header ads

এইড্‌চ | Assamese article by Mousumi Rabha

এইড্‌চ

     এইড্‌চ(AIDS) শব্দটোৰ সম্পূৰ্ণ নাম হৈছে 'Acquired Immune Deficiency Syndrome' । সমগ্ৰ পৃথিৱীতে ভয়াবহ ৰূপ লোৱা এই এইড্‌চ ৰোগ হৈছে এবিধ ভাইৰাছজনিত ৰোগ । ই এক এনে ৰোগ, যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নষ্ট কৰি পেলায়।এইড্‌চ ৰোগ মূলতঃ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাসৰ ফলতেই হয় আৰু এই ক্ষমতা হ্ৰাসকৰণত মূখ্য ভূমিকা গ্ৰহণ কৰে HIV(Human Immunodeficiency Virus)নামৰ ভাইৰাছবিধে । এই ভাইৰাছবিধে দেহৰ শ্বেত ৰক্ত কণিকাবিলাক ধ্বংস কৰে। দেহত এবাৰ আৰম্ভ হোৱা যিকোনো ৰোগে এইড্‌চৰ প্ৰভাৱত ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। চিকিৎসা বিজ্ঞানে বৰ্তমানেও AIDS ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা নাই।

         AIDS ৰোগ বিয়পাৰ বিভিন্ন কাৰণ হৈছে AIDS আক্ৰান্ত ৰোগীৰ পৰা তেজ ল'লে, AIDS আক্ৰান্ত লোকৰ শৰীৰত দিয়া বেজী সুস্থ লোকৰ শৰীৰত দিলে আদি। এই ৰোগৰ প্ৰধান লক্ষণ সমূহ হৈছে বহুদিন জ্বৰ হৈ থকা, ছালৰ খঁজুৱতি , শৰীৰৰ ওজন হ্ৰাস হোৱা, বহুদিন কাঁহ হৈ থকা, বহুদিন পনীয়া শৌচ হৈ থকা আদি। অৱশ্যে অন্য কাৰণতো এই লক্ষণসমূহে দেখা দিব পাৰে। সেয়েহে এনে লক্ষণে দেখা দিলে চিকিৎসকৰদ্বাৰা সঠিক পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকৃত সত্য নিৰূপণ কৰিব লাগে। কিছুমান লোকৰ মাজত এই ৰোগ সংক্ৰমণ সম্পৰ্কে উৰাবাতৰি প্ৰচাৰ হৈ আহিছে। গতিকে এই ৰোগৰ প্ৰতি সজাগ হ'ব লাগে।বিশ্ব এইড্‌চ নিয়ন্ত্ৰণ সংস্থাই বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে।

          এইড্‌চ ৰোগৰ আবিৰ্ভাৱ কেতিয়া হৈছিল সঠিককৈ জানিব পৰা নাযায়। ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম এই ৰোগবিধ ধৰা পৰিছিল। পিছত ১৯৮৩ চনত পেৰিছৰ কেইজনমান গৱেষকে এইড্‌চ ৰোগৰ কাৰণ আৱিষ্কাৰ কৰে। ভাৰতবৰ্ষত প্ৰথম এই ৰোগ সংক্ৰমণ ধৰা পৰিছিল ১৯৮৬ চনত, মুম্বাইত। অসমত প্ৰথম গৰাকী এইড্‌চ ৰোগী ১৯৯০ চনত চিনাক্ত হৈছিল। ভাৰতবৰ্ষত এইড্‌চ ৰোগীৰ সংখ্যা ৫০ লাখ ৭০ হাজাৰ অতিক্ৰম কৰিছে বুলি এইড্‌চ কন্ট্ৰোল বৰ্ডৰ পৰা জানিব পৰা গৈছে। ডিচেম্বৰ মাহৰ ১ তাৰিখে প্ৰতি বছৰে বিশ্ব এইড্‌চ দিৱস পালন কৰা হয়।

"আহক, আমি সকলোৱে মিলি এই ৰোগৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰোঁ।" 


 *************************

উৎস: ধৰ্ম সিংহ ডেকাৰ ৰচনা বিচিত্ৰা


মৌচুমী ৰাভা

ছয়গাঁও চৰকাৰী  মজলীয়া বিদ্যালয

শ্ৰেণী: সপ্তম

শিক্ষাখণ্ড- ছয়গাওঁ ৷



অলংকৰণ :-  সুৰভি দাস

Post a Comment

0 Comments