সফলতা, বিফলতা আৰু হতাশা
জন্ম আছে য’ত, মৃত্যুও আছে ত’ত । জন্ম-মৃত্যুৰ এই ধাৰা সকলো জীৱৰ ক্ষেত্ৰতে চিৰ প্রবহমান । পৃথিৱীত দুদিনৰ আলহী সকলো । কোনে, ক’ত, কেতিয়া, কেনেকৈ এই জীৱনৰ পৰা আঁতৰি যাব লগা হয় তাৰ কোনো ঠিকনা নাই । তথাপি মানুহে সপোন দেখে । সপোন দেখাতো যেনেকৈ স্বাভাৱিক, উচ্চাকাংক্ষা থকাটোও তেনেকৈয়ে স্বাভাৱিক । কিন্তু সেই সপোন বা উচ্চাকাংক্ষা পূৰণ নহ’লে হতাশাত ভুগি নকৰিবলগীয়া কাম কৰিব নালাগে । আমাৰ যোগ্যতাৰে আমি কাম কৰি গ’লেও কেতিয়াবা আশা কৰা ধৰণেৰে সফলতা নাহিব পাৰে । সেইবুলি তাতেই আমি হতাশ হ’ম জানো? সমাজক আমি বিভিন্ন প্ৰকাৰে অৰিহণা যোগাব পাৰোঁ । মানুহৰ মংগলৰ কাৰণে, সমাজৰ প্ৰগতিৰ কাৰণে বা পৰিয়ালৰ উন্নতিৰ কাৰণে কেৱল যে উচ্চ পদস্থ চৰকাৰী বিষয়া হ’বই লাগিব, তেনে কোনো কথা নাই । সাধাৰণ মানুহ হিচাপেও আমি যদি সৎ কৰ্মৰ জৰিয়তে সৰ্বসাধাৰণৰ বাবে সেৱা আগবঢ়াব পাৰোঁ, সেইখিনিয়েই আমাৰ মানসিক শান্তি । নিজৰ ভাই-ভনীৰ কাৰণে কিবা এটা ভাল কাম কৰাৰ যি শান্তি, ওচৰতে বিপদত পৰা মানুহক সহায় কৰি পোৱা যি মানসিক শান্তি, বৃদ্ধ মাক-দেউতাকক সেৱা কৰি পোৱা যি মানসিক সুখ কিম্বা শান্তি, সেই সুখ-শান্তি লাখ টকা দিলেও বজাৰত কিনিবলৈ পোৱা নাযায় । মানুহে প্রতিদিনে এটা হ’লেও ভাল কাম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সেই ভাল কামৰ জৰিয়তে পাৰ হৈ যোৱা সময়খিনিক সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে । আজিৰ এটা ভাল কামেই কালিলৈৰ ভৱিষ্যত প্রজন্মৰ বাবে ইতিহাস হ’ব । কর্মই ধর্ম । কেৱল চিন্তা-ভাবনাৰে, আবেগেৰে মানুহে আকাংক্ষিত ফল পাব নোৱাৰে। চিন্তা-চৰ্চা আৰু কৰ্মৰ সমন্বয়তহে জীৱনৰ গতি আগবাঢ়ে । ভাল চিন্তাই ভাল সপোন দেখুৱায় আৰু কৰ্মই জীৱনৰ গতি প্রদান কৰে । কৰ্মৰ দ্বাৰাই জীৱনৰ মহত্বপ্রাপ্তি হয় । এলেহুৱা, কর্ম-বিমুখিতা আৰু অনুশাসনহীনতাই জীবন ব্যর্থ হোৱাৰ ঘাই কাৰণ । মানুহে জন্ম লয় একো নোহোৱাকৈ, কিন্তু মৃত্যু হয় এটা নামৰ সৈতে । You are born without anything but die with your name. The name must not be a word. It must be a history.
সমাজৰ বাবে কিবা নহয় কিবা এটা কৰি যোৱাৰ মানসেৰে আমি সকলোৱে মহৎ লোকৰ জীৱন-শৈলী সৰুৰে পৰাই অনুকৰণ কৰিব লাগে । মাক-দেউতাকে নিজৰ সন্তানক লৈ সৰুৰে পবাই সপোন দেখে তেওঁলোকৰ সন্তান শ্রেণীত সদায় প্রথম হওক, সকলো বিষয়তে সর্বোচ্চ নম্বৰ লাভ কৰক ইত্যাদি । নহ’লে যেন তেওঁলোকৰ আত্মসন্মান নৰ’ব । সেয়ে সিহঁতক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰে । পঢ়া, টিউচন, নম্বৰ এইবোৰৰ বাহিৰে তেওঁলোকে একো চিনি নাপায় । ফলত সন্তানেও মাক-দেউতাকৰ আশা পূৰাবলৈকে সকলো বিষয়তে পাৰদৰ্শিতা দেখুৱাবলৈকে চেষ্টা কৰে । কিন্তু কেতিয়াবা আশানুৰূপ ফলাফল দেখুওৱাত ব্যর্থ হ’লে ছাত্র-ছাত্রীসকল ভাগি পৰে আৰু নিজকে শেষ কৰি দিয়ে । বহুতৰে ঘৰত টকা-পইচা যথেষ্ট পৰিমাণে থাকে কিন্তু আটাইতকৈ প্রয়োজনীয় বস্তুটো নাথাকে । আচলতে প্রতিটো শিশুৰে এটা ব্যক্তিসত্তা থাকে । কিছুমান মানসিক ভাৱে সবল হয় আৰু কিছুমান মানসিক ভাৱে দুৰ্বল হয় । সিহঁতৰ নিজা নিজা অনুভূতি আছে । ব্যক্তি হিচাপে সন্মান বিচাৰে, মৰম আৰু বিশ্বাস বিচাৰে । কাৰোবাৰ লগত তুলনা কৰিবলৈ যোৱা মানে সিহঁতৰ আত্মসন্মানক আঘাত কৰা আৰু আত্মবিশ্বাসক থানবান কৰা । তেনে সময়ত কোনোৱে তাৰ অনুভূতি, খং, অভিমানবোৰ চম্ভালিব নোৱাৰা হয় আৰু মাক-দেউতাকেও তাক নিৰাপত্তা দিয়াৰ পৰিৱৰ্তে হতাশাতহে ভোগা দেখা যায় । তেতিয়াই কোনোজনে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই নকৰিবলগীয়া কাম কৰি পেলায় ।
সকলোৰে জীৱনটো কিছুমান ভুলৰ সমষ্টি। ভুল কৰাটো অপৰাধ নহয় । প্রতিটো ভুলেই আচলতে নিজক সংশোধনৰ একো একোটা সুযোগ । ভুল বুজি পোৱাটো এটা ডাঙৰ গুণ । আকৌ সেই ভুলটোৰ শুদ্ধ পথ কি তাক জানি লৈ আগবঢ়াটো সবাতোকৈ উত্তম গুণ । কিন্তু ভুল বুলি জানিও সেই ভুলকে বাৰে বাৰে কৰি থকাটো জীৱনৰ অধঃপতনৰ লক্ষণ ।
পৰিৱেশ আৰু সমাজ হৈছে মানুহৰ শিক্ষাৰ পথাৰ । যদি পৰিৱেশ আৰু সমাজে শিক্ষা ব্যৱস্থাটো সুস্থ কৰি গঢ়ি দিব নোখোজে তেতিয়া নিশ্চয় আমি বিকাশ সম্পন্ন মানৱ সম্পদ আশা কৰিব নোৱাৰোঁ । আজি চাৰিওফালে অসুস্থ প্রতিযোগিতা । এই প্রতিযোগিতাত তিষ্ঠিব নোৱাৰিও কিছুমানে নকৰিবলগীয়া কাম কৰে ।
আজিকালি ছাত্ৰ-ছাত্ৰীৰ মানসিক খাদ্য হৈছে ম’বাইল, টিভি, কম্পিউটাৰ, কার্টুন আদি । আচলতে কোমল বয়সৰ পৰাই যদি ব্যায়াম, খেলা-ধূলা, ছবি আঁকা নতুবা ছাত্র বা ছাত্ৰীগৰাকীয়ে ভালপোৱা বিষয়ত উৎসাহ যোগোৱা হয় তেতিয়া তেওঁৰ মানসিক স্থিতি মজবুত হ’ব । কিন্তু জীৱন্ত বস্তুৰ পৰা আঁতৰি থকাৰ ফলত সিহঁতৰ মনবোৰো পৰিয়ালৰ পৰা, মানুহৰ পৰা আঁতৰি যায় আৰু যিহকে ইচ্ছা তাকে তৎক্ষণাত কৰিব পাৰে ।
পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰি প্ৰত্যেক বছৰে বহুতো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে । সমাজ আৰু পৰিয়ালৰ মনত সফলতাৰ মুখ নেদেখা নাইবা উত্তীর্ণ নোহোৱা ছাত্র-ছাত্ৰীৰ প্রতি সহমর্মিতা দর্শাব নোৱাৰাৰ বাবেই নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি মনৰ হতাশাত আত্মহত্যা কৰিবলগীয়া হয় । পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰিলেই তেওঁলোকৰ জীৱন অর্থহীন হ’ব নোৱাৰে। জীৱন বৰ অনুপম । ৰং আৰু সুৰভিৰে ভৰাই তুলিব পাৰিলে জীৱন সুন্দৰ হ’ব পাৰে। আমাৰ সমাজত বহুজনে আশা কৰা ধৰণে সফল জীৱন যাপন কৰাৰ বিপৰীতে আন এচামৰ বাবে বিভিন্ন কাৰণত জীৱন দুর্বিসহ হৈ পৰে । হতাশাগ্রস্ত আৰু মানসিক বিষণ্ণতাৰ চিকাৰ হৈ আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় ।
আত্মহত্যা ৰোধ কৰাৰ বাবে জনচেতনাৰ প্ৰয়োজন । শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও যে সমানেই প্রয়োজন এই সম্পর্কে জনসাধাৰণ সচেতন হোৱা উচিত । পৰিয়াল তথা ওচৰ-চুবুৰীয়াই সহমর্মিতা প্রকাশ কৰিব লাগে । যিসকলে হতাশাত ভোগে তেওঁলোকৰ লগত বন্ধুত্বসুলভ আচৰণ কৰা উচিত । আলোচনা আৰু সহমর্মিতাৰ মাজেৰে আত্মহত্যাৰ প্ৰৱণতা বহু পৰিমাণে ৰোধ কৰিব পৰা যায় ।
হতাশাগ্রস্তাতাৰ পৰা মুক্ত কৰিবলৈ মনত জীয়াই থকাৰ স্পৃহা অটুট ৰাখিবলৈ আমাৰ মানসিকতা সলনি কৰিবৰ হ’ল । প্রকৃততে কোনো মানৱ শিশুৱে শূন্য মগজুৰে পৃথিৱীলৈ নাহে । প্রত্যেকৰে কিবা নহয় কিবা দক্ষতা আছে । পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকল সমাজৰ আৱৰ্জনা নহয়।
আমাক এখন সুন্দৰ আৰু শান্তিপূর্ণ সমাজ লাগে । এই সমাজখন গঢ়িবৰ কাৰণে সমাজত সকলো স্তৰৰ ব্যক্তিৰ প্ৰয়োজন । সমাজখন গঢ়িবলৈ যিদৰে প্ৰখৰ বুদ্ধিমত্তা বা মেধাৱীৰ প্ৰয়োজন, ঠিক সেইদৰে মধ্য বা নিম্ন স্তৰৰ ব্যক্তিৰো প্রয়োজন । এই ছাত্র-ছাত্রীসকলক মানৱ সম্পদৰূপে মর্যাদা দি দক্ষতা অনুযায়ী সংস্থাপন কৰিব পাৰিলে বিফলতাই সফলতাৰ আশীর্বাদস্বৰূপ হৈ পৰিব ।
শ্ৰীসৰস্বতী দত্ত
অৱসৰী প্ৰধান শিক্ষয়িত্ৰী
পি এম শ্ৰী ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়


0 Comments