header ads

জীৱন | Assamese poem by Nabajyoti Kumar

জীৱন

জীৱন  Assamese poem by Nabajyoti Kumar
 

জীৱনবোৰ তেনেকুৱাই হ'ল

হাহিবোৰ অভিনয় হ'ল

মৌন হল কান্দোনবোৰ

,

ঘৰবোৰ ডাঙৰ হ'ল সচা

নিসংগ হল মনবোৰ

বাহ্যিকতাৰ ৰেহৰূপত

ভিতৰভাগ ফোপোলা হ'ল,

ডিগ্ৰীবোৰ বাঢ়ি গল

সীমিত হল জ্ঞানবোৰ

ৰঙীন খাদ্যৰ আয়োজনত

 বাঢ়ি গল বেমাৰবোৰ

প্ৰকাশিত হল গুণবোৰ

,

চিৰনিদ্ৰাৰ আগমনত।

সময়বোৰ সলনি হল

জীবনবোৰ তেনেকুৱাই ।


******************* 

নৱজ্যোতি কুমাৰ,

ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়

শিক্ষাখণ্ড- ছয়গাওঁ


অলংকৰণ :-  পল্লবী পাঠক


Post a Comment

0 Comments