আপোনালৈ একলম
আজি শিক্ষক দিৱস,
শুভেচ্ছা জনালোঁ সকলোলৈ,
সকলো মহান শিল্পীলৈ
যাৰ অপূৰ্ব সৃষ্টিত
গঢ়ি উঠে মানৱ সম্পদবোৰ...
যাৰ সাধনাত জীপাল হয়
মানৱতা।
এই শুভক্ষণত,
শুভেচ্ছা আপোনালৈও থাকিল ছাৰ।
যতেই নাথাকক, আদৰি ল'ব।
আজি আপুনি
পৃথিৱীৰ বাবে এক সোঁৱৰণী।
মোৰ স্মৃতিতো আছে ছাৰ
সেই স্মৃতিৰ সুবাস,
মইও পাহৰিব পৰা নাই
আপোনাক ছাৰ।
কেনেকৈনো পাহৰিম ???
আপুনিয়েই শিকাইছিল হাতত ধৰি
জীৱন পঢ়াৰ সেই প্ৰথম আখৰ,
আপুনিয়েই শিকাইছিল
এক দুই তিনিৰ গণনা,
আপোনাৰ পৰাই শিকিছিলো
জীৱনৰ মূল্যবোধ।
আপোনাৰ ব্যক্তিত্বই মোহিত কৰিছিল মোক।
হ'ব বিচাৰিছিলো
ঠিক আপোনাৰ দৰেই,
ভাবিছিলো -
কেনেকৈনো হ'ব পাৰিছিল আপুনি
ইমান গুণৰ অধিকাৰী ?
ইমান স্পষ্টবাদী, ইমান সাহসী...?
সুনিপুণ শিল্পী আপুনি ছাৰ,
আপোনাৰ সাঁচতেই গঢ়ি উঠিছে
কত সুদৰ্শন প্ৰজন্মবোৰ।
ছাৰ,
আজি মইও আপোনাৰ নাওঁখনৰে যাত্ৰী
আশীৰ্বাদ কৰিব ছাৰ,
কণ কণশিশুবোৰৰ মাজত যেন
বিলাই যাব পাৰো মই
জ্ঞানৰ পোহৰ
মৰমেৰে...
ঠিক আপোনাৰ দৰেই।
আন্ধাৰ নাশ কৰাৰ অলপ সাহস
যেন জাগ্ৰত হয় মোৰ মনতো,
আপোনাৰ গুণবোৰৰ একাংশ যেন
প্ৰতিফলিত হয় মোৰ ব্যক্তিত্বতো।
মোকো সুঁৱৰি কোনো ছাত্ৰৰ কলমৰপৰা
নিগৰ ওলায় -
এষাৰ শুভেচ্ছাবাণী।
শেষত,
পুনৰবাৰ শুভেচ্ছা আপোনালৈ ছাৰ
জোনৰ দেশত আপুনি উমলি থাকক
কণ কণ তৰাবোৰৰ সতে,
বিলাই যাওঁক তাৰপৰাই
দিপ্তীমান আভাবোৰ,
যাৰ আলোকেৰে উজ্বলি উঠক
এই পৃথিৱীখন।।।
***************************
***************************

কন্যাকুমাৰী দাস
সহ: শিক্ষয়িত্ৰী
৪২৯ নং আল্টা প্ৰাথমিক বিদ্যালয় ।
কমলপুৰ