header ads

ক'ভিড আৰু শিক্ষাদান | An Article by Kokil Sarma

ক'ভিড আৰু শিক্ষাদান



      মানৱ সমাজৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত শিক্ষা হৈছে এক এৰাব নোৱাৰা অধ্যায়। অসমৰ দৰে দেশৰ এখন সৰু ৰাজ্যৰ উন্নতিৰ নিমিত্তে ইয়াৰ প্ৰায়সংখ্যক লোক শিক্ষিত হোৱা নিতান্তই প্ৰয়োজনীয়। কিন্তু এই সময় বৰ জটিল। কভিডৰ আচোৰে বেয়াকৈ ক্ষতি কৰিছে সমগ্ৰ ৰাজ্যখনক। নিতৌ সহস্ৰাধিক লোক কভিড-১৯ত আক্ৰান্ত  হৈছে । মাস্ক পিন্ধি তীব্ৰ গৰমত বাহিৰত সময় কটোৱাও হৈ পৰিছে প্ৰত্যাহ্বানমূলক। ক'ৰোনাত জৰ্জৰিত ক্ষণত  শ্ৰেণী কোঠাত বিভীষিকা, অস্তিত্ব , চাপ পৰিহাৰ কৰি বিষয়বস্তুত নিমজ্জিত হোৱাটো এগৰাকী শিক্ষাগুৰুৰ বাবে সিমান উজু নহ'ব। এগৰাকী আদৰ্শ শিক্ষকৰ গাত থাকিবলগীয়া নানা বৈশিষ্ট্য যেনে- ব্যক্তিত্ব, জ্ঞান,  বাক পটুতা, চৰিত্ৰ, অধ্যয়ন স্পৃহা আদি এনে আহুকালৰ সময়ত অটুট ৰখাটো শিক্ষকসকলৰ বাবে প্ৰত্যাহ্বানমূলক  হৈ পৰিছে। কিন্তু তাৰ পিছতো প্ৰতিগৰাকী শিক্ষকেই এই পৰিস্থিতিৰ সৈতে যুঁজ দি বিদ্যালয় খোলাৰ পূৰ্বেই নিজকে  প্ৰস্তুত কৰিব লাগিব। 

ক'ৰোনা যি কাকো নিচিনে, সংস্পৰ্শত আহিলেই বিয়পি পৰিব পাৰে । তেনে সময়ত কণ কণ শিক্ষাৰ্থীসকলৰ  স্বাস্থ্য হৈছে এক চিন্তনীয় বিষয়। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এই মহামাৰীৰ সময়ত  শিক্ষকৰ লগতে তেওঁলোকো চাপত থাকিব পাৰে। ফোনযোগে শিক্ষাগুৰুসকলেও তেওঁলোকক মানসিক উৎসাহ দিয়াটো প্ৰয়োজন। 

যেতিয়ালৈ ক'ভিড নিৰ্মূল নহ'ব বা ভেকচিন উপলব্ধ নহ'ব তেতিয়ালৈ সকলোৱে এক শংকাত থকাটো স্বাভাৱিক। এনে সময়ত সকলোকে নিৰাপদে ৰাখিব পৰা উপযুক্ত ব্যৱস্থা হৈছে অনলাইন শিক্ষা ব্যৱস্থা। কিন্তু দৰিদ্ৰতা বা অন্য কাৰণত বহুতো অভিভাৱকে স্মাৰ্ট ফোন, টেবলেট নাইবা কম্পিউটাৰৰ ব্যৱস্থা নিজ শিশুটিক কৰি দিব পৰা নাই। এইক্ষেত্ৰত অভিভাৱকে নোৱাৰিলে প্ৰতিৱেশীয়েও সহায় কৰিব পাৰে । কভিডৰ সংহাৰ শেষ নোহোৱালৈকে শিশুৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ- প্ৰশাসনেও যিকোনো উপা‌য়েৰে তেওঁলোকৰ অনলাইন শিক্ষাদান উপলব্ধ কৰাত গুৰুত্ব আৰোপ কৰিব বুলি আমি আশাবাদী।

*****************************************************************




লেখক- কোকিল শৰ্মা
সহঃ শিক্ষক
খোপনিকুছি প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড- হাজো