header ads

গৰমৰ বন্ধ | Assamese Poem by Prativa Bora

 গৰমৰ বন্ধ

গৰমৰ বন্ধ , গৰমৰ বন্ধ

কি যে মজা ভাই ,

ঘৰলৈ আলহী আহিব বুলি

থাকোঁ বাট চাই । 

আলহী আহিলে

বৰ মজা পাওঁ ,

বাৰীত থকা লেটেকু , পনিয়ল

লগে - ভাগে খাওঁ ।

পঢ়া - শুনা নকৰি

খেলোঁ লুকা - ভাকু ,

মায়ে এচাট দিলেহে

চকুপানী টোকো ।

মৰমতে আইতাই কোলাত তুলি

সাধুকথা শুনায় , 

বিচনীৰে বিচি বিচি

আমাক টোপনি নিয়াই । 

ককাৰ সৈতে পথাৰলৈ 

চাহ - জলপান লৈ যাওঁ ,

ৰোৱনীৰ সৈতে ভুঁই ৰুই

মনত আনন্দ পাওঁ । 

সন্ধিয়া সময়ত দেউতাই

আমাক ফুৰাবলৈ নিয়ে ,

বাটতে দোকান পালে

চকলেট কিনি দিয়ে ।

ফুৰি আহি টোপনিতে

হালি - জালি পৰোঁ ,

মা অহাৰ উমান পাই

নেওতা মুখস্থ কৰিবলৈ ধৰোঁ ।

এনেদৰে খেলা-ধূলাৰ  মাজেৰে

বন্ধটো কৰিলোঁ পাৰ , 

মনত হেঁপাহ ৰৈ গ'ল কাজিৰঙাৰ

জীৱ-জন্তু চাবলৈ এবাৰ ।

প্ৰতিভা বৰা

সহ শিক্ষয়িত্ৰী,

দীৰ্ঘেশ্বৰী  মধ্য ইংৰাজী বিদ্যালয়

শিক্ষাখণ্ড : কৰৰা, কামৰূপ

Post a Comment

0 Comments