header ads

শিক্ষাগুৰু l Assamese Poem by Apurba Kumar Das

 শিক্ষাগুৰু


সৰ্বেপল্লী ৰাধাকৃষ্ণন 

তেওঁ আছিল ৰাষ্ট্ৰপ্ৰধান 

শিক্ষাগুৰুৰ প্ৰতি যাৰ আছিল অগাধ সন্মান ৷

শিক্ষক এডাল মমবাতি

যিয়ে নিজে জ্বলি

আনক দিয়ে পোহৰ ৷

ক্ৰমাগত ভাৱে আমিও বিলাম পোহৰ

হ’বলৈ নিদিম কেতিয়াও আন্ধাৰ ,

নহ'লে পৃথিৱী যে হ'ব অজ্ঞান ৷

শিক্ষকৰ নাই সৰু-বৰ

সকলো সমান ,

শিক্ষক-শিক্ষয়িত্ৰী আৰু মা-দেউতা

তেওঁলোকৰ সমান হ'ব নোৱাৰে কোনো আন ।

গুৰু অবিহনে সকলোতে হ'ব লাগে সৰু

হ'ব পাৰে ৰজা , মন্ত্ৰী 

অথবা দেশৰ প্ৰধান মন্ত্ৰী ,

কিন্তু কাহানিও হ'ব নোৱাৰে 

শিক্ষক শিক্ষয়িত্ৰীৰ সমান ।

পূজি যাম শিক্ষাগুৰুক 

চিৰদিন , চিৰকাল

তেওঁলোকৰ জৰিয়তে পাইছোঁ জ্ঞান মানুহ হোৱাৰ ।

কৰি যাম শিক্ষাগুৰুক ধ্যান

কোনেও যেন কৰিব নোৱাৰে অপমান ৷

অপূৰ্ব কুমাৰ দাস l

৪২ নং ভূৰ্কিবাড়ী প্ৰাঃ বিদ্যালয় , 

শিক্ষাখণ্ডঃ বকো।



Post a Comment

0 Comments