header ads

শিশুৰ সৰ্বাংগীন বিকাশত এগৰাকী মাতৃৰ ভূমিকা | Assamese article by Tarali Talukdar

 শিশুৰ সৰ্বাংগীন বিকাশত এগৰাকী মাতৃৰ ভূমিকা



      সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজ ব্যৱস্থা, সামাজিক গাঁথনিৰো পৰিৱৰ্তন হয়। ইয়াৰ প্ৰভাৱ ক্ষুদ্ৰ সমাজ আমাৰ ঘৰখনৰ ওপৰতো পৰে। সময়ৰ প্ৰয়োজন আৰু কৰ্মসূত্ৰেই যৌথ পৰিয়াল সমূহ প্ৰায় একক পৰিয়ালত পৰিণত হ'বলৈ ধৰিছে। ঘৰখন হ'ল শিশুৰ শিক্ষাৰ  কঠীয়াতলি। মাতৃগৰাকী হৈছে প্ৰথম শিক্ষয়িত্ৰী। এটি শিশুয়ে মাতৃগৰাকীৰ পৰাই আদিপাঠ গ্ৰহণ কৰে । শিশুৰ সৰ্বাংগীন বিকাশত মাতৃগৰাকীয়ে বিশেষ ভূমিকা পালন কৰে। এই  ক্ষেত্ৰত একক পৰিয়ালেই হওঁক বা যৌথ পৰিয়ালেই হওঁক , পৰিয়ালৰ আন আন সদস্য সকলে মাতৃগৰাকীক সহযোগ কৰিব লাগে। সু-অভ্যাস গঠন, নিয়মানুৱৰ্তিতা আদি জ্ঞান প্ৰদান আৰু শিশুৰ বাঞ্চনীয় প্ৰয়োজনসমূহ পূৰণ কৰি ব্যক্তিত্ব বিকাশত সহায় কৰিব লাগে।

         শিশু অধ্যায়নত গৰ্ভকালীন পৰ্য্যায়, শৈশৱ কাল , আৰু বাল্যকালৰ শেষলৈকে সাধাৰণভাৱে শিশু বুলি বিবেচনা কৰা হয়। শিশুটিৰ জন্মজ গুণসমুহ চিনাক্ত কৰি সুপৰিকল্পিতভাবে নিয়ন্ত্ৰণ আৰু বিকাশ সাধন কৰিব লাগে। পুষ্টিকৰ আহাৰ প্ৰদান কৰিব লাগে; কাৰণ ইয়াৰ প্ৰতিক্ৰিয়া গোটেই জীৱনৰ বাবে তাৎপৰ্যপূৰ্ণ । একেদৰে আৱেগিক নিৰাপত্তা প্ৰদান কৰাটোও মাতৃগৰাকীৰ এক দায়িত্ব, যিয়ে শিশুটিৰ ভৱিষ্যৎ জীৱনত বিশেষ প্ৰভাৱ পেলাব পাৰে। 

         সুসন্তানেহে ভৱিষ্যতলৈ সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। নিজ দায়িত্ব  আৰু কৰ্তব্যৰ প্ৰতি সজাগ, সচেতন থাকি সৎ-চিন্তা আৰু সাহসেৰে সেৱা মূলক মনোভাৱেৰে এখন সুস্থ আৰু সমৃদ্ধিশালী সমাজ গঢ়াত বৰঙণি যোগাব পাৰে। সু-নাগৰিক হিচাপে এটি শিশুক গঢ়াৰ ক্ষেত্ৰত মাতৃগৰাকীয়ে প্ৰধান ভূমিকা লয়। এগৰাকী সু-মাতৃ আৰু সু-গৃহিণীয়ে এখন ঘৰ সুন্দৰকৈ গঢ় দিব পাৰে। মাতৃগৰাকীয়ে নিজৰ সন্তানক সুস্বাস্থ্য, নৈতিক চৰিত্ৰ গঠনত সহায় কৰে, ভৱিষ্যতৰ বাট দেখুৱাই আগুৱাই যোৱাত সহায় কৰে । সুস্থ-সমাজ গঢ় দি তোলাত সহায় কৰিব পাৰে। তাৰ বাবে মাতৃগৰাকী হ'ব লাগিব সুশিক্ষিত, চৰিত্ৰৱান , ধৈৰ্যশীলা, সাহসী, উদাৰমনৰ অধিকাৰী আৰু সময়ত উচিত সিদ্ধান্ত ল'ব পৰা মহিলা । নিজকে সমাজখনত, সন্তানৰ আগত আদৰ্শ ৰূপত প্ৰতিষ্ঠা কৰি শিশুৰ সৰ্বাংগীন বিকাশত সহায় কৰিব লাগিব।

             শিশুৰ সম্পূৰ্ণ বিকাশ অৰ্থাৎ শিশুৰ শাৰীৰিকআচৰণ ,মানসিক ,সামাজিক, আধ্যাত্মিক, আৰু  অনুভূতিক দিশৰ বিকাশত সহায় কৰিবলৈ হ'লে ঘৰখনত উপযুক্ত শিক্ষাৰ লগতে সুস্থ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অনস্বীকাৰ্য।

             শিশুৰ কেতবোৰ বৈশিষ্ট্য যেনে- অনুকৰণ শীলতা, খেল-ধেমালিৰ প্ৰতি অনুৰাগ ,পৰনিৰ্ভৰশীলতা, আত্মকেন্দ্ৰিক, আদিক আগত ৰাখি শিশুটিক জীৱনৰ বাটত আগবঢ়াই নিয়াত , সবল ব্যক্তিত্ব গঠনত পৰিয়ালৰ সদস্য সকলে বিভিন্ন ধৰণে সহায় কৰিব পাৰে। প্ৰয়োজনীয় কিতাপ-পত্ৰ যেনে-আলোচনী, মহৎলোকৰ জীৱনী, শিশু পুথি আদিৰ যোগান ধৰিব লাগে। শাৰীৰিক বিকাশৰ বাবে উপযুক্ত খেল ধেমালিৰ সুবিধা কৰি দিয়া, বিভিন্ন সামাজিক অনুষ্ঠান, ঘৰুৱা উৎসৱ-পাৰ্বনত সক্ৰিয় অংশগ্ৰহণৰ সুবিধা দিয়া আৰু সৰু সৰু সামাজিক দায়িত্ব পালন কৰিবলৈ উৎসাহ দিব লাগে । ই সামাজিক আৰু আধ্যাত্মিক দিশৰ বিকাশত সহায় হ'ব পাৰে। পৰিয়ালৰ মাজত শিশুৱে বিভিন্ন ধৰণৰ আচৰণ, ভাষাৰ ব্যৱহাৰ, নীতি-নিয়ম, আদৰ্শ , সংস্কাৰ আয়ত্ত কৰি লয়। পৰিয়ালৰ মাধ্যমত শিশুয়ে কিছুমান নীতিগত অনুশাসন আৰু মূল্যবোধৰ ধাৰণা আয়ত্ত কৰে। মাতৃ এগৰাকী নিজ সন্তানৰ প্ৰতি মৰম আদৰ আৰু শাসন কৰাৰ  সময়ত সচেতন হ'ব লাগিব।

          আধুনিক জগতত বস্তুবাদী চিন্তাধাৰাই শিশুৰ বিকাশত ঘৰ বা পৰিয়ালৰ ভূমিকাৰ কিছু পৰিৱৰ্তন আনিছে। বৰ্তমান প্ৰযুক্তিবিজ্ঞান (ইন্টাৰনেট) কৰ্মজীৱনৰ লগতে  ছাত্ৰসমাজৰো অবিচ্ছেদ্য অংগ হৈ পৰিছে।সকলো বস্তুৰে ব্যৱহাৰৰ একোটা সীমাবদ্ধতা আছে, উপকাৰীতা - অপকাৰীতা আছে। ইণ্টাৰনেটো ইয়াৰ ব্যতিক্ৰম নহয়। শিশু সকলক বৰ্তমান এনে ধৰণৰ সামাজিক মাধ্যম বা ইন্টাৰনেটৰ ব্যৱহাৰৰ পৰা আতৰত ৰখাটো উচিত নহয়।সচেতনভাৱে এই মাধ্যম সমূহৰ প্ৰয়োগ , সুযোগ-সুবিধাবোৰ গ্ৰহণত সহায় কৰিব লাগে। সকলো up-to-date জ্ঞানৰ লগত শিশু-মাতৃ উভয়ে  পৰিচিত হৈ থাকিবলৈ যত্ন কৰিব লাগে। যিহেতু মাতৃ গৰাকীক সন্তানে  উচ্চ স্থান দিয়ে , সন্তানৰ বাবে আদৰ্শ হয়, বিশ্বাস কৰে ; সেয়ে মাতৃ গৰাকীয়েও সেই স্থানৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগে। ভাল- বেয়া, উচিত -অনুচিতৰ বিচাৰ ক্ষমতা প্ৰদান কৰি ভৱিষ্যতলৈ আত্মনিৰ্ভৰশীল হৈ এজন সু-নাগৰিক হোৱাৰ জ্ঞান প্ৰদান কৰিব লাগে।


                                      *******************************



তৰালী তালুকদাৰ
সহকাৰী অধ্যাপিকা
মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, 

ৰঙিয়া,কামৰূপ





অলংকৰণ :-  পল্লবী পাঠক



Post a Comment

0 Comments