অস্তগামী সূৰ্যৰ বুকুতেই নতুন প্ৰভাতৰ প্ৰতিশ্ৰুতি
প্ৰতিটো অন্তৰ আঁৰত থাকে এক নতুন আৰম্ভণিৰ সম্ভাৱনা । জীৱনৰ পথত আমি প্ৰায়েই 'অন্ত' শব্দটোৰ সন্মুখীন হওঁ । কেতিয়াবা এটি সম্পৰ্কৰ অন্ত, কেতিয়াবা কোনো এটা সপোনৰ অন্ত, কেতিয়াবা কোনো আশা, কোনো বিশ্বাস অথবা জীৱনৰ এটি বিশেষ অধ্যায়ৰ অন্ত । এই অন্তবোৰৰ সন্মুখত থিয় হ'লে মানুহৰ মনত এক অদ্ভুত শূন্যতাৰ সৃষ্টি হয় । মন হয় যেন সকলো শেষ হৈ গ'ল, যেন আগলৈ একো নাই, যেন জীৱনৰ পথ ইয়াতেই থমকি ৰ'ল । কিন্তু সময়, প্ৰকৃতি আৰু জীৱনৰ গভীৰ অভিজ্ঞতাই আমাক এটা চিৰন্তন সত্য শিকায় যে— প্ৰতিটো অন্তই আচলতে এটা নতুনৰ আৰম্ভণিৰ দুৱাৰ । দিনটোৰ শেষত যেতিয়া সূৰ্য অস্তগামী হ'বলৈ ধাৱমান হয়, তেতিয়া পশ্চিম আকাশত ৰঙা আভা বিয়পি পৰে আৰু ঠিক সেই মূহুৰ্তটোৱে যেন এক বেদনাময় বিদায়ৰ অনুভৱ কঢ়িয়াই আনে । কিন্তু সূৰ্যাস্তই কেতিয়াও সূৰ্যক শেষ কৰিব নোৱাৰে । সেয়া মাথোঁ এক ক্ষণিক অন্ত, যাৰ পিছতেই নতুন এটি পুৱাৰ জন্ম হয় । সন্ধিয়াৰ সেই নিস্তব্ধ সময়ত আকাশত জোনটোৱে লাহে লাহে মূৰ তুলি উঠে । সূৰ্যাস্তৰ পাছত যেন দ্বিতীয়বাৰৰ বাবে পোহৰ নামি আহিছে পৃথিৱীত । সেই পোহৰত পৃথিৱীখন যেন নতুনকৈ সজীৱ হৈ উঠে ।
সূৰ্যৰ পোহৰ আঁতৰি যোৱাৰ পাছতেই যিদৰে আকাশত লাহে লাহে জোনটোৱে মুখ দেখুৱাই , যাৰ কোমলতাই আমাৰ হৃদয়খনক শীতল কৰি তোলে ঠিক একেদৰেই আমাৰ জীৱনটো সকলো শেষ হৈ যোৱা বুলি ভবাৰ ঠিক সেই সময়তেই কোনোবা জোনৰ দৰে আশা আহি পুনৰ হৃদয়খন উজ্জ্বলাই তোলে । সেয়া হয়তো এজন মানুহৰ স্নেহ, এটি সপোন, এটি স্মৃতি বা এটি নতুন আৰম্ভণি । যিয়ে আমাক পুনৰ জীয়াই থাকিবলৈ শিকায় । মানুহ কেতিয়াও সম্পূৰ্ণৰূপে আন্ধাৰত হেৰাই নাযায় । যেতিয়া সকলো পথ বন্ধ হোৱা যেন লাগে, তেতিয়াও জীৱনৰ কোনোবা অচিনাকি এটি নতুন পথ নীৰৱে মুকলি হৈ থাকে । সেই পথটো হয়তো আমাৰ চকুত ধৰা দিয়া নাই নাইবা হয়তো দুখৰ কুঁৱলীয়ে আমাৰ দৃষ্টি শক্তিক আৱৰি ৰাখিছে । কিন্তু সময়ৰ লগে লগে সেই কুঁৱলীৰ আচ্ছাদন যেতিয়াই আঁতৰিবলৈ আৰম্ভ কৰে আমি বুজিবলৈ শিকোঁ যে যিটোক আমি সমাপ্তি বুলি ভাবিছিলো, সেয়াই আচলতে এটা নতুন যাত্ৰাৰ আৰম্ভণি আছিল ।
প্ৰকৃতিলৈ চালে এই সত্যটো আৰু স্পষ্টকৈ ধৰা দিয়ে । সূৰ্যাস্ত বেলি, ৰাতিৰ জোন, সন্ধিয়াৰ সময়খিনিৰ নিচিনাকৈ শীতল মলয়া বতাহ জাকেও আমাক কিছু শিকাই যায় । শীতল মলয়া বতাহৰ পৰশে নুফুলা কলিবোৰক লাহে লাহে ফুলি উঠিবলৈ সাহস দিয়ে, ঠিক তেনেদৰেই মৰম, সহানুভূতি আৰু আশাৰ স্পৰ্শত মানুহৰ ক্লান্ত হৃদয়খনো পুনৰ সজীৱ হৈ উঠে । প্ৰকৃতিয়ে এই ভাষাৰেই আমাক এক গভীৰ সত্য শিকাই দিয়ে যে— কোনো ফুল জোৰকৈ ফুলাব নোৱাৰি । তাৰ বাবে লাগে সময়, যত্ন আৰু অনুকূল পৰিৱেশৰ। মানুহৰ মনটোৰ ক্ষেত্ৰতো সেই একেই কথাই প্ৰযোজ্য । আঘাত, ব্যৰ্থতা আৰু হতাশাৰ বোজাত বহু সময় হৃদয়ৰ সৌন্দৰ্য্য ভগ্ন হৈ পৰে; কিন্তু অলপ মৰম, অলপ বুজাপৰা আৰু অলপ আশাই সেই ভগ্ন হৃদয়খনক পুনৰ জীয়াই তুলিব পাৰে । মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ পুনৰ্জন্ম বাহিৰত নঘটে,অন্তৰত ঘটে । যেতিয়া এজন মানুহ বহু দুখৰ পিছতো পুনৰ হাঁহিবলৈ শিকে সেয়াই পুনৰ্জন্ম । যেতিয়া বহু আঘাতৰ পিছতো পুনৰ বিশ্বাস কৰিবলৈ শিকে সেয়াই পুনৰ্জন্ম আৰু এই পুনৰ্জন্মৰ কাহিনীৰ আৰম্ভণি হয় ঠিক সেই ঠাইৰ পৰা য'ত আমি ভাবিছিলোঁ সকলো শেষ । সেয়েহে "অন্ত" শব্দটো আচলতে এক ভ্ৰম । যাক আমি শেষ বুলি ভাবোঁ, সেয়া হয়তো নিয়তিৰ লিখা নতুন অধ্যায়ৰ প্ৰথম বাক্যহে । যাক আমি হেৰুৱা বুলি ভাবোঁ, সেয়া হয়তো অধিক গভীৰ কিবা এটা লাভ কৰাৰ পূৰ্বসূচনা । যাক আমি অন্ধকাৰ বুলি ভাবোঁ, সেয়া হয়তো নতুন পোহৰৰ গৰ্ভকাল । কাৰণ জীৱন কেতিয়াও শূন্যতাত শেষ নহয় । জীৱনে সদায় ৰূপান্তৰৰ দিশে ধাৱমান হৈ গৈ থাকে, এক নতুন অৰ্থ বিচাৰি ।
সেয়েহে জীৱনত যদিওবা কেতিয়াবা আমি আমাৰ সপোনবোৰক পূৰ্ণ কৰিবলৈ ব্যৰ্থ হৈ পৰো বা আমি অতি সযতনে দেখা সপোনবোৰে যেতিয়া এক ভগ্নাৱশেষৰ পিনে গতি কৰিবলৈ ধৰিছে, ঠিক সেই মূৰ্হুততে ধৈৰ্যৰে সকলোবোৰ সহিব পৰা গুণেৰে শক্তিশালী কৰি তুলিবলৈ নিজকে সদা প্ৰস্তুত কৰি ৰাখিব লাগিব । সেই প্ৰতিকূল সময়চোৱাত ধৈৰ্যই মহৌষধ হৈ পৰিব।বুদ্ধৰ বাণীৰেই আমিও সান্তনা লভিব পাৰোঁ যে মানুহে যিকোনো ক্ষেত্ৰতেই মধ্যম মাৰ্গ অৱলম্বন কৰিবলৈ চেষ্টা কৰা উচিত । যিমানদূৰ সম্ভৱ চৰমতাক পৰিহাৰ কৰি সুখী হৈ থাকিবলৈ চেষ্টা কৰা প্ৰয়োজন । হতাশ হোৱাৰ কোনো কাৰণকেই হৃদয়ত স্থান দিবলৈ যত্ন নকৰিব । সেই আপুনি দেখা সপোনটোৱে পথভ্রষ্ট হোৱাৰ পিছতো ভগ্ন সপোনৰ ধূলিৰ মাজতেই জন্ম ল'ব এক নতুন বাস্তৱতাই,এক নতুন স্বপ্ন । এই ব্ৰহ্মাণ্ডৰ চিৰন্তন নিয়মেই যে"কোনো অন্তই চূড়ান্ত নহয়, কোনো আন্ধাৰ অনন্ত নহয়, কোনো বেদনাই শেষ সত্য নহয় । প্ৰতিটো অন্তৰ গভীৰতম স্তৰত নীৰৱে স্পন্দিত হৈ থাকে এক নতুন আৰম্ভণিৰ অসীম সম্ভাৱনাই,ৰৈ থাকে ধুমুহাৰ দুৰ্যোগৰ মাজত এছেৰেঙা ৰ'দৰ ধাৰাই ।"
সাধনা কলিতা
সহকাৰী শিক্ষয়িত্ৰী
শিক্ষাখণ্ড : হাজো


0 Comments