header ads

জাতিৰ পিতা তুমি | Assamese poem by Anita Bezbaruah

জাতিৰ পিতা তুমি

 

আমাৰ হিয়াত সদায় তুমি

মহামানব মহাত্মা গান্ধী,

অহিংসা নীতিৰে জগত জিনি

আমাক কৰিলা স্বাধীন তুমি।

তোমাৰ কাৰণে আমি আজি

গৌৰৱান্বিত ভাৰতবাসী,

দিন-ৰাতি একাকাৰ কৰি

কিমানযে খাটিলা কাৰাবাস তুমি।

তথাপিতো আমাক দিলা স্বাধীনতা

পৰাধীনতাৰ শিকলি ছিঙি ,

নঙঠা ফকিৰ আজানুলম্বিত বুলি

তোমাক যে মনত ৰাখোঁ আমি।

নিজ হাতেৰে সূতা কাটি কাপোৰ বোৱাই

কৰিলা সমগ্ৰ দেশক স্বাৱলম্বী,

সেইবাবেই তুমি আমাৰ

সকলোৰে মৰমৰ বাপূজী।

 

------+++-------

 

অনিতা বেজবৰুৱা

সহ: শিক্ষয়িত্ৰী

১১৬২ নং জাৰাবাৰী প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড:- ছয়গাঁও


অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments