header ads

মোৰ মৰমৰ মা | Assamese poem by Karabi Das

মোৰ মৰমৰ মা




মা, তুমি মোৰ বৰ মৰমৰ, 

                   তুমি বৰ চেনেহৰ

তুমি মোৰ জন্মদাত্রী মা ,

                    তোমাৰ কোলাতে উঠি

কেনেকৈ যে ডাঙৰ হ'লোঁ

‌                    গমকে নাপালোঁ ।

দুখ, কষ্ট সহ্য কৰি

               অকণো কষ্ট অনুভৱ কৰিবলৈ নিদিয়া ,

মোৰ দুখত দুখী হোৱা

                 মোৰ সুখত সুখী হোৱা ।

তোমাৰ কাৰণে আজি মই

                এই মায়াময় পৃথিৱীৰ পোহৰ দেখিলোঁ ,

থাকিবা তুমি মোৰ ছাঁ হৈ, মা..

অ' মা, তোমালৈ যে মোৰ বহুত মৰম আৰু শ্ৰদ্ধা ।

********************** 


কৰবী দাস

নৱম শ্ৰেণী

তাতিবামা আঞ্চলিক হাইস্কুল

ৰাণী শিক্ষাখণ্ড

কামৰূপ জিলা

অসম




অলংকৰণ :- পূবালী শইকীয়া  দাস



Post a Comment

2 Comments