header ads

সম্পাদকীয়, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 সম্পাদকীয়



সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যম আমাৰ বাবে এক অপৰিহাৰ্য অংগ হৈ পৰিছে।সাহিত্য, সংস্কৃতি, শিক্ষা আদি সকলো ক্ষেত্ৰতে ডিজিটেল মাধ্যম অতিকৈ প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে । আলোচনীয়ে সদায়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা প্ৰকাশ আৰু জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে । কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে ডিজিটেল মাধ্যমৰ যুগত ই-আলোচনীৰ ভূমিকাও অত্যন্ত একেদৰেই গুৰুত্বপূৰ্ণ হৈ পৰিছে । আলোচনীৰ মজিয়াত প্ৰৱন্ধ, কবিতা, গল্প, চিত্ৰাংকন আদি বিভিন্ন সৃষ্টিশীল কৰ্মৰ জৰিয়তে নতুন চিন্তা আৰু অনুভৱৰ প্ৰকাশ ঘটে । ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষাৰ লগত জড়িত প্ৰতি গৰাকী ব্যক্তিৰেই এই প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত ই-আলোচনী জ্ঞানমে যৎপৰোনাস্তি প্ৰয়াস কৰি আহিছে ।


দক্ষিণ কামৰূপৰ অতি শ্ৰদ্ধাৰ, লোক-কৃষ্টিৰ সাধক, গুৰু, ক্ৰীড়া সংগঠক সদ্যপ্ৰয়াত সুকুমাৰ মেধি ডাঙৰীয়াৰ পৱিত্ৰ স্মৃতিত ষষ্ঠ বৰ্ষৰ তৃতীয় বিশেষ সংখ্যাটি প্ৰকাশ কৰা হৈছে । লগতে এই ই-আলোচনীখনত কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ সৃষ্টিশীল লেখা সন্নিৱিষ্ট কৰা হৈছে । ইয়াৰ উপৰিও প্ৰয়াত সুকুমাৰ মেধি ডাঙৰীয়াৰ অতিকৈ আপোন ব্যক্তি কেইগৰাকীমানৰ মেধি ডাঙৰীয়া বিষয়ক বহুকেইটা লেখা প্ৰকাশ কৰা হৈছে । লেখা সমূহত সকলোৰে কল্পনা, চিন্তা আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধ এই লেখাবোৰৰ মাজেৰে প্ৰতিফলিত হৈছে বুলি আশা কৰা হৈছে । অনাগত দিনত এই আলোচনীখন পঢ়ুৱৈসকলৰ বাবে জ্ঞান আৰু আনন্দৰ এক সুন্দৰ উৎস হৈ উঠিব ।


ই-আলোচনী 'জ্ঞানম' প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা শৈক্ষিক গোটৰ শ্ৰদ্ধাৰ তত্বাৱধায়িকা বাইদেউ, সন্মানীয় সভাপতি/সম্পাদকৰ লগতে প্ৰতিগৰাকী সদস্য, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাঙ্ক্ষীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । আগন্তুক দিনতো সকলোৰে সহযোগিতা লাভ কৰিম বুলি আশা ৰাখিলোঁ ।


শেষত সকলো পঢ়ুৱৈক আমাৰ ৱেবছাইটৰ যোগেদি আলোচনীখন উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালোঁ । আপোনাসৱৰ দিহা-পৰামৰ্শ শৈক্ষিক গোট 'জ্ঞানম' কামৰূপ পৰিয়ালে সাদৰেৰে গ্ৰহণ কৰিব । ধন্যবাদ ।



শ্ৰদ্ধাৰে...

সম্পাদক

ই-আলোচনী 'জ্ঞানম 



Post a Comment

0 Comments