Labels

শিক্ষাত মাতৃভাষাৰ ভূমিকা l Assamese Article by Jiyaur Rahman

 শিক্ষাত মাতৃভাষাৰ ভূমিকা

   

              ভাষা হৈছে মানুহৰ দৈনন্দিন জীৱনৰ আপুৰুগীয়া সম্পদ । যিকোনো শিক্ষা লাভ কৰিবলৈ হ'লে ভাষাৰ প্ৰয়োজন হয় । শিশুৰ শিক্ষাত মাতৃভাষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । যিকোনো বিষয় শিকিবলৈ হ'লে সকলো শিশুৱে নিজৰ মাতৃভাষাত আনন্দ মনেৰে শিকিবলৈ সক্ষম হয় । মাতৃভাষাই শিশুক শিক্ষা লাভৰ ক্ষেত্রত অধিক আনন্দ আৰু সাহস যোগায় । শিশুক মাতৃভাষাৰ মাধ্যমেৰে সময় উপযোগী শিক্ষা দিবলৈ সহজ হয় , যিটো আন ভাষাৰ দ্বাৰা কঠিন হৈ পৰে। শিক্ষাদান অধিকভাৱে মাতৃভাষাৰ মাধ্যমেৰেহে বাস্তৱমুখী কৰিব পৰা যায়। শিক্ষাগ্ৰহণৰ ক্ষেত্রত মাতৃভাষাই শিশুসকলক যথেষ্ট উৎসাহিত কৰে ।

              মানুহে সৰু কালৰপৰা যি ভাষাৰে কথা কোৱা বা ভাৱৰ আদান-প্ৰদানত অভ্যস্ত হয়, তাকে তাৰ সহজাত মাতৃভাষা বোলে। মনৰ ভাৱ সুন্দৰকৈ বাক্যৰ গাঁথনিৰে যুক্তিপূৰ্ণভাৱে প্ৰকাশ কৰিবলৈ হ'লে নিজৰ মাতৃভাষাটোক শিক্ষাৰ দ্বাৰা সকলো প্ৰকাৰৰ ভাৱ প্ৰকাশৰ উপযোগী কৰি তুলিব লাগিব। মনৰ ভাৱ প্ৰকাশৰ বাট নাপালে ভাৱবোৰ মনতে মৰহি যায়। উপযুক্ত শিক্ষাৰ লগত ভাষাটোৰ প্ৰতি শ্ৰদ্ধা থাকিলে মাতৃভাষাৰ মাজেৰে নিজৰ চিন্তা, সুখ, দুখ,কল্পনাক সুন্দৰ ভাৱে প্ৰকাশ কৰিব পাৰি যিটো অন্য ভাষাত অসুবিধা হয় ।

              ভাষা ক'ব , পঢ়িব বা লিখিব জানিলেই মাতৃভাষাৰ প্ৰকৃত সোৱাদ পোৱা নাযায়। শৈশৱকাল ভাষা শিক্ষাৰ আচল সময় । গতিকে এইখিনি সময়তে মাতৃভাষা শুদ্ধকৈ কোৱা আৰু লিখাৰ প্ৰতি যত্ন ল'ৱ লাগে ।

              উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট নহ'লে শব্দ গাঁথনি শুদ্ধ নহয় । শুদ্ধ আৰু উপযুক্ত শব্দৰ প্ৰয়োগ ঘটাই বাক্য ৰচনা কৰিব পাৰিলেহে মনৰ ভাৱ নিৰ্ভুল ভাৱে প্ৰকাশ কৰিব পাৰি। ইয়াকে কৰিবলৈ হ'লে অন্য ভাষাৰ দৰে মাতৃভাষাও যত্ন সহকাৰে শিকাৰ প্ৰয়োজন । অভিধান ভাষা শিক্ষাৰ বাবে অপৰিহাৰ্য অংগ । শব্দৰ ভঁৰাল টনকিয়াল কৰাত অভিধানে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায় ।

            মাতৃভাষাৰে আমি আমাৰ সমাজখনৰ লগতো সু-সম্পৰ্ক গঢ়ি তোলোঁ। ইয়াৰ সহায়েৰে মনৰ ভাৱ সমাজত ব্যক্ত কৰোঁ আৰু পৰস্পৰৰ চিন্তা-ভাৱনা আৰু সুখ-দুখৰ খবৰ লওঁ । লিখিত ভাষা যিদৰে শুদ্ধ আৰু পৰিপাটিকৈ লিখোঁ , কথিত ভাষাতো তেনে লাগে । কথিতই হওঁক বা লিখিতই হওঁক মাতৃভাষা আয়ত্ব কৰিবলৈ শিকিব লাগে । 

           মাতৃভাষাটোক খৰচি মাৰি শিকি সেই মাতৃভাষাৰ মাধ্যমেৰে জ্ঞান-বিজ্ঞানৰ সকলো বিষয় শিকিবলৈ সুযোগ পালেহে মানুহ প্ৰকৃততে শিক্ষিত হয় । মাতৃভাষা শিক্ষাই কেৱল ভালদৰে কথা কোৱা বা লিখাতেই সীমাবদ্ধ নহয় , মানুহৰ চিন্তা আৰু বুদ্ধিক প্ৰখৰ কৰি জীৱনৰ প্ৰয়োজনীয় সম্পদবোৰ আহৰণ কৰাত ই সহায় কৰে । ফলত মাতৃভাষাৰ প্ৰভাৱ মানুহৰ পিছৰ জীৱনছোৱালৈ থাকি যায় । পিতৃ-মাতৃ আৰু শিক্ষকে সৰুৰে পৰাই শিশুক ভাষা জ্ঞান দিব লাগে । মাতৃভাষাত ৰচিত সাহিত্য পাঠ কৰি মানুহে স্বদেশ আৰু তাৰ মানুহৰ জীৱনৰ নিবিড় পৰিচয় পায় ।

             মাতৃয়ে জন্ম দিয়ে, জন্মভুমিয়ে খেলা ধূলা কৰিবলৈ আৰু সাংসাৰিক জীৱনধাৰা চলাবলৈ স্থান দিয়ে আৰু মাতৃভাষাই মনোবিচাৰ মনোভাৱ আনৰ আগত প্ৰকট কৰিবলৈ শক্তি দি মনুষ্য জীৱন সুখময় কৰি তোলে।

            শিশুৰ মানসিক বিকাশত মাতৃভাষাৰ ভূমিকা অতি তাৎপৰ্য পূৰ্ণ । জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাষাত " কেঁচুৱাৰ শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ যিমান প্ৰয়োজন, মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষা সিমানে আৱশ্যক । "

            কমলা কান্ত ভট্টাচাৰ্যৰ মতে, " মানুহক জ্ঞান শিকোৱা আৰু বুজোৱাৰো আদি হৈছে মাতৃভাষা। মাতৃভাষাৰে যেনেকৈ সুনাম আৰু  সোনকালে ল'ৰা-ছোৱালীক শিক্ষা দিব পাৰি, আন ভাষাৰে তেনেদৰে নোৱাৰি । "

            শিক্ষাৰ প্ৰাথমিক স্তৰত মাতৃভাষাৰে শিক্ষা দিয়া হয় । মাতৃভাষাৰে শিক্ষাদান কৰিলে শিশুৱে বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰিবলৈ সক্ষম হয়। শিশু শিক্ষাৰ পাঠ্যক্ৰম সমূহৰ বিষয়বস্তু মাতৃভাষাত উপস্থাপন কৰাৰ বাবে শিশুসকলে নিজা প্ৰচেষ্টাৰেও অধ্যয়ন কৰিব পাৰে । 

            শিশুৱে সাধাৰণতে স্কুললৈ যোৱাৰ আগতে মাতৃভাষা আয়ত্ব কৰে আৰু সেই ভাষাত কিছু চিন্তা কৰিব পৰাওঁ হয় । এই দক্ষতাই শিশুক নিজৰ ভাষা শিকি নিজৰ ভাষাটোক আৰু ভালদৰে শিকাত সহায় কৰে ।

           মাতৃভাষা সমাজ জীৱনৰ অতি আৱশ্যকীয় অংগ । মাতৃভাষাৰ বিকাশ আৰু প্ৰসাৰেৰে এখন সমাজ সু-সমৃদ্ধিশালী হৈ পৰিব পাৰে । শিশুকালৰ পৰাই মাতৃভাষাৰ লগত মানুহৰ সম্পৰ্ক । সেয়ে এই মাতৃভাষা শিক্ষাৰ পৰা শিশু বঞ্চিত হ'লে মানসিক বিকাশ সম্পূৰ্ণ নহয় আৰু সমাজ জীৱনৰ লগত তাল মিলাই চলিব নোৱাৰে । 

          এটা সৱল সুস্থ জাতি গঢ়ি তুলিবৰ বাবে মাতৃভাষা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে । ইয়াৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ একো একোজন দায়িত্বশীল নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰিব।


লেখকৰ ঠিকনা:

চৈয়দ জিয়াউৰ ৰহমান

সহ: শিক্ষক, 

কানিকুছি নিজবড়িগোগ হাইস্কুল ।

ৰঙিয়া শিক্ষাখণ্ড (কামৰূপ) ।

Post a Comment

0 Comments