header ads

চৰাই চাওঁ আহাঁ |

        এই বিনন্দীয়া পৃথিৱীখনত চৰাইৰ ভূমিকা অতুলনীয় । চৰাইবিহীন অঞ্চল এটা আমি কল্পনা কৰিব নোৱাৰোঁ। চৰাইৰ বিচিত্ৰতা আৰু প্ৰাচুৰ্যতা যিবোৰ এলেকাত অধিক , সেই এলেকাবোৰ জৈৱতন্ত্ৰ (Eco-System) আৰু বাসস্থানৰ কাৰণে অধিক উপযোগী।

        এতিয়া চৰাই পৰ্যবেক্ষণ কৰা মৌলিক কলাবোৰলৈ আহোঁ । চৰাই চোৱাৰ কাৰণে জংঘল বা হাবিলৈ যে যাব লাগিব তেনে নহয় । প্ৰথমতে আমি নিজৰ ঘৰৰ চৌহদৰপৰা আৰম্ভ কৰিব পাৰোঁ। আমি যদি মন কৰোঁ আমাৰ ঘৰৰ চৌহদতে বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পাওঁ । গাঁও অঞ্চলত এই সংখ্যা সাধাৰণতে বেছি হয় । কাউৰী , বুলবুলি , সখীয়তী , কপৌ , শালিকা , মৌ-পিয়া , হেটুলুকা , কুলি , ফেচুঁ , দহিকতৰা , ডাউক , কেতেকী , ভাটৌ , কেক্ লোঙা , চেকচেকী , কাকৈ-শিৰা , ঘনচিৰিকা আদি চৰাইবোৰ অতি সহজে আমি আমাৰ ঘৰৰ চৌহদ বা আমি থকা ঠাইৰ ওচৰে-পাজৰে প্ৰত্যক্ষ কৰি থাকোঁ দৈনন্দিন ।

       প্ৰতিটো চৰাইৰ দৈহিক গঠন , গাৰ ৰং , মাত , উৰণ কৌশল বেলেগ বেলেগ । প্ৰতিটো চৰাইৰ আহাৰ গ্ৰহণ কৰা পদ্ধতি আৰু  বাসস্থান ভিন্ন । এই ভিন্নতাই প্ৰকৃতিক বেলেগ ধৰণৰ বিচিত্ৰতা প্ৰদান কৰিছে । এইবোৰ আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব পাৰিলে প্ৰতিটো চিনাকি চৰাইয়েই আমাৰ আগত নতুনকৈ ধৰা দিয়ে।

          ঘৰৰ চৌপাশৰ চৰাইবোৰ পৰ্যবেক্ষণ কৰা আৰু সেইবোৰৰ বিচিত্ৰতা টুকি লোৱাৰ পিছত আমি অলপ দূৰলৈ চৰাই চাবলৈ যোৱা উচিত । নৈ, খাল , বিল , হাবি ,জংঘল ,পথৰ দাঁতিৰ গছ , পথাৰ সকলোতে চৰাই পৰ্যবেক্ষণ কৰিব পাৰি ।

        চৰাই পৰ্যবেক্ষণৰ সময়ত আমি যি দেখিলোঁ তাক নিজৰ ভাষাত বুজাকৈ বহীত টুকি লোৱাটো অতি দৰকাৰী । ই আমাক পিছলৈ বহুত সহায় কৰে । চৰাই

পৰ্যবেক্ষণ কৰাৰ পিছত বহীত লিখি ল'ব লগা প্ৰধান কথাবোৰ হৈছে - চৰাইটোৰ গাৰ ৰং , ঠোঁটৰ বৰণ , চকুৰ মণিৰ ৰং , মাত আদিৰ লগতে চৰাইটো অকলশৰীয়াকৈ আছিল নে জাকত আছিল , চৰাইটো দেখা স্থানৰ বিৱৰণ , গছত যদি দেখা যায় তেন্তে গছডালৰ নাম , খাই থকা অৱস্থাত দেখিলে কি খাই আছিল , ঠেঙৰ গঠন , এটা ঠাইত অলপ সময় বহি থাকে নে  এক/দুই ছেকেণ্ডৰ মূৰে মূৰে উৰি থাকে , চৰাইটো মতা নে মাইকী ইত্যাদি । লগতে বহীত চৰাই পৰ্যবেক্ষণৰ সময় অৰ্থাৎ ৰাতিপুৱা , দুপৰীয়া , গধুলি নে ৰাতি আৰু তাৰিখ লিখিবলৈ পাহৰিব নালাগে।

         প্ৰতিটো চৰাইৰ সূক্ষ্ম বিৱৰণে আমাক চৰাইৰ প্ৰতি অধিক জানিবলৈ উৎসাহী কৰাৰ লগতে প্ৰকৃতিৰ প্ৰতি আকৃষ্টও কৰি তোলে । চৰাই পৰ্যবেক্ষণৰ সময়ত অকলশৰীয়া বা দলত গ'লেও নিৰৱে থাকি পৰ্যবেক্ষণ কৰা উচিত । তেতিয়া সুফল পোৱা যায় । আকৌ চৰাই পৰ্যবেক্ষণৰ সময়ত বাইন'কুলাৰ , চৰাই সম্বন্ধীয় কিতাপ লগতে নোটবুক আৰু কলম থকাটো জৰুৰী।

       চৰাই-প্ৰীতি আৰু চৰাইৰ অধ্যয়নে আমাক প্ৰকৃতিৰ প্ৰতি একাত্ম হ'বলৈ শিকায় । প্ৰকৃতিক ওচৰৰ পৰা অনুভৱ কৰিবলৈ সুযোগ দিয়ে । প্ৰকৃতিৰ কাৰণে আমাৰ কৰণীয় কি , প্ৰতিবাৰ চৰাই পৰ্যবেক্ষণে আমাক শিকাই যায় ; মনক প্ৰশান্তি দিয়ে  আৰু  আমাৰ সহনশীলতা বঢ়ায় । চৰাই চাবলৈ হ'লে খোজ কঢ়াটো অতি জৰুৰী । গতিকে ই আমাক সুস্বাস্থ্য গঢ়ি তোলাতো সহায় কৰে বুলি ক'ব পাৰি ।

           চৰাইৰ বিষয়ে গৱেষণা কৰা জনক পক্ষীবিদ ( Ornithologist) বুলি কোৱা হয় । বিশ্বৰ এজন বিখ্যাত পক্ষীবিদৰ নাম হৈছে ভাৰতৰ ডঃ চেলিম আলী। এইবাৰলৈ ইয়াতে সামৰিলোঁ। এমুঠি সেউজ আশাৰে .........।

 ----------///---------

কুলদীপ দাস

প্ৰকল্প সহায়ক

চি.এম.এল., টাটা ট্ৰাষ্ট।



অলংকৰণ:-মনবিনী দাস



Post a Comment

0 Comments