header ads

অসমীয়া কবিতা, ৰৈ আছোঁ সময়লৈ, মামণি কলিতা ,৩য় বছৰ ৩য় সংখ্যা,

 ৰৈ আছোঁ সময়লৈ


আই , 

হৃদয়খনত পাত্থৰবোৰ সজাই পৰাই 

ন-কলিজাৰ ৰূপ দিছে

তাহানিতেই ...

সেয়ে এতিয়া বাটলুগুটিয়ে

একো প্ৰভাৱেই পেলাব নোৱাৰে ,

উফৰি উফৰি গৈ 

বাটলুগুটিৰ গৰাকীকহে

শৈলবৃষ্টিৰে ধৰাসায়ী কৰিছে ।


এদিন

সময় আহিব সত্যৰ

সময় আহিব ন্যায়ৰ

বধ হ'ব মহিষাসুৰ

বধ হ'ব অঘাসুৰ

বধ হ'ব বকাসুৰ

যত মানে অসুৰ ,


সিদিনা অনাবিল সুখত

শীতৰ নিহালি লৈ

কলিজাটোৱে নি:পালি দি শুব

আৰু মুখত এমোঁকোৰা হাঁহি লৈ 

আইয়ে গাব ------

" আমাৰে মইনা শুৱ এ ............ "






মামণি কলিতা , গুৱাহাটী
সহকাৰী শিক্ষয়িত্ৰী
বিদ্যালয় : বেৰীগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : ৰাণী


Post a Comment

0 Comments