বিষ্ণু ৰাভা
হে বিষ্ণু ৰাভা !
তোমাক শত-সহস্ৰ নমস্কাৰ
;
কলা-সংস্কৃতিৰ সুগন্ধি
ফুলেৰে ,
কৰিলা অসমক জাতিষ্কাৰ ।
অসম মাতৃৰ কোলাত জন্মি ;
সাগৰসদৃশ জ্ঞান লভি ,
অজৰ-অমৰ হৈ ৰ'লা ,
তুমি ৰত্নময় ।
তুমি সুৰকাৰ,
চিত্ৰশিল্পী ,
তুমি গীতিকাৰ,
নৃত্যশিল্পী ,
তুমি খেলুৱৈ, গায়ক,
অভিনেতা,
মুক্তিযুঁজাৰু তুমি
জগতবিদিত ।
সাম্যবাদী স্বাধীনতাপ্ৰেমী ;
গোপাল ৰাভাৰ পুত্ৰ তুমি ,
কঢ়িয়াই আনিলা বৃহৎ খ্যাতি,
'কুইন এম্প্ৰেছ' পদক লভি ।
বিখ্যাত তোমাৰ তাণ্ডৱ
নৃত্য ;
শক্তিশালী মনৰ ভেঁটি ,
সৰ্বপল্লীয়ে প্ৰদান
কৰিলে,
'কলাগুৰু' উপাধি ।
শংকৰ-মাধৱৰ যুগল ছবি ;
তোমাৰ হাতৰ অমৰ সৃষ্টি,
যুৱসমাজত আলোড়ন আনি,
পৰিচয় দিলা চমৎকাৰী ।
দিলা একাঁজলি গানৰ শৰাই
;
অসমীয়াৰ প্ৰাণ ভৰাই ,
অন্ধকাৰ ভেদি পোহৰাই
তুলিলা
২০ জুনত তুমি চিৰবিদায়
মাগিলা ।
হিয়াৰ আমঠু তুমি অসমৰ ,
তুমি শিল্পী অতীতৰ ,
তুমি শিল্পী বৰ্তমানৰ ,
তুমি শিল্পী অনাগত ভৱিষ্যতৰ ।
************************
ৰাধিকা শালৈ
সহঃ শিক্ষয়িত্ৰী
পশ্চিম কুমাৰবড়ী
প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ৰাণী
অলংকৰণ- সুকন্যা ভৰদ্বাজ
0 Comments