header ads

শিক্ষা গুৰু | An Assamese Poem by Gitanjali

     শিক্ষা গুৰু


যুগে যুগে শিক্ষা গুৰু
চিৰ নমস্য,
যাৰ ত্যাগ আৰু চেষ্টাত
জনগণ হয় সভ্য।
শিক্ষা গুৰু দ্ৰোণাচাৰ্য
মহাভাৰতত,
সেইদৰে চণ্ডী পানি হল
আদিগুৰু শ্ৰীকৃষ্ণ ত।

হে নমস্য ডনবস্ক
যিয়ে বাটে ঘাটে ঘূৰি ফুৰা
কিশোৰ সকলক গোটাই আনি
দিছিল স্কুলীয়া শিক্ষা।

সেয়েহে মানৱ গঢ়াৰ
খনিকৰ
তোমাক চিৰ নমস্য।


গীতাঞ্জলি বৰুৱা।
বিজ্ঞান শিক্ষয়িত্ৰী।
চম্পকনগৰ ছোৱালী ম.ইংৰাজী বিদ্যালয়।