নোৱাৰোঁ বুলি নক’বা
কিয়নো ক’বা কোনো এটি কাম
একেবাৰে নোৱাৰোঁ বুলি ,
কিজানি পাৰা এবাৰ কৰি চোৱা
চেষ্টা নকৰা কিয় সমূলি ?
নোৱাৰোঁ বুলি ভৱাটোৱে হ’ল
বিফলতাৰ মূল কাৰণ ,
পাৰো বুলি যদি যতন কৰা
জিনিব পাৰিবা মহাৰণ ৷
বিফল হ’লেহে চিনিবা তুমি
সফলতাৰ নতুন বাট ,
চেষ্টা কৰি কৰি সফল নহ'লেও
আমেজ থাকিব তাত ৷
জনাটোকে বাৰে বাৰে কৰিলে
পাৰিবা নিপুন হ’ব ,
নিপুনতাৰে খৰকৈ কৰিলে
তাকে ওস্তাদ বুলিব ৷
অভ্যাস আৰু একাগ্ৰতাৰে
কৰি যোৱা নিজ কাম ,
ফল নিবিচাৰি মাথো কৰ্ম কৰি
ৰাখি যোৱা নিজ নাম ৷
ভাস্কৰ জ্যোতি দাস
সহকাৰী শিক্ষক
শিক্ষাখণ্ড : হাজো ।
0 Comments