header ads

চুটি গল্প: -- উপহাৰৰ সাধু

 উপহাৰৰ সাধু




লয় আৰু লিপি দুয়ো যমজ ভাতৃ- ভগ্নী । জন্মদিনলৈ দুদিন বাকী থকাত মাকে সিহঁতক কি উপহাৰ লাগিব সুধিলে । লয় আৰু লিপি দুয়ো একেলগে কৈ উঠিল- "আমাক উন্নতি লাগিব ।" মাকে ক'লে -" হেৰৌ, উন্নতি কিবা উপহাৰ দিয়া বস্তু নেকি ? উন্নতি তহঁতে নিজেই আনিব লাগিব । "

                  লয়ে ক'লে, " সিদিনা দেউতাই কোৱা সাধু এটাত পঢ়ি-শুনি উন্নতি কৰা ল'ৰা এজনৰ কথা যে কৈছিল, তোমাৰ জানো মনত নাই মা ? আজি লিপি আৰু মই তাৰেই কথা পাতি আছিলোঁ আৰু সেয়ে আমি ভাবি ললোঁ যেনেকৈ নহওঁক আমাক উন্নতি লাগিবই । " 

           মাকে সিহঁতক কোনোপধ্যেই বুজাব নোৱাৰি বিমোৰত পৰিল । দিনটো বহুত ভবাৰ পিছতো মনলৈ একো নহাত সেইদিনা দেউতাকে সিহঁতক কোৱা সাধুটো মনত পেলাবলৈ ধৰিলে ।

                      জন্মদিনৰ দিনা ৰাতিপুৱা মাকে ভগৱানৰ ওচৰত শৰাই এভাগ আগবঢ়াই আগদিনা আবেলিতে কিনি থোৱা উপহাৰৰ টোপোলা দুটা শৰাইখনৰ ওচৰতে সজাই থলে । লয় আৰু লিপিয়ে প্ৰতি বছৰৰ দৰে ভগৱানৰ ওচৰত সেৱা ল'বলৈ গ'ল । সেৱা লৈ উঠি মাকে সজাই থোৱা উপহাৰৰ টোপোলা দুটাত সিহঁতৰ চকু পৰিল । মাকে সিহঁত দুটা জনা হোৱাৰ পৰাই সিহতৰ জন্ম দিনৰ উপহাৰবোৰ এনেদৰেই সজাই থয় । লয় আৰু লিপিয়ে খুউব স্ফূৰ্তিৰে টোপোলা দুটা ল'লে আৰু নিজৰ কোঠালৈ আহি লৰালৰিকৈ খুলিবলৈ ধৰিলে । লিপিয়ে ক'লে, " লয় , মায়ে দেখোন এইবাৰ মোক এৰ্লাম ঘড়ী এটাহে দিলে ।" লয়েও ক'লে -" অ' লিপি, মায়ে মোকো এৰ্লাম ঘড়ী এটা দিলে। " এনেকুৱা নহয় যে সিহঁতে মাকে দিয়া উপহাৰটো বেয়া পালে । কিন্তু সিহঁতেতো উন্নতি হে বিচাৰিছিল !!! 

                এনেতে মাক সিহঁতৰ ওচৰলৈ আহি সুধিলে, " উপহাৰ কেনে পালি ?"

" ভালপালো মা ।" "কিন্তু"....দুয়ো একেলগে ক'লে ।

মাকে ক'লে, "দেউতাৰাই সিদিনা তহঁতক এটা প্ৰশ্ন সুধিছিল, মনত আছেনে ? "

সিহঁতে কৈ উঠিল, " আমাৰ সকলোৰে ওচৰত থকা আটাইতকৈ মূল্যবান বস্তুটো কি ? উত্তৰটো আছিল...সময়। লিপিয়ে ক'লে ।"

" বঢ়িয়া.... দুয়োৰে দেখোন মনত আছে । এতিয়া এই বিশেষ দিনটোৰ পৰা তহঁতৰ নিতৌ কৰিবলগীয়া কামবোৰ সময়মতে মিলাই ল'লে হ'ল । কিন্তু লক্ষ্য ৰাখিবি যাতে তহঁতে কেতিয়াও সময়ৰ অপচয় নকৰ । তেতিয়া দেখিবি উন্নতি নিজেই আহি হাজিৰ হ'ব।"

"হ'ব মা । আমি এতিয়া সকলো বুজি পাইছোঁ । " খৰধৰকৈ লয় আৰু লিপিয়ে এখন দিনপঞ্জী প্ৰস্তুত কৰি উলিয়ালে । 

                 এনেদৰে লয় আৰু লিপিয়ে সিহঁতৰ দিনপঞ্জীৰ লগত ব্যস্ত হৈ পৰিল আৰু সিহঁতে বুজি নোপোৱা পাঠবোৰ নিতৌ অভ্যাসৰ বলত সহজ হৈ পৰিল । অৱশেষত সিহঁতে বুজি পালে যে সময়ৰ কাম সময়ত কৰিলেহে উন্নতিৰ জখলা বগাব পাৰি ।


                          ----------------------

                                           

মৌচুমী ৰায়চৌধুৰী
সহঃ শিক্ষয়িত্ৰী
শনিয়াদী কাছুমাৰা প্ৰাথমিক বিদ্যালয়
হাজো শিক্ষাখণ্ড

Post a Comment

2 Comments