header ads

বিষ্ণু ৰাভাৰ সমাজ চেতনাৰ প্ৰাসংগিকতা |

 বিষ্ণু ৰাভাৰ সমাজ চেতনাৰ প্ৰাসংগিকতা 



        প্ৰতি বছৰে ২০ জুন তাৰিখটো বিষ্ণুপ্ৰসাদ ৰাভাদেৱক  সুঁৱৰি তেখেতৰ মৃত্যু দিৱস  উদ্‌যাপন কৰা হয় | ৰাভাদেৱৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিল গেঠিবালা ৰাভা | পৰিয়ালৰ অষ্টম সন্তান ৰাভাদেৱক সকলোৱে 'কটু' নামেৰে জানিছিল | ৰাভা দিৱস তেজপুৰত বহু আগৰেপৰাই  পালন কৰি আহিছে | এই কথাখিনি দৰদী কণ্ঠশিল্পী পংকজ বৰদলৈৰ সাক্ষাৎকাৰ এটিত প্ৰতিফলিত হৈছিল | পিছত অসম আন্দোলনৰ সময়ত ছাত্রসন্থাৰ উদ্যোগত সদৌ অসম ভিত্তিত সকলো অনুস্থান-প্ৰতিষ্ঠানেই ২০ জুন তাৰিখটো ' বিষ্ণু ৰাভা দিৱস ' হিচাবে পালন  কৰি আহিছে | অসম চুক্তিৰ পাছত ২০ জুন তাৰিখটো চৰকাৰীভাৱে পালন কৰা হয় | 

       ১৯০৯ চনৰ ৩০ জানুৱাৰীত ঢাকাৰ সামৰিক চাউনিত  ৰাভাদেৱে জন্মগ্ৰহণ কৰিছিল । তাতেই প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ দেউতাকহঁতৰ লগত তেজপুৰলৈ আহে আৰু তেজপুৰত চৰকাৰী হাইস্কুলত  নাম লগায় | ১৯২৬ চনত তেজপুৰৰ হাইস্কুলৰপৰা দৰং  জিলাৰ ভিতৰত তেখেতে সৰ্ব্বোচ্চ নম্বৰ পাই প্ৰৱেশিকা পৰীক্ষাত  উত্তীৰ্ণ হয় | কলেজীয়া শিক্ষাৰ পৰাই তেখেতে স্বাধীনতা সংগ্ৰামত সোমাই পৰিছিল | ১৯৩১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত তেখেতৰ লগত আইন অমান্য আন্দোলনত ৰাভাদেৱে বিশেষ ভূমিকা আগবঢ়াইছিল | তেখেতৰ জীৱন শৈলীৰ পৰিঘটনাসমূহ  বিশ্লেষণ কৰি চালে ল'ৰালি কালতে দেখা সামৰিক আদৱ-কায়দাসমূহ তেখেতৰ ব্যক্তিগত জীৱনত প্ৰতিফলিত  হোৱা যেন লাগে | পিছত বৃটিছ পুলিচৰপৰা সাৰি থাকিবলৈ যেনেকৈ আত্মগোপন কৰি থাকিবলগীয়া হৈছিল , ঠিক তেনেকৈ সামাজিক দায়বদ্ধতাৰ বাবে স্বাধীনতাৰ পিছতো স্বাধীন ভাৰতৰ পুলিচৰ পৰাও আত্মগোপন কৰি থাকিবলগীয়া হৈছিল | সেই সময়খিনিতে বৃহত্তৰ অসমৰ হাবি-জংগল , গাঁও-ভূই , পাহাৰ-ভৈয়াম আদিত ঘূৰি-ফুৰি তেখেতে সমাজ সংগঠিত কৰিবলৈ প্ৰয়াস কৰিছিল । বিষ্ণুৰাভা আছিল প্ৰতিভাৰ সাগৰ , কি গুণৰ অধিকাৰী নাছিল তেওঁ । তেওঁ একেধাৰে অভিনেতা , চিত্ৰশিল্পী , নৃত্যশিল্পী , নাট্যকাৰ , সুৰকাৰ , গীতিকাৰ , গায়ক , স্বাধীনতা সংগ্ৰামী  আৰু বিল্পৱী । এজন শিল্পী হিচাপে গোটেইখিনি গুণৰেই অধিকাৰী আছিল তেওঁ । ১৯৪০ চনত কাশী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন উৎসৱত ৰাভাদেৱে নটৰাজৰ নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক মুগ্ধ কৰিছিল | নৃত্যত মোহিত হৈ উপাচাৰ্য ড: সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাক সোণৰ পদকেৰে পুৰস্কৃত কৰাৰ লগতে ভাৰত শ্ৰেষ্ঠ  কলাবিদ আৰু ' কলাগুৰু ' উপাধি প্ৰদান কৰে ।

            বিষ্ণু ৰাভাই জীৱন পৰিক্ৰমাত গঢ়ি তোলা বিল্পৱী কৃষক আন্দোলনত মতাদৰ্শগত দিশ নিৰ্দেশনা আজিও প্ৰাসংগিক । বিষ্ণুপ্ৰসাদ ৰাভাই এখন নতুন ভাৰতবৰ্ষৰ বুকুত এখন প্ৰগতিশীল ঐক্যৱদ্ধ অসমৰ স্বপ্ন দেখিছিল--- নিপীড়িত-নিৰ্যাতিত কৃষক বনুৱাৰ অধিকাৰ সম্পন্ন এখন সমাজৰ । ৮০ দশকৰ আগলৈ বিষ্ণুৰাভা শাসক পক্ষৰ বাবে প্ৰাসংগিক নাছিল, কিন্ত্ত তেওঁ হিয়াৰ আমঠু হৈ জীয়াই আছিল ৰাইজৰ মাজত | বহুত্ববাদী সমাজৰ একত্ববাদী গণতন্ত্ৰৰ পূজা কৰা দেশত সেয়েহে শাসকৰ বাবে ৰাভাদেউ যিমান প্ৰাসংগিক তাতকৈ তেওঁ অধিক প্ৰাসংগিক শোষিত মানুহখিনিৰ বাবে | সেয়ে সমকালীন অসমৰ পটভূমিত কৃষক আন্দোলনকে ধৰি গণ আন্দোলন সমূহক নতুন মাত্ৰা প্ৰদান কৰি ৰাভাই গঢ়ি তোলা বৈল্পৱীক কৃষক আন্দোলনৰ  মতাদৰ্শগত দিশ নিৰ্দেশনা আজিও প্ৰাসংগিক | 

         তেওঁ অঁকা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্বহীদ কনকলতাৰ ছবি তেজপুৰত সংৰক্ষিত হৈ আছে | পিছলৈ ৰাভাদেৱে ৰাজনীতিত যোগ দিছিল | ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল |

         অসমীয়াৰ হিয়াৰ আপোন চকুৰ মণি ৰাভাদেৱে ১৯৬৯ চনৰ ২০ জুন তাৰিখে অসম বাসীক কন্দুৱাই ইহলীলা সম্বৰণ কৰে | বৰ্তমান তেওঁৰ জীৱনৰ আদৰ্শ , মানৱীয় গুণ আদি আমাৰ শিশুহঁতৰ মাজত বিভিন্ন মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিব পাৰিলে শিশুৰ নৈতিকতাত ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰিব পাৰি | তেওঁৰ  কিছুমান লিখনিৰ চিন্তাসমূহ অনাদৃত হৈ আছে | সেইবোৰ উন্মোচিত হ'লে নতুন প্ৰজন্মই বিষ্ণু ৰাভাৰ বিষয়ে আৰু অধিক জানিব পাৰিব |

 *************************

 

অনিমা দাস 

প্ৰধান শিক্ষয়িত্ৰী 

ছয়গাঁও আঞ্চলিক প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ডৰ নাম ছয়গাঁও

মো: নং - ৭০০২৭১৭৩৮৭




Post a Comment

0 Comments