header ads

অসমীয়া গল্প, ৰঙালীৰ ৰং, মৌচুমী ৰায় চৌধুৰী , ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 ৰঙালীৰ ৰং




"হুচৰি এ চ'ত, আমি বিহু মাৰো য'ত 

দেহি ঐ দুৱৰি নগজে ত'ত"

ঐ ৰত্ন, বিহুটি চোন আহিলেই....; তহঁতৰ আখৰা আৰু কিমান দিন?

ৰত্নই পদুলিৰ গেট খুলি চোতালত খোজ দিয়াৰ লগে লগে বাৰাণ্ডাৰ পৰা ককাকে মাত লগালে।

হৈছেই আৰু ককা, আৰু দুটামান ফুল ৰিহাৰ্চেল কৰিলেই হৈ যাব। কিন্তু ককা, তুমি ইমান ৰাতিলৈ শুৱা নাই কিয়? সদায় এনেকৈ দেৰিকৈ শুলে তোমাৰ গা বেয়া হ'ব; শুই থাকা গৈ।

তই ঘৰ নোপোৱালৈকে ক'ত নো টোপনি আহে ...

এনেই বাগৰিহে থাকো! ৰত্নৰ ভিতৰি ভিতৰি হাঁহি উঠিল, ভালো লাগিল। সি মনতে ভাবিলে, আজি ককাৰ ডেকা কালৰ সাধুৰ টোপোলাটো যে উকমুকনি মাৰিছে ডেম্ চিওৰ....


ৰত্নৰ মাজত যাদৱ বৰুৱাই নিজৰ ল'ৰাটোকে যেন বিচাৰি পায় .....! ৰত্নই ও তেওঁৰ সংগ খুবেই পচন্দ কৰে।  দেউতাকক তাৰ মনত নাই। ফটোখনহে চিনাকি। দুৰ্ঘটনা এটাত হেৰুওৱা বহু বছৰেই হ'ল। ককাকৰ আলাসত ডাঙৰ দীঘল হোৱা ৰত্ন বিহুৰ আটাইকেইটা বাদ্যতে পাৰ্গত হৈ উঠিছে, ঠিক তাৰ দেউতাকৰ দৰেই। 

 মাৰাই  তোৰ ভাত বাঢ়ি থৈছে । ভাতৰ সাজটো লৈ আনি মোৰ ওচৰতে খাবি আহ নহ'লে। পাকঘৰৰ খুটুং খাটাং শব্দ শুনিলে মাৰ সাৰ পাই উঠি আহিব। শুনি থাকিবি পিছত, ইমান কিয় দেৰি হ'ল ... বিহুৰ আখৰাত ইমান দেৰি লাগে নে....

হেন তেন ।

ৰত্নই সাৰি শব্দ নকৰাকৈ ভাতৰ থাল খন ডাঙি আনি ককাকৰ ওচৰত বহিল। নুবুজে ও ককা নুবুজে ...

সকলোৱে বিহুৰ মায়া নুবুজে ...। সি ককাকৰ ফালে চাই মিচিকিয়াই হাঁহিলে। " বুঢ়াৰ চকু চোন ভট্ ভটীয়া হৈ আছে", " কাইলৈৰ প্ৰথম ক্লাছটো শেষ আৰু..."

       যি হ'লেও ককাকৰ লগত সময় কটাবলৈ সি ভাল পায়। যাদৱ বৰুৱাৰ অতীত ৰোমন্থনৰ কাহিনী বোৰৰ সি ভাল শ্ৰোতা। পয়সত্তৰ বছৰৰো উৰ্ধৰ এই মানুহজন তাৰ ওচৰত এজন চফল ডেকা হৈ ধৰা দিয়ে। কথাৰ মাজত একালৰ সেই বিহুৱা যাদৱ বৰুৱাৰ সতীৰ্থ হৈ পৰে।

        বহু বছৰ আগৰ কথাবোৰ আজিও সৌ সিদিনাৰ কথা যেন লাগে । মই যেতিয়া তোৰ বয়সৰ আছিলোঁ, বিহুৰ এমাহমান আগৰ পৰাই ঢোলৰ গুমগুমনি তুলিছিলো। বিহু বুলিলেই চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰাই গাঁৱৰ মুকলি পথাৰখন, নামঘৰৰ বাকৰিত গোট খাই হুঁচৰি গাইছিলোঁ। লগ সমনীয়াৰ লগতে বুঢ়া মেথাইও আমাৰ বিহুত যোগ দিছিল। গাঁৱৰ ইমূৰৰপৰা সিমূৰলৈ খিটিক খিটিক তাঁতশালৰ মাত। আৰু কি জান..., আয়ে আমাৰ চুৰিয়া, টঙালি আৰু ভমকাফুলীয়া গামোছা বোৰ ঘৰতে বৈ তৈয়াৰ কৰিছিল । নাচনীহ'তে ওঠত বোলাবলৈ বৰ্হমথুৰি বিচাৰি ফুৰিছিল আৰু হাতত জেতুকা বোলাইছিল।বিহুৰ আটাইকেইদিন

আমি ডেকা গাভৰুহঁতে ঘৰে ঘৰে হুঁচৰি গাইছিলোঁ আৰু গৃহস্থক আৰ্শীবাদ দি ফুৰিছিলোঁ। 

তোক বিহুৰ সাজযোৰত তাহানিৰ মইটোকে দেখো কেতিয়াবা ....

যাদৱ বৰুৱা ভাৱ সাগৰত ডুব গ'ল।

কথাৰ মহলাত ৰত্নৰ ভাতখোৱা হাতখন নুধুৱাকৈ শুকাই থাকিল। ঐ ককা, কি ভাৱত ডুব গ'লা??

টোপনি ধৰিলে নহয়নে? মোৰ হাতখন চোৱা নুধুৱাকৈ শুকাই থাকিল; ৰ'বা, ধুই আহোঁ।

ককাকৰ হাঁহি উঠিল। "তয়ো যে নহয়! হাতখন ধুই ল'ব লাগে মাজতে । ধৰা নাই মোৰ টোপনি টোপনি; আজি মোক বিহু ভূতে ধৰিলে (হাঁহি)।

হাতখন মচি মচি ৰত্ন সোমাই আহিল। তোমাৰ অসুবিধা নহ'লে মই ইয়াতে শুই যাওঁ নে ককা?

আহি যা একো অসুবিধা নহয়।সি একেজাঁপে আহি বিচনাত উঠিল। বুজা হোৱাৰে পৰা ৰত্নই এনেদৰেই সংগ দিয়ে ককাকক। অৱশেষত দুয়ো বিচনাত দীঘল দিলে। 

কিছুপৰ পিছত ৰত্নই সুধিলে, ককা ...

তোমাৰ আজিকালিৰ মঞ্চ বিহু কেনে লাগে বাৰু?

নিশ্চয়কৈ ভাল লাগে। কিন্তু মুকলি বিহুৰ সৌন্দৰ্য সুকীয়া। মঞ্চ বিহুত এটা ভাল যে বতৰ সাধাৰণ বেয়া হ'লেও পৰিবেশন কৰিব পাৰি। পিছে প্ৰত্যেক ৰে নিজা সৌন্দৰ্য আছে। মই তেনেই সৰু থাকোঁতে লতাশিলত প্ৰথম মঞ্চ বিহু হৈছিল বুলি পিতাই কোৱা মনত আছে। প্ৰাচীন কৃষিজীৱি সমাজত ৰাতিবিহু হিচাপে সীমাবদ্ধ থকা বিহু বৰ্তমান সময়ত ডেকা বুঢ়া সকলোৰে হ'ল; বিহু চহৰমুখী হ'ল, বাণিজ্যিক হ'ল । বিহুনাচৰ প্ৰতিযোগিতা হ'ল। পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহে অসমৰ বিহুৰ পৰম্পৰাৰ লগত চিনাকি হ'ল। মঞ্চই বিহুক নতুন মাত্ৰা প্ৰদান কৰিলে। বিহুৰ সামগ্ৰী সমূহ ডাঙৰ ডাঙৰ বজাৰত উপলব্ধ হ'ল। কংক্ৰিটৰ যুগত নিজৰ শাকনি বাৰী নাথাকিলেও সাতবিহুৰ সেই এশ এবিধ শাকৰ প্ৰয়োজন এচাম থলুৱা লোকে পূৰাব যত্ন কৰিছে।

অ ককা, সকলোবোৰ ৰঙালী বিহুৰ উছাহ , পাৰভঙা উছাহ। সূদূৰ অতীতৰ পৰা চলি আছে, নতুন মাত্ৰাত চলি থাকিব চিৰদিনলৈ।

এৰা ঠিকেই কৈছ।

 বিহুৱানৰ পৰম্পৰা ও কিছু সলনি হ'ল। এতিয়া বিহুৱান বিহুৱান বুলিলে গামোছা খনৰ লগতে বজাৰত উপলব্ধ গেঞ্জী, টি চাৰ্ট  আদি বিভিন্ন ধৰণৰ কাপোৰৰ এড অন হ'ল নহয়নে ককা ...

ঐ ককা, তুমি কিন্তু বেল্লেগ লাকী দেই , বিহুৰ ন পুৰণি সকলো এনজই কৰিব পাৰিছা। দুয়োৰে হাঁহি উঠি গ'ল।

"ৰত্ন ....ৰাতি পুৱাবৰ হ'ল ককাৰক শুবলৈ দে; শুই থাক তয়ো। কাইলৈ কলেজ নাজাবি জানোঁ? হাঁহি শুনি মাকে মাত লগালে।

দুয়ো ফুচফুচাই...

 ককা,টোপনি চোন উৰি গ'ল ।

 

বিহুৱে হৰিলে বুজিছ; শুই থাক এতিয়া। এইবাৰ বিহুতো তয়ে ময়ে একেলগে বিহু গাম। গৰুবিহুৰ গধূলি হুচৰি গাম... গৃহস্থৰ কুশলে ....

ঘ্ৰেন দিঘেন খিতিঘ্ৰেন দাও দাও দাও দাও 

তাক দিঘ্ৰেন খিতিঘ্ৰেন দাও দাও দাও দাও.....

দুৰ দাও দাও, দুৰ দাও দাও .......

শুই থাক হেৰৌ শুই থাক...।।




মৌচুমী ৰায় চৌধুৰী 

সহকাৰী শিক্ষয়িত্ৰী 

শনিয়াদি কাছুমাৰা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments