header ads

অসমীয়া প্ৰবন্ধ,স্মাৰ্ট টিভি উন্মোচন আৰু মোৰ অনুভৱঃ, পৱিত্ৰ কৈৱৰ্ত্ত, ৫ম বছৰ-১ম সংখ্যা,

 স্মাৰ্ট টিভি উন্মোচন আৰু মোৰ অনুভৱঃ




বিগত বৰ্ষৰ অৰ্থাৎ ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটি  আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত বিশেষভাৱে উদ্‌যাপন কৰা হয় । অসম বিজ্ঞান সমিতি, বকো শাখাৰ উদ্যোগত আয়োজন কৰা দিৱসটিত ‘জ্ঞানম’ শৈক্ষিক গোট , কামৰূপৰ লগতে বিদ্যালয়খনে সহযোগ কৰে । দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগতে এটি বিশেষ কাৰ্যসূচী আছিল । সেইটো হ'ল বিদ্যালয় পৰিচালনা সমিতিৰ তৎপৰতাত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ শৈক্ষিক উন্নতিত অৰিহণা যোগাবলৈ ক্ৰয় কৰা এটি স্মাৰ্ট টিভি উন্মোচনৰ অনুষ্ঠান । 

   কামৰূপ জিলাৰ বকো শিক্ষাখণ্ডৰ উত্তৰ বনগাঁও মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত এই বিদ্যালয়খনত উক্ত দিনা অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ , হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা জ্ঞানমৰ উপদেষ্টা ড° গণেশ্বৰ চহৰীয়া ছাৰ আৰু জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ তথা জ্ঞানমৰ সমন্বয়ক ফুলপাহি নাথ বাইদেউ ।  দুয়োগৰাকী মিলি স্মাৰ্ট শ্ৰেণী কক্ষটিৰ দুৱাৰ মুকলি কৰি স্মাৰ্ট ক্লাছৰ বাবে স্মাৰ্ট টিভি উন্মোচন কৰে ৷ ইয়াৰ পিছত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত সভাপতিত্ব কৰে জামবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক গিয়াছউদ্দিন আহমেদ ছাৰে আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা হেতুকে মই শ্ৰীপৱিত্ৰ কৈৱৰ্ত্তই উদ্দেশ্য ব্যাখ্যা কৰোঁ । ‘গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান’ শীৰ্ষক আলোচ্য বিষয়বস্তুত ল'ৰা-ছোৱালীৰ মনোগ্ৰাহী হোৱাকৈ অসম বিজ্ঞান সমিতিৰ আজীৱন সভ্য তথা উক্ত অনুষ্ঠানৰ মুখ্য অতিথি ড° গণেশ্বৰ চহৰীয়া ছাৰে আলোচনা আগবঢ়ায় ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য , বিজ্ঞানী চি.ভি. ৰমণৰ বৈজ্ঞানিক ক্ষেত্ৰত অৰিহণা আদি সৰল শব্দৰে শুৱলাকৈ ব্যাখ্যা কৰাৰ লগতে বিদ্যালয়খনত স্মাৰ্ট টিভি কক্ষ উন্মোচন কৰা কাৰ্যকো তেওঁ প্ৰশংসা কৰে । আনহাতে বিদ্যালয়খনত আহি সন্তোষ প্ৰকাশ কৰি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা জিলা আঁচনি বিষয়া ফুলপাহি নাথ বাইদেৱে আন আন উন্নয়নৰ লগতে বিদ্যালয় উন্নয়ন শিতানৰ পৰা স্মাৰ্ট টিভি ক্ৰয় কৰি শিক্ষাদানৰ বাবে উন্মোচন কৰা এয়াই কামৰূপ জিলাত প্ৰথম নিম্ন প্ৰাথমিক বিদ্যালয় বুলি কয় , যদিওবা আন বিদ্যালয়ত প্ৰজেক্টৰ বা সাধাৰণ টিভি আদি আগৰ পৰাই আছে । প্ৰাথমিক বিদ্যালয়ৰ পৰাই বিজ্ঞান ক্ষেত্ৰত আগবঢ়াই নিবলৈ প্ৰয়াস কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাইদেৱে শলাগ লয় । তেখেতে ভৱিষ্যতেও বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতিৰ হকে আৰু অধিক পদক্ষেপ লবলৈ বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আন আন বিদ্যালয়সমূহকো আহ্বান জনায় । উক্ত অনুষ্ঠানত উপস্থিত থকা অসম বিজ্ঞান সমিতি , বকো শাখাৰ উপদেষ্টা গৌৰাংগ ঠাকুৰীয়া ছাৰে সমাজ জীৱনত বিজ্ঞানৰ প্ৰভাৱ , খাদ্যাভ্যাস সম্পৰ্কে সুন্দৰ আলোচনা আগবঢ়ায় । তাৰোপৰি বক্তব্য ৰাখে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক জাবেদ আলী ছাৰেও আৰু শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞান সমিতিৰ আজীৱন সদস্য তথা জ্ঞানমৰ প্ৰচাৰক আৰু সংগঠক নৱ কুমাৰ নাথ ছাৰে । 
 উক্ত অনুষ্ঠানত জিলাৰ FLN পৰামৰ্শদাতা নিতু মহন্ত , উত্তৰ বনগাঁও মণ্ডল সমলকেন্দ্ৰৰ সমন্বয়ক হীৰেন কলিতা , বিদ্যালয়খনৰ শিক্ষয়িত্ৰীবৃন্দ ক্ৰমে বিজুমণি পাঠক , মামণি কলিতা , নমিতা দাস , জুতিকা কুমাৰী , সমলকেন্দ্ৰটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে মথুৰা কলিতা , সত্য মালী , হাচমত আলী , জগমোহন বড়ো , কুশল বনিয়া , স্মৃতি দেৱী ,  আলাউদ্দিন আহমেদ , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিত আলী , সদস্য উমেদ আলী , ৰন্ধন কৰ্মী চালেহা বেগম , উচিৰা বিবি আৰু ছাত্ৰ-ছাত্ৰীবৃন্দই । 

 শেষত ড° চহৰীয়া ছাৰে কিছু সংখ্যক কিতাপ  বিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়ায় ৷ উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ দায়িত্বত থকাৰ বাবে আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও বিদ্যালয়খনৰ নতুন প্ৰচেষ্টাক বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া , কামৰূপৰ অপূৰ্ব ঠাকুৰীয়া ছাৰ আৰু বকো খণ্ড প্ৰাথমিক শিক্ষা বিষয়া যুগল দাস ছাৰে শলাগ লয় আৰু শুভেচ্ছা জনায় ।

২০২৪ ইংৰাজী বৰ্ষৰ অক্টোবৰ মাহলৈ স্মাৰ্ট টিভিটো উন্মোচন কৰা প্ৰায় ২০ মাহ হ'ল আৰু এতিয়াও সুকলমে চলি আছে। ইয়াত ইণ্টাৰনেট সংযোগ কৰি 'ক' আৰু প্ৰথম শ্ৰেণীক বিভিন্ন প্ৰাৰম্ভিক শিক্ষা দি থকা হৈছে। এওঁলোকৰ লগতে অন্যান্য শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শিক্ষামূলক গল্প চোৱাৰ লগতে সুন্দৰ হাতৰ আখৰ লিখাৰ কৌশল , বিভিন্ন শৈক্ষিক ভিডিঅ', চৰকাৰৰ তৰফৰ পৰা চাবলৈ আহ্বান কৰা মৰ্মে 'চন্দ্ৰযান--৩.০'ৰ অনুষ্ঠান , প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' শুনা আদিত ব্যৱহৃত হৈছে । এনেকুৱা অনুষ্ঠানবোৰ আমি আমাৰ সাধাৰণ ম'বাইলত দেখুৱালে ওচৰৰ জনৰ বাহিৰে দূৰত থকাসকলৰ বাবে ভালকৈ দৃশ্যমান নহয় আৰু শব্দ শুনা নাযায় , কিন্তু স্মাৰ্ট টিভিত দেখিবলৈও ডাঙৰ হোৱা বাবে সুদৃশ্যমান আৰু শব্দও স্পষ্টকৈ শুনা যায় । ইয়াৰ দ্বাৰা শিক্ষামূলক অনুষ্ঠান উপভোগ কৰি শিক্ষা লাভত বহুখিনি সহায়ক হৈছে ।



✍️ পৱিত্ৰ কৈৱৰ্ত্ত, 
প্ৰধান শিক্ষক, আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয় , 
শিক্ষাখণ্ড বকো

Post a Comment

1 Comments

  1. প্ৰকাশৰ বাবে সম্পাদনা সমিতিক অশেষ ধন্যবাদ জনালোঁ।

    ReplyDelete