header ads

জ্ঞানম | An Assamese Poem by Kakali Talukdar

জ্ঞানম

                                 

'জ্ঞানম' তুমি জ্ঞানেৰে ভৰা,
ন ন প্ৰতিভাৰে ভৰা,
আৰু বহু ৰঙেৰে সজা এখন দাপোন
শিক্ষক,ছাত্ৰ-ছাত্ৰীৰ এক প্ৰতিভাৰ ফচল।
সমগ্ৰ পৃথিৱীতে এতিয়া ক'ৰোণাৰ সংহাৰ
চাৰিওফালে মানৱ জাতিয়ে কৰিছে হাহাকাৰ
আদৰ্শনীয় দিৱসৰ উদযাপন হোৱা নাই
তাৰ মাজতো যে তুমি বিছাৰি পাইছা
প্ৰতিভা বিকাশৰ অন্য এক উপায়।
ন ন প্ৰতিভা উজলিছে তোমাৰ আঁচলত
শত-সহস্ৰজনে প্ৰণাম জনাইছে তোমাক
তুমি জিলিকি থাকা অসমৰ মাটিত
সেউজীয়া গছ-গছনিৰ দৰে
সোণোৱালী ধাননি পথাৰখনৰ দৰে
আৰু প্ৰতিভাৰ এক অন্য প্ৰতীক হৈ.....
'জ্ঞানম' তোমাক কোটি কোটি প্ৰণাম।
------------------+++--------------------


কাকলি তালুকদাৰ
দশম শ্ৰেণী
কমলপুৰ উ.মা.বিদ্যালয়