header ads

গান্ধীকথা | Poem by Hemen Ch Hazarika


গান্ধীকথা 

অহিংসাৰ

শেষ নিশ্বাস

হিংসাত উৰি গ'ল ।

সত্যক মূৰত স্হাপন কৰি

ত্ৰিৰংগাৰ বতাহত

নিনাদিত হ'ল--

সাতোৰঙী দীঘ-বাণী

শান্তিৰ কপৌৱেই হওঁক..

তুমি অজেয় শক্তি

মূৰ্তিমান...

 

প্ৰতিষ্ঠা হ'ল,

অক্ষয় জয়গান চিৰকাল ।

 

 

------------+++--------

হেমেন চন্দ্ৰ হাজৰিকা

সহ: শিক্ষক

বিৰোগাঁও এম ভি স্কুল।


অলংকৰণ :- পল্লবী পাঠক

Post a Comment

0 Comments