header ads

মাতৃভাষা দিৱস আৰু ইয়াৰ গুৰুত্ব | Assamese article by Nilakshi Nath

মাতৃভাষা দিৱস আৰু ইয়াৰ গুৰুত্ব
মাতৃভাষা দিৱস আৰু ইয়াৰ গুৰুত্ব  Assamese article by Nilakshi Nath 

মাতৃভাষা হ'ল মাতৃদুগ্ধসম।মাতৃভাষাৰ অস্তিত্ব সংকটাপন্ন হ'লে কোনো জাতিয়ে উন্নতি কৰিব নোৱাৰে;বৰং বিলুপ্তিৰ পথত আগবাঢ়ি যায়।বৰ্তমান সময়ৰ বিশ্বৰ সকলো শক্তিশালী ভাষাবোৰ, বিশেষকৈ ইংৰাজীৰ দৰে প্ৰভাৱশালী ভাষাৰ আগ্ৰাসনৰ ফলত বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ  ভাষাগোষ্ঠী ইতিহাসৰ গভীৰত হেৰাই গৈছে বা গৈ আছে।সেয়েহে United Nations of Educational, Scientific and Cultural Organization (UNESCO) এ ২১ ফেব্ৰুৱাৰীৰ দিনটো 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' হিচাপে স্বীকৃতি দিয়ে।

এই বিশ্বায়নৰ যুগত ইংৰাজী ভাষাক আমি পৰিত্যাগ কৰিব নোৱাৰো, কিন্তু সেইবুলি নিজৰ সন্তানে যদি মাতৃভাষাত কথা ক'ব নোৱাৰে, মাতৃভাষাত লিখিব নোৱাৰে, মাতৃভাষাত পঢ়িব নোৱাৰে, তেতিয়া হ'লে সেয়া হব অতি দুৰ্ভাগ্যজনক। পৃথিৱীৰ বিভিন্ন সৰু বৰ জনগোষ্ঠীৰ অস্তিত্বক স্বীকৃতি দিবৰ বাবে আৰু মাতৃভাষাৰ গুৰুত্ব বুজাবৰ বাবে ১৭ নৱেম্বৰ, ১৯৯৯ চনত 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' ঘোষণা কৰা হয়।

২১ ফেব্ৰুৱাৰীৰ এই বিশেষ দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে বাচি লোৱাৰ এক ইতিহাস আছে। ১৯৪৭ চনত ভাৰতবৰ্ষ  দ্বিখণ্ডিত হয়-- ভাৰত আৰু পাকিস্তান এই দুই ভাগত।পাকিস্তানৰ আৰু দুটা প্ৰান্ত আছিল পশ্চিম পাকিস্তান অৰ্থাৎ বৰ্তমানৰ পাকিস্তান আৰু পূব-পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশ। সেই সময়ত পাকিস্তানৰ সংখ্যাগৰিষ্ঠ ভাষা বাংলা হোৱা সত্বেও পূব- পাকিস্তানত বাংলাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিয়া হয়।ফলত প্ৰথমৰ পৰাই ইয়াৰ প্ৰতিবাদ হয়।বাংলা ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে অৱশেষত ১৯৫২ খ্ৰীষ্টাব্দৰ ২১ ফেব্ৰুৱাৰীৰ এই দিনটোতে ঢাকাত প্ৰতিবাদী সমদল উলিয়ায় আৰু পুলিচৰ গুলীত ৰফিক, জব্বাৰ, শফিউল, চালাম, বৰকত প্ৰমুখ্যে বহুকেইজন প্ৰতিবাদকাৰীয়ে প্ৰাণ বিসৰ্জন দিয়ে।সেয়ে মাতৃভাষাৰ কাৰণে প্ৰাণ দিয়া সেইসকল ব্যক্তিক স্মৰণ কৰি অৱশেষত দীৰ্ঘদিনৰ পিছত UNESCO ই  সেই দিনটোক 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' হিচাপে বাচি লয়।

২১ ফেব্ৰুৱাৰীৰ এই 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'টোক বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে সকলো ভাষাৰ মানুহে  পালন কৰে, কাৰণ মাতৃভাষা যিমান দিন থাকিব আমাৰ জাতীয় অস্তিত্বও সিমান দিন বৰ্তি থাকিব।

 ****************************

 

নীলাক্ষি নাথ

সহকাৰী শিক্ষয়িত্রী

লাচিত শিশু প্ৰাথমিক বিদ্যালয়

কৰৰা শিক্ষাখণ্ড,গুৱাহাটী 

 


অলংকৰণ :- সুকন্যা ভৰদ্বাজ


Post a Comment

0 Comments