header ads

শিক্ষাৰ্থীৰ শিতান, অসমীয়া কবিতা, মোৰ অসম, দিপাংকৰ হাজৰিকা, ষষ্ঠ বছৰৰ-৪ৰ্থ সংখ্যা,

 মোৰ অসম



ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে

বতাহে কয় কাহিনী ।

নামঘৰৰ ঢোলৰ মাতত

জাগি উঠে জননী ।

কেতেকীৰ গন্ধে ভৰা

গাঁৱৰ পথাৰখনি,

ধূলি-মাটিৰ গোন্ধতে মই

পাওঁ শান্তিৰ বাণী ।

হে প্ৰকৃতি মা, তই মোৰ জীৱন,

তোৰ আঁচলতেই মোৰ সপোন ।

তই নোহোৱা হ'লে শূন্য মই,

তোৰ বুকুতেই মোৰ ঠিকনা ।

সেউজীয়া পাহাৰত মেঘে

আঁকি যায় ছবি ।

চৰাইৰ গান শুনি শুনি

দিন যায় উভতি ।

নদীৰ ঢৌত ভাঁহি যায়

দুখ-বেদনাৰ সুৰ,

গছৰ ছাঁত বহি পাওঁ

প্ৰকৃতিৰ মধুৰ সুৰ।

অচিনাকি বতাহজাকে

কৈ যায় মোক দুখৰ কথা,

কুলিজনীও যেন আজি

উদাসীন ।

গছ কটা বন্ধ কৰা,

নদী-পুখুৰী ৰাখা চাফা ।

প্ৰকৃতি বাচিলেই

বাচিব মোৰ অসম ।



দিপাংকৰ হাজৰিকা

দশম শ্ৰেণী

সত্ৰপাৰা আইডিয়েল হাইস্কুল

শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

1 Comments

  1. Correct sentence:

    I am very glad to share that this poem was written by our student.

    ReplyDelete