header ads

অসমীয়া কবিতা, মুক্তিৰ সন্ধানত, শ্ৰীনৱ দাস

 মুক্তিৰ সন্ধানত




আৰু এটা দিন পাৰ হৈ গ'ল
কোনোবা ঘৰলৈ গ'ল ,
আৰু কোনোবা ?
ফুটপাথতে পৰি ৰ'ল  ৷

পোহৰ হ'ব, চহৰখনে সাৰ পাব ,
চকুহাল মেলিয়েই
সি কাম এটা বিচাৰিব ৷
ভাগ্যৰ খেল এয়া
কোনোবাদিনা ভাগৰে দেহা মাৰিব ,
আৰু কোনোবা দিনাখন ভোকে .. !

বিহঙ্গই জানো বিচাৰে,
বন্দীত্বৰ পাশত থকা এখন অৰণ্য ?
সোঁৱে-বাঁৱে বহু মনুষ্য , 
কিন্তু তালৈ চাবলৈ ,
তাক বুজিবলৈ সময় নাই কাৰো সামান্য ৷

দুচকুত ক্ষত-বিক্ষত হৈ পৰি আছে ,
বাল্যকালৰ সেয়া শেলুকীয়া উশাহ ,
স্বাধীন দেশত পাব জানো সি
বন্দীত্বৰ পৰা এচাটি মুকলি প্ৰবাহ ?
এনেকৈয়ে এটি এটি দিন পাৰ হৈ যাব
শিশু শ্ৰমিক ,
শ্ৰমিক হৈয়ে ৰ'ব ৷

শ্ৰীনৱ দাস
সহকাৰী শিক্ষক 
ফটুৰী মধ্য ইংৰাজী বিদ্যালয় 
ছয়গাঁও শিক্ষাখণ্ড
মোবাইল - ৭০০২২৫৬৭৭৬














Post a Comment

0 Comments