্মক্ষেত্ৰতেই দেখিবলৈ পাইছো । ঠাণ্ডাত জোতা মোজা নোহোৱাকৈ সেৰেঙা লগা ভৰিবোৰ যেতিয়া দেখিবলৈ পাওঁ, জোতা থকা প্ৰতিখন ভৰিলৈ বিতৃষ্ণা জন্মে- নিজকো সামৰি । ডিজিটেলাইজ কৰিবলৈ লোৱা প্ৰতিটো চৰকাৰী খণ্ডৰ মাজত আটাইতকৈ বেছি পয়মাল নিশ্চয় শিক্ষাখণ্ডতে দেখিবলৈ পোৱা গৈছে । আধাৰৰ নামভৰ্তিৰ বাবে এদিন দুদিনলৈ হাজিৰা বাদ দি শাৰী পাতি থকা অভিভাৱকক সকাহ দিবলৈ আমাৰ হাতত একো নাথাকে, সান্তনাৰ বাহিৰে । এই শিশুৰ লালন পালন আৰু পাঠ পৰিকল্পনা কৰোতে শিক্ষকে সদায় নিজৰ কৰ্মসীমা অতিক্ৰমি কিছুমান কাম কৰিবলগীয়া হয় । আকৌ ইন্ষ্টাগ্ৰামৰ ৰীল চাই চাই বলিউডী নকল কাৰবাৰ এটা শিকিবলৈ ধৰা শিশুবোৰ আৰু চৰকাৰী আঁচনিৰ অধীনত থাকি কৰ্মত নিষ্ক্ৰিয় হৈ পৰা অভিভাৱকৰ শিশুবোৰক সঠিকৰূপে গঢ় দিয়াটোও অন্য এক ন-প্ৰত্যাহবান । ধৰ্মীয়, বৰ্গীয়, লৈংগিক আৰু বিভেদকামী চিন্তাৰে পশ্চাদগামী হবলৈ ধৰা সমাজ এখনৰ মাজত থাকি উঠন শিশুসমূহক কিদৰে মানৱজাতিৰ সহায়ক হোৱাকৈ নিপুন কৰি তুলিব পাৰি, বৰ্তমান শিক্ষক সমাজৰ বাবে সেয়া এক ডাঙৰ প্ৰশ্ন । 


আমি বিচাৰো গুনোৎসৱে আনি দিয়া উৎসৱমূখৰ পৰিৱেশবোৰ, শিক্ষক দিৱসৰ পৱিত্ৰতা আৰু উৎসাহবোৰ কোনো বিশেষ দিনত আৱদ্ধ নহৈ বিদ্যালয়সমূহত বছৰজুৰি বৈ থাকক ।

বৌদ্ধিক চৰ্চাত ইবোৰ কথাই স্থান পাওক । তাত স্থানীয় ৰাইজ, অভিভাৱকৰ ভূমিকাও লক্ষ্যনীয় । এই ফলাফল এদিনৰ অথবা এজন মাত্ৰ ব্যক্তিবিশেষৰ বাবে সম্ভৱ নহয়, ই তেতিয়াহে সম্ভৱ যেতিয়া শিক্ষকৰ সমানেই স্থানীয় লোক আৰু অভিভাৱকেও আধুনিক শিক্ষাদান ব্যৱস্থাক বুজি লৈ শিকণ শিক্ষণ প্ৰক্ৰিয়াত জড়িত হৈ পৰিব আৰু সমাজৰ উত্তৰোত্তৰ উন্নতিৰ কামনাৰে বৰ্গীয়, ধৰ্মীয় চেতনাৰ বাহিৰলৈ আহি প্ৰতিগৰাকী শিশুৰ বাবে তৈয়াৰ কৰিবলৈ লব এক সুন্দৰ, নিৰাপদ আৰু আশাৰ পৰিৱেশ ।




প্ৰিয়ংকা দাস 

সহকাৰী শিক্ষয়িত্ৰী 

হাজো ভিপি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments