header ads

মহামাৰী ক'ৰ'না | An Assamese Poem by Medini

মহামাৰী ক'ৰ'না




অসম দেশৰ বিষম কথা.....মই মহামাৰী ক'ৰ'না |

অসমত আহি মোৰ মান-ইজ্জত সকলো 

ধূলিসাৎ হ'ল |


কোনোৱাই কয় মই আছোঁ,কোনোবাই কয় মই নাই 

মই আছোঁ নে নাই নিজৰে সন্দেহ হৈ যায় |

মোৰ ভয়ত গোটেই বিশ্ব কঁপি আছে....

ইহঁতে মোক লৈ ভেঙুচালি কৰে |

মাস্ক পিন্ধাটো দূৰৰে কথা,সামাজিক দূৰত্বও নামানে.....

ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে মোক লৈ

উপলুঙাহে কৰে |


কোনো কোনোবে আকৌ মোৰ ভেলিদিটিও

নিৰ্ধাৰণ কৰি দিলে......

অসমৰ নিবাৰ্চনলৈহে হেনো মোৰ ভেলিদিটি |

নুবুজোঁ আৰু অসম দেশৰ বিষম কথা.....

মই মহামাৰী ক'ৰ'না |

********************************************


মেদিনী ৰাজবংশী

চৰাইমাৰী মেৰগান্ডা প্ৰা:বি:

শিক্ষাখন্ড:ছয়গাওঁ