header ads

অসমীয়া প্ৰৱন্ধ I জুবিন গাৰ্গঃ জনতাৰ হৃদয়ৰ সুৰ আৰু হৃদয়ৰ ভগৱান I ত্ৰিদিৱ চৌধুৰী I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 জুবিন গাৰ্গঃ জনতাৰ হৃদয়ৰ সুৰ আৰু হৃদয়ৰ ভগৱান  




       ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক গীতৰ শিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজত নাই বুলি বিশ্বাস কৰাটো অসমৰ লাখ লাখ জনতাৰ বাবে অকল্পনীয় । যোৱা ১৯ ছেপ্তেম্বৰ , ২০২৫ ইং তাৰিখে মহান শিল্পীজনাৰ মৃত্যুৰ খবৰে অসমবাসীৰ বুকুত বজ্ৰাঘাত কৰিছিল । জনতাৰ দাবী জুবিন গাৰ্গৰ মৃত্যুত গভীৰ ৰহস্য আছে । যোৱা ২৩ ছেপ্তেম্বৰ , ২০২৫ ইং তাৰিখে জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়া শেষ হোৱাৰ পিছৰে পৰাই অসমত এটাই দাবী উঠিছে দোষীক শাস্তি প্ৰদান কৰিব লাগে । হয় , দোষীয়ে শাস্তি পোৱাটো বিচাৰিছোঁ । কাৰণ জুবিন গাৰ্গ অসমৰ আকাশত এটুকুৰা হীৰা । অসমীয়া সংস্কৃতিৰ পথাৰত জুবিন গাৰ্গ এজন মহান শিল্পী , এটা বৃহৎ অনুষ্ঠান । খাটি খোৱা জনতাৰ হৃদয়ে হৃদয়ে জুবিন গাৰ্গ প্ৰবাহিত । শ্ৰমজীৱি জনতাই ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰাই জুবিনৰ গীতক সাৰথি কৰি নিজৰ নিজৰ কাম কৰিবলৈ শক্তি লাভ কৰে । কাম কৰি কৰি শ্ৰমজীৱি মানুহে ভাগৰি পৰিলে শক্তি বৰ্ধক ঔষধ খোৱাৰ দৰেই জুবিনৰ গীত শুনে , ভাগৰবোৰে পলাই পত্ৰং দিয়ে। কেৱল যুৱ প্ৰজন্ম বুলি ক'লে ভুল কৰা হ'ব, জুবিন সকলোৰে হিয়াৰ আমঠু । জুবিনৰ মৃত্যু সহজে মানি ল’ব পৰা নাই । সকলোৱে সজোৰে দাবী উত্থাপন কৰিছে দোষীয়ে উচিত শাস্তি পাবই লাগিব । জুবিনৰ মৃত্যু অসমৰ বাবে বৃহৎ ক্ষতি । 
শ্ৰমজীৱি জনতাৰ দুৱাৰত জুবিনক ভগৱান হিচাপে মানি আহিছে । অসমৰ লাখ লাখ মানুহে ভগবান বুলি জ্ঞান কৰাৰ উদাহৰণ পোৱা গৈছে । জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে মানি লব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ কিছুসংখ্যক যুৱকে আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছে । জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰাই মানুহৰ হাঁহিবোৰ হেৰাই গৈছে । যদি আপোনালোকে অনুধাৱন কৰে দেখা পাব খাটিখোৱা জনতাৰ হৃদয়ত জুবিন গাৰ্গ একক আৰু অনন্য । 
          প্ৰতিখন বাছত জুবিনৰ ফটো সম্বলিত কৰি জুবিনৰ গীত শুনি দৈনন্দিন জীৱনৰ কামবোৰ কৰি গৈছে । আনহাতে জুবিনক যে প্ৰাণ ভৰি ভাল পায় তাৰ উদাহৰণ হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত স্বতঃস্ফুৰ্ত বন্ধ । লাখ লাখ জনতা সাক্ষী । জুবিন গাৰ্গ যে মানুহৰ বুকুৱে বুকুৱে বাস কৰি আছে তাৰ এটি বাস্তৱ উদাহৰণ দিবলৈ চেষ্টা কৰিলোঁ ৷ সাধাৰণতে বাছত সাধু বাবাসকল উঠিলে বাছভাৰা লোৱা দেখা নগৈছিল । সাধু বাবা বুলি জানিলে বাছৰ কণ্ডাক্টৰ সকলে বাছ ভাড়া নোখোজে । এয়া চকুৰে দেখি থকা নৈমিত্তিক ঘটনা । কিন্তু আজি এক বিপৰীত প্ৰতিচ্ছবি মোৰ চকুৰ সন্মুখত সংঘটিত হ'ল । জুবিন গাৰ্গৰ মৃত্যু সহজে মানি লৱ পৰা নাই অসমৰ জনতাই । বাছ কণ্ডাক্টৰ সকলেও জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৷ যোৱা 25/09/2025 ইং তাৰিখে জুবিন গাৰ্গক ভগৱান জ্ঞান কৰা বাছৰ কণ্ডাক্টৰ জনৰ কথা শুনি মই আচিৰত হলোঁ । ৰাতিপুৱা তেতিয়া সময় 9.30 । মই আমিনগাঁওৰ ছেকগেটত বাছত উঠিলোঁ খানাপাৰা অভিমুখী বাছত । মোৰ সৈতে এগৰাকী সাধুবাবাও বাছত উঠি বহিল । এটা সময়ত বাছৰ কণ্ডাক্টৰ জনে বাছভাড়া বিচাৰিলে । যেতিয়া সাধু বাবাজনক বাছভাড়া বিচাৰে তেতিয়া সাধুবাবা জনে ‘মই সাধু বাবা’ বুলি কৈ বাছভাড়া দিবলৈ অমান্তি হ'ল । তেতিয়া বাছৰ কণ্ডাক্টৰজনে চিঞৰি প্ৰশ্ন কৰিলে , “ যদি সাধু বাবাই হয় তেন্তে জুবিন গাৰ্গক কিয় মৃত্যুৰ পৰা বচাব নোৱাৰিলে , কিয় আগতীয়াকৈ জুবিনক কোৱা নহ'ল মৃত্যু সন্মুখত আছে , কিয় বচাব নোৱাৰিলে জুবিনক । আমাৰ ভগৱানৰ মৃত্যু হ'ল , জুবিন গাৰ্গ আমাৰ বুকুৰ মৰমৰ । আমাৰ হৃদয়ত ধুমুহা বৈ আছে , আৰু ক’ব আহিছে সাধু বাবা বুলি , এতিয়াৰ পৰা কাকো ৰেহাই দিয়া নহ’ব ।” জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শোকত ম্ৰিয়মাণ । মই কণ্ডাক্টৰজনৰ লগত কথা পাতি গম পালোঁ যে জুবিন ভগৱান আছিল তেওঁলোকৰ বাবে । এইটো এটা নামমাত্ৰ উদাহৰণ । এই ঘটনাৰ পৰাই গম পোৱা যায় যে জুবিন একক আৰু অনন্য । কাৰণ সহজ সৰল মনৰ জুবিন গাৰ্গ আছিল সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া এজন মহান শিল্পী । সঁচা অৰ্থত প্ৰকৃত শিল্পী । বহু মানুহৰ দুখবোৰৰ সতে সহযোগ কৰি কিদৰে দুখমোচন কৰিব পৰা যায় তাৰ চিন্তা কৰিব পৰা ব্যক্তি । জাতি , ধৰ্ম , বৰ্ণ নিৰ্বিশেষে গীতেৰে , কামেৰে , মৰমৰ শিকলিৰে বান্ধিব পৰা শিল্পী আছিল জুবিন গাৰ্গ । 
        মৰমৰ শিল্পীজন হঠাৎ হেৰাই গ’ল আমাৰ মাজৰ পৰা । অসমৰ প্ৰতিটো পৰিয়ালৰ সদস্য হৈ পৰা জুবিন গাৰ্গৰ অকাল মৃত্যু ! ভাবিবই নোৱাৰি । এক প্ৰতিবাদী সত্তাই এজাক প্ৰচণ্ড ধুমুহাত যেন মায়াবিনী নিশাৰ বুকুত উৰা মাৰিলে অজান ঠাইলৈ । জুবিনৰ প্ৰতি হিয়া উজাৰি ভালপোৱা থকা বাবেই জুবিন আনতকৈ পৃথক । জুবিনৰ মায়াসনা গীত । গীতৰ মাজেৰেই জীৱনৰ সুখ , দুখৰ সংজ্ঞা বিচাৰি পোৱা যায় । 
       আধুনিকতাৰ ধামখুমীয়াত নৱ প্ৰজন্মই যেতিয়া পাহৰি পেলাইছিল অসমীয়া সংস্কৃতিৰ বৰগীত , লোকগীত , টোকাৰি গীত , দিহানাম ,শংকৰী সংস্কৃতি , তেতিয়া জুবিন গাৰ্গে এইবোৰ গীতত কণ্ঠ নিগৰাই অধিক প্ৰাণৱন্ত ৰূপত জিলিকাই তুলিছিল । মোৰ অনুভৱ আজিৰ প্ৰজন্মৰ ৯০ শতাংশই হয়তো অসমীয়া সংস্কৃতিৰ লোকসংগীত , ভক্তিমূলক গীত , বৰগীত , দিহানাম , টোকাৰি গীত আদি বুলি যে গীত আছে সেয়া নাজানিলেহেঁতেন । নৱ প্ৰজন্মক শিকাই থৈ গ'ল অসমীয়া সংস্কৃতিৰ মেটমৰা ভঁৰাল । ৰাতিপুৱা শুই উঠি জুবিনৰ কন্ঠৰ বৰগীত , লোকগীত , টোকাৰি গীত আদিয়ে যুৱ প্ৰজন্মৰ অন্তৰত সাঁচ বহুৱাবলৈ সক্ষম হৈছে । কৰ্মব্যস্ত জীৱনত দিনটোৰ আৰম্ভনিৰ পৰা নিশা টোপনি যোৱালৈকে যিকোনো সময়ত জুবিনৰ গীতে বুকুৰ গভীৰতাত সোমাই হিয়া জুৰ পেলাইছিল সকলো মানুহৰ হৃদয়ত । আজি যদিও শৰতৰ বতৰ , তথাপি শৰতৰ বতৰত শাৰদী ৰাণীয়ে যেন গাইছে বিলাপ । নিৰ্ভীক , বাস্তৱবাদী শিল্পীজনাৰ মৃত্যুত যেন প্ৰকৃতি ৰাণীয়ে শোকত ম্ৰিয়মাণ । যান্ত্ৰিক , স্বাৰ্থপৰ মানুহৰ সমাজখনৰ ফোঁপোলা স্বৰূপ উদঙাই তীব্ৰ ক্ষোভত নিজেই আঁতৰি গ'ল আমাৰ মাজৰ পৰা চিৰদিনলৈ । ‘সাগৰ তলিতে শুৱৰে মন’ গীত গোৱা শিল্পী গৰাকীৰ মৃত্যুৱে অসমীয়াৰ বুকুত হঠাৎ মূৰৰ ওপৰত আকাশ ভাগি পৰিল । কোনোদিনেই উভতি নহাৰ বাটেৰে খোজ থ’লে । জুবিন গাৰ্গ আছিল জনতাৰ হৃদয়ৰ স্পন্দন । গীতৰ জৰিয়তে সমাজক একতাৰ বাৰ্তাৰে বান্ধি ৰাখিব পৰাটো তেওঁৰ মহৎ গুণ । এই মহৎ গুণে জুবিনক মহীয়ান কৰি তুলিছে । জুবিন জীয়াই থাকক জুবিনৰ সৃষ্টিৰ মাজেৰে । জুবিন তুমি চিৰ জ্যোতিষ্মান । 
   
        
 ত্ৰিদিৱ চৌধুৰী I
 সহকাৰী শিক্ষক ,
 শৰাইঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় I
 শিক্ষাখণ্ড : কৰৰা I

Post a Comment

0 Comments