header ads

সাঁথৰ সংগ্ৰহ | Riddle in Assamese



সাঁথৰ -

১)চাৰিখনকৈ ভৰি দুখন হাত ,আনক মই কোলাত লওঁ যিমানেই নহওঁক ভৰ৷

উঃ চকী

২) ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকাব নোৱাৰি৷

উঃ জিভা

৩) নদী আছে পানী নাই,ঘৰ আছে মানুহ নাই৷

উঃ মানচিত্ৰ

৪) জলত জন্ম, স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ৷

উঃ নিমখ

 

সংগ্ৰহ:

নিশিতা দাস

পঞ্চম শ্ৰেণী

৩২৭নং লেজা প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষা খণ্ড

 

সাঁথৰ -

 

১) দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে৷

উঃ ঘড়ী

২) বাঘ হেন জাপ মাৰে কুকুৰ হেন বহে৷
উঃ ভেকুলী

৩) একঠেঙীয়া বগলী নিতৌ নাচে গধূলি৷
উঃ বিচনী

৪) হাবিত কাহে ওলাই নাহে ৷
উঃ কুঠাৰ

৫) ঘৰৰ তলত ঘৰ তাতে পৰি মৰ৷
উঃ আঠুৱা৷

সংগ্ৰহ:
গৰিমা দাস
পঞ্চম শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষা খণ্ড

Post a Comment

0 Comments