header ads

বিদ্যাৰ্থীৰ শিতান,সাঁথৰঃ,যুগল কলিতা ,৫ম বছৰ-১ম সংখ্যা,

 সাঁথৰঃ



(১) পানী আছে মাছ নাই , জংঘল আছে বাঘ নাই । 
--- নাৰিকল ।

(২) গা আছে মূৰ নাই , চকু আছে দাঁত নাই । 
------ কেকোঁৰা ।

(৩) কি পাত গছত নালাগে ? 
------ ধাৰাপাত ৷

(৪) জুইত ফুটে পানীত মৰে । সেই বস্তুটো সকলোৰে ঘৰে ঘৰে ৷ 
-----নিমখ ৷
 
(৫) মোকেই কাটে , মোকেই মাৰে , মোকেই খাই জীৱন তৰে ।
-------- ধান ।

(৬) এডাল লতা , পালেগৈ কলিকতা ।
------টেলিফোন ৷

(৭) কি পান গছত নালাগে ?
-----জলপান ৷
 
(৮) কি বস্তুৱে এজন লোকক দুজন কৰে ? 
------ দাপোণ ৷

(৯) যি দিওঁ তাকেই খায় , পানী দিলে মৰি যায় ৷ 
----জুই । 

(১০) আলিয়ে আলিয়ে যায় , মূৰ দাঙি চায় । 
----বেজি । 


যুগল কলিতা ,
ষষ্ঠ শ্ৰেণী , গুইমাৰা মজলীয়া বিদ্যালয় । 
শিক্ষাখণ্ড ৰামপুৰ

Post a Comment

0 Comments