শিক্ষক দিৱসৰ তাৎপর্য
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু,
গুৰু দেৱো মহেশ্বৰ:।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম
তস্মৈ শ্ৰীগুৰৱে নম:।।
ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰ ৰূপত চিৰকাল বন্দিত হৈ আহিছে দেশৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন গঢ়োঁতা শিক্ষাগুৰুসকল । শিক্ষকৰ জ্ঞান-সমৃদ্ধ মহান বাণী আৰু আদৰ্শৰে মহীয়ান হয় একো একোখন দেশৰ ভৱিষ্যত প্ৰজন্ম । প্ৰকৃত শিক্ষক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ ।
ভাৰতৰ এগৰাকী মহান শিক্ষক তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন দাৰ্শনিক ড: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৫ ছেপ্টেম্বৰৰ দিনটো ভাৰতবৰ্ষত 'শিক্ষক-দিৱস' হিচাপে পালন কৰা হয় । তেওঁ ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল ।
ৰাধাকৃষ্ণণদেৱে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ কেইজনমান বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিন পালনৰ অনুমতি বিচাৰিলে । তেতিয়া তেওঁ ক'লে যে তেওঁ নিজকে ৰাষ্ট্ৰপতি, দাৰ্শনিক, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ এগৰাকী শিক্ষক হিচাপে পৰিচয় দিবলৈহে বেছি ভাল পায় । গতিকে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষক জাতিৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে 'শিক্ষক-দিৱস' হিচাপে উদযাপন কৰিলে তেওঁ সুখী হ'ব। লগতে তেওঁ শিক্ষক সকলক শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে - Teachers should be the best minds in the country. তেতিয়াৰে পৰা অৰ্থাৎ ১৯৬২ চনৰে পৰা প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ তাৰিখটো 'শিক্ষক-দিৱস' পালন কৰি অহা হৈছে ।
ৰাষ্ট্ৰপতি হোৱাৰ পিছতো তেখেতে শিক্ষকতাকেই অধিক গুৰুত্ব দিছিল । তেওঁ নিজৰ শিক্ষানুষ্ঠানক মন্দিৰ-মছজিদ-গীৰ্জা আদি উপাসনাস্থলীৰ দৰেই পৱিত্ৰ জ্ঞান কৰিছিল । উপাসনাস্থলীৰ দৰেই শিক্ষানুষ্ঠানসমূহত আমিও পৱিত্ৰ হৈ প্ৰৱেশ কৰা উচিত আৰু তাত কোৱা প্ৰতিটো কথাই মনোযোগেৰে উপলব্ধি কৰা উচিত ।
সাধনাৰ পথ কঠিন বুলি কোৱা হয়। সম্প্রতি বহুতো শিক্ষানুষ্ঠান গঢ়ি উঠিছে । শিক্ষাৰ প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱাটো ভাল কথা । কিন্তু সেই বিদ্যা মন্দিৰৰ পৰিৱেশ মাৰ্জিত আৰু পৱিত্ৰ হোৱাৰ প্ৰতিও গুৰুত্ব দিব লাগিব । যুগৰ লগত খাপ খুৱাই চলিবলৈ নতুন প্ৰযুক্তিৰ সা-সুবিধাবিলাক গ্রহণ কৰিব লাগিব যদিও এইবিলাকৰ ব্যৱহাৰৰ প্ৰতি আমি সচেষ্টও হ'ব লাগিব । শিক্ষাৰ ক্ষেত্রত আমাৰ মন-প্ৰাণ পৱিত্ৰ আৰু একাগ্র হোৱাৰ আৱশ্যকতা অপৰিসীম ।
শিক্ষকসকল হৈছে সমাজ এখনৰ মেৰুদণ্ডস্বৰূপ । ৰাধাকৃষ্ণণদেৱে বিশ্বাস কৰিছিল যে যদি উচিত পদ্ধতিৰে শিক্ষা দিয়া হয়, তেন্তে সমাজৰ পৰা অপশক্তিক বিনাশ কৰিব পাৰি। কাৰণ মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ আৰু একো হ'ব নোৱাৰে । সেয়ে শিক্ষাক তেওঁ আটাইতকৈ বেছি প্ৰাধান্য দিছিল । সেয়ে তেওঁৰ বক্তব্যত যি শিক্ষা প্ৰদানৰ কথা কোৱা হৈছিল, সেই শিক্ষাৰ অন্তৰালত কেৱল পুথিগত শিক্ষা নাছিল; তেওঁ শিক্ষাৰ্থীৰ মানৱীয় উৎকৰ্ষ সাধন আৰু শিক্ষাৰ্থীক নৈতিকভাৱে সুস্থ-সবল কৰি গঢ়ি তুলিব পৰা শিক্ষা প্ৰদান কৰাৰ কথাও কৈছিল ।
তেওঁৰ জন্মদিনটো 'শিক্ষক-দিৱস' হিচাপে পালন কৰাৰ মূল তাৎপর্য হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত মণিকাঞ্চন সংযোগৰ যি পৱিত্ৰ অৰ্থ, তাক ফুটাই তোলা । শিক্ষক আৰু শিক্ষার্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে পাঠ দান আৰু গ্ৰহণৰ সুফল আশা কৰিব নোৱাৰি । শিক্ষক হৈছে শিক্ষার্থীক সকলো ধৰণৰ শিক্ষাৰে শিক্ষিত কৰা গুৰু । পাঠ্যপুথিত লিপিবদ্ধ পাঠ্যক্রমে শিক্ষাৰ্থীৰ আনুষ্ঠানিক শিক্ষাৰ চাহিদাহে পূৰণ কৰে । কিন্তু এগৰাকী ছাত্রই সু-নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে পাঠ্যক্রমৰ বাহিৰৰ বহু কথাই জানিব লাগে । ইয়াৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক সু-সম্পৰ্ক থকাটো অত্যন্ত জৰুৰী ।
'শিক্ষক-দিৱস'ৰ মূল তাৎপৰ্য তেতিয়াহে সাৰ্থক হ'ব, যেতিয়া প্ৰতিজন শিক্ষকে নিজকে ব্যক্তিগত স্বাৰ্থ, ভেদাভেদ আৰু প্ৰতিবন্ধকতাৰ উৰ্দ্ধত ৰাখি সমাজ এখন সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে শিক্ষাৰ্থীক যোগ্য কৰি তুলিব । পাঠ্যপুথিৰ শিক্ষাৰ লগতে প্ৰতিজন শিক্ষাৰ্থীকে মানুহ হোৱাৰ শিক্ষা প্ৰদান কৰি নিজেও শিক্ষক হোৱাৰ গৌৰৱ অনুভৱ কৰিব পাৰিব ।
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে 'শিক্ষক-দিৱস'ৰ দিনা ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকসকলক উপহাৰ (বিশেষকৈ কলম আদি) দিয়াৰ পৰম্পৰা এটাই গা-কৰি উঠিছে । কিন্তু ইয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ আন্তৰিক শ্ৰদ্ধা-ভক্তিহে শিক্ষকৰ বাবে বেছি কাম্য । শিক্ষক এজনে তেতিয়াহে সফলতা অনুভৱ কৰে, যেতিয়া তেওঁৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জীৱনত নিজকে এগৰাকী সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰে । জ্ঞান-বিদ্যা-বুদ্ধিৰ দিশেৰে নিজৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ওচৰত পৰাজিত হোৱাটোৱেই শিক্ষক এজনৰ বাবে প্ৰকৃত বিজয় ।
মই জীৱনত আজি যদি কিবা অলপ হ'লেও সফলতাৰ মুখ দেখিছোঁ, তাৰ মূলতে কেৱল মোৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু শুভকামনা । মোৰ দেউতাও এগৰাকী শিক্ষক আছিল । মোৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ প্ৰতিয়ে মোৰ আন্তৰিক শ্ৰদ্ধা-ভক্তি-সেৱা জনাই এই লেখাটিৰ মোখনি মাৰিলোঁ ।

--------------------------------
বিনীতা নাথ।
সহ: শিক্ষয়িত্ৰী ।
ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়।
ভ্ৰাম্যভাষ:-৯৭০৭৩৭৯৫৩৯
অলংকৰণ :--
0 Comments