header ads

অসমীয়া কবিতা, তাহানিৰ দিনবোৰ , শ্ৰী উৎপল চৌধুৰী, ৫ম বছৰ-১ম সংখ্যা,

 তাহানিৰ দিনবোৰ 


-
তাহানিৰ দিনবোৰ 
কেনি হেৰাই গ'ল !
শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ নিশাৰ 
মধুৰ আমেজবোৰ নোহোৱা হ'ল ৷
চোতালত বহি নাতি নাতিনীবোৰে 
বুঢ়ী আইৰ সাধু নুশুনা হ'ল , 
তাহানিৰ দিনবোৰ 
কেনি হেৰাই গ'ল !
শেৱালীৰ সুবাস নোহোৱা হ'ল 
ঘৰৰ চালৰ লাও জিকাবোৰ 
নোহোৱা হ'ল ,
জাকৈ পলৰ লগত
ৰংমনহঁতো অচিনাকী হ'ল ৷
তাহানিৰ দিনবোৰ 
কেনি হেৰাই গ'ল !


      শ্ৰী উৎপল চৌধুৰী
      সহঃ শিক্ষক
     ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয়
     কৰৰা শিক্ষাখণ্ড

Post a Comment

0 Comments