header ads

আমি আৰু আমাৰ পৰিৱেশ



         পৰিৱেশ মানে হৈছে যত শান্তি-শৃংখলা বা  সুস্থিৰতাই বিৰাজ কৰে, যত মানুহে  থাকি ভাল পায়, ফুৰি-চাকি ভাল পায় বা সৌন্দৰ্য উপভোগ কৰি মানুহে এক সুস্থিৰ বাতাবৰণত জীয়াই থাকিব পাৰে । মুঠতে পৰিৱেশ হৈছে এক সুন্দৰ অনুভূতি । পৰিৱেশ শব্দটোৰ অভিধানিক অৰ্থ হৈছে এটা বস্তুৰ চৌপাশে থকা অৱস্থাটো । যি উপাদানে  সকলো জীৱক সমিল-মিলেৰে জীয়াই থকাৰ সুবিধা দিয়ে ; সেই উপাদানেই সেই অঞ্চলৰ  পৰিৱেশ ।

প্ৰত্যেক বছৰে ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস (World Environment Day) হিচাপে পালন কৰি অহা হৈছে । বিশ্ব পৰিৱেশ দিৱসত পৰিৱেশৰ গুৰুত্ব আৰু সংৰক্ষণত মনোনিৱেশ কৰিব লাগে ।পৰিৱেশ দিৱসত পৃথিৱীবাসীক পৰিৱেশ সম্পৰ্কে সজাগ কৰোৱা হয় ।পৰিৱেশ হৈছে মানৱ সমাজৰ মূল ভেটি । পৰিৱেশ অবিহনে সকলো জীৱৰ অস্তিত্ব নাইকিয়া হৈ যাব। পৰিৱেশৰ প্ৰতি আমি সকলোৱে গুৰুত্ব দিয়া উচিত । পৰিৱেশ হল মানৱ জীৱনৰ এক  অবিচ্ছেদ্য অংগ। কিয়নো, ইয়াৰ লগত মানুহৰ সুখ-দুখ, হাঁহি-কান্দোন  আদি সকলো ধৰণৰ অনুভূতি জড়িত হৈ আছে । আমি কোনো সিদ্ধান্ত লোৱাৰ আগত পৰিৱেশৰ ওপৰত যাতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত ।

বৰ্তমানৰ প্ৰাকৃতিক পৰিৱেশ খুবেই শোচনীয় হৈ পৰিছে । বাঢ়ি অহা গোলকীয় উত্তাপৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছে ; ইয়াৰ বাবে দায়ী  মানুহৰ ক্ৰিয়াকলাপবোৰ । বৰ্তমান আমাৰ পৰিৱেশ ভাৰসাম্যহীন হৈ পৰিছে । ইয়াৰ কাৰণবোৰ হল - গছ কটা, পাহাৰ কাটি ৰাস্তা বনোৱা, হাবি-বন চাফা কৰি নগৰ সজা তথা বৰ্ধিত জনসংখ্যা। বৰ্ধিত জনসংখ্যাৰ ফলত মানুহে থাকিবলৈ  বসতি নাপাই জংঘলবোৰ কাটি নিজৰ বাসোপযোগী কৰি তুলিছে । কিন্তু তেওঁলোকে এবাৰো ভাবি নাচায় যে এই কাৰ্যকলাপৰ ফলত গছ-গছনি , চৰাই-চিৰিকটি, জীৱ-জন্তু আদি বিলুপ্ত হৈ যাব ধৰিছে। এই জীৱ-জন্তুবোৰ খাদ্যৰ সন্ধানত মানুহৰ বসতি স্থানলৈ আহে, যাৰ ফলত বৰ্তমান সময়ত কিছুমান অপ্ৰীতিকৰ ঘটনা হোৱা দেখা যায়। যেনেঃ হাতী-মানুহৰ সংঘাত ,বাঘে  গোহালিৰ পৰা গৰু নিয়া আদি কাৰ্য । তাৰ পৰিণাম স্বৰূপে আমি জীৱ হত্যা কৰোঁ। মানুহে ভাবে জীৱ-জন্তুবোৰ নিৰ্দয়ী বা হিংসুক, কিন্তু এয়া মাথো মানুহৰ ভ্ৰম। ইহঁতে হিংসুক হবলৈ বাধ্য হয় যদিহে ইহঁতৰ বসতি বা খাদ্য কাঢ়ি লোৱা হয়।

           মানুহে কেৱল নিজৰ ঘৰ-দুৱাৰ চাফা কৰে, ঘৰৰ সকলো জাবৰ-জোঁথৰ ৰাস্তাত পেলাই দিয়ে। তেওঁলোকে এবাৰো ভাৱি নাচায় যে এই জাবৰবোৰৰ পৰা পৰিৱেশটো বিনষ্ট হয়, লগতে বিভিন্ন ধৰণৰ বেমাৰৰ উৎপত্তি হয় । চৌপাশৰ পৰিৱেশটোৰ প্ৰতিও আমি লক্ষ্য ৰখা উচিত । আমি জাবৰ-জোঁথৰবোৰ য’তে-ত’তে পেলোৱাৰ সলনি জাবৰৰ গাঁতত বা  ডাষ্টবিনত পেলাব লাগে। আমি দুই ধৰণৰ ডাষ্টবিন ব্যৱহাৰ কৰা উচিত । এবিধত শুকান জাৱৰ পেলোৱা উচিত । যেনে-প্লাষ্টিক, প'লিথিন বেগ আদি । আনবিধত আমি তিতা জাবৰ পেলোৱা উচিত। যেনে-শাক-পাচলিৰ বাকলি, ৰৈ যোৱা খাদ্য আদি । শুকান জাবৰবোৰ আমি পাৰ্য্যমানে পুনঃ ব্যৱহাৰ কৰিব লাগে। কিয়নো এইবোৰ পুৰিলে দূষিত ধোঁৱাৰ সৃষ্টি হৈ পৰিৱেশৰ ভাৰসাম্যতা নষ্ট কৰে আৰু যদি এইবোৰ মাটিত পুতি পেলোৱা হয়, সেই প্লাষ্টিকবোৰে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰে । আনহাতে, তিতি থকা জাবৰবোৰ আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো। ৰাস্তাৰ কাষে-কাষে থকা নলা-নৰ্দমাবোৰ প্ৰায়েই লেতেৰা আৱৰ্জনাৰে ভৰি থাকে। বিবাহ অনুষ্ঠান, ব্যক্তিগত অনুষ্ঠানৰ লগতে ঘৰৰ আৱৰ্জনাবোৰ মানুহে নলা-নৰ্দমাত পেলাই দিয়ে। এইবোৰ নলা-নৰ্দমাত পেলাই দিয়াৰ ফলত প্ৰকৃতি দূষিত হোৱাৰ লগতে নলাৰ পানীবোৰ আৱদ্ধ হৈ ক’তো বৈ যোৱাৰ সুবিধা নাপায়, ফলত দুয়োফালে উপচি পৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয় । সেয়েহে, আমি এইবোৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।

          এতিয়া মই মোৰ লগত ঘটা এটি সুন্দৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিৱ বিচাৰিছোঁ। মই এখন প্ৰাকৃতিক সুষমামণ্ডিত ঠাইৰ বিষয়ে  ক’বলৈ ওলাইছোঁ । ঠাইখন হ'ল উমত্ৰু । এই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতিশয় মনোৰম । অৱশ্যে এইখন মেঘালয়ৰ সীমান্তৱৰ্তী এখন গাওঁ। এই গাওঁখনৰ মাজেৰে এখন পাহাৰীয়া নদী বৈ গৈছে। এই নদীৰ পানী বৰ ফটফটীয়া আৰু বিশুদ্ধ।চাৰিওফালে পাহাৰেৰে আবৃত এই গাওঁখন অতি পৰিস্কাৰ-পৰিছন্ন। নিৰ্দিষ্ট ঠাইতহে জাবৰ-জোঁথৰবোৰ পেলোৱা হয়। এই গাওঁখনৰ সৌন্দৰ্য তথা ইয়াৰ বিশুদ্ধ বায়ুৱে মোক বাৰুকৈয়ে মুহিত কৰিছে । চাৰিওফালে গছ-গছনি ৰোপন কৰি গাওঁৱাসীয়ে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিছে। মুঠতে স্বচ্ছ পৰিৱেশৰ ই এখন  আটকধুনীয়া গাওঁ। 

          বৰ্তমান মানুহে পৰিৱেশৰ প্ৰতি সজাগ হোৱা উচিত । আমাৰ পৰিৱেশ ইমানেই দূষিত হৈছে যে বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। দিল্লীত বৰ্তমান মানুহে অক্সিজেন চিলিণ্ডাৰ লৈ ঘূৰি ফুৰিবলগীয়া হৈছে। এয়া হৈছে মাথোঁ লেতেৰা তথা অপৰিষ্কাৰ বায়ুৰ বাবে । কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই মানুহৰ বহুতো ক্ষতি সাধন কৰিছে। এই ধোঁৱাবোৰ ওপৰলৈ গৈ অ’জন স্তৰত সৰু-সৰু বিন্ধাৰ সৃষ্টি কৰিছে আৰু এই বিন্ধাবোৰৰ মাজেৰে Ultra Violet Ray অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি সোমাই আহে । এই মাৰাত্মক ৰশ্মিৰ প্ৰভাৱত মানুহৰ কেঞ্চাৰ হোৱা দেখা যায়।

                  মই আৰু এখন গাঁৱৰ কথা ক’বলৈ ওলাইছোঁ। গাওঁখনৰ নাম হৈছে পিপনান্তি। এই গাওঁখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিঃমিঃ মান আঁতৰত আছে ।  এই গাওঁখনত মাৰ্বল খনিৰ ব্যৱসায় আছিল । দিনে-নিশাই মাৰ্বলৰ খননৰ  ফলত গাওঁখনৰ মানুহবোৰে উশাহ লবলৈ বিশুদ্ধ বায়ুৰ সন্ধান কৰিবলগীয়া হৈছিল । পানীৰ স্তৰ বহু তললৈ নামি গৈছিল । কিন্তু তেনেতে শ্যাম সুন্দৰ পালিৰাম নামৰ এজন ভগৱান স্বৰূপ ব্যক্তিৰ জন্ম হয়। তেখেতে গাওঁখনৰ ৰূপেই সলনি কৰি পেলাইছিল। বৰ্তমান এই গাওঁখনত ৮,০০০ৰো অধিক লোক বাস কৰে । প্ৰত্যেক ঘৰ মানুহৰ ঘৰত ১১১ৰো অধিক মূল্যৱান প্ৰজাতিৰ গছ আছে। গাওঁখন চৌদিশে গছ-গছনিৰে আৱৰা এখন শান্তিপূৰ্ণ ঠাই । এই গাওঁখন চাবলৈ পৃথিৱীৰ বহু ঠাইৰ পৰা মানুহ আহে । এই গাওঁখনৰ ওপৰত বহুতো কথাছবি নিৰ্মাণ কৰা হৈছে আৰু ভাৰত চৰকাৰে এই গাওঁখনক এখন আটাইতকৈ পৰিষ্কাৰ গাওঁ বুলি স্বীকৃতি প্ৰদান কৰিছে । এই গাওঁখনে ৰাষ্ট্ৰপতি সন্মান পাবলৈও সক্ষম হৈছে। গতিকে এইখন গাওঁ হ’ল আমাৰ আদৰ্শ। আমি গাওঁখনৰ দৰে আমাৰ গাওঁবোৰো গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগে। লগতে এখন প্ৰদূষণমুক্ত দেশ গঢ়িব লাগে। 

আমি সকলোৱে পৰিৱেশ সম্পৰ্কীয় কিছুমান সাৱধানতা বা সচেতনতা  অৱলম্বন কৰা উচিত। যেনে:

  • প্ৰথমে, আমি সকলোৱে পানী সংৰক্ষণ কৰা উচিত ৷ কিয়নো বৰ্ধিত জনসংখ্যাৰ বাবে পানীৰ স্তৰ তললৈ নামি গৈছে । গতিকে বৰ্ধিত জনসংখ্যাৰ বাবে পানীৰ স্তৰ তললৈ নামি নাযাবলৈ আৰু ভবিষ্যতৰ কথা ভাবি আমি পানী সংৰক্ষণ কৰিব লাগিব। 
  • দ্বিতীয়তে, আমি গছপুলি ৰোপন কৰি পৰিৱেশটো প্ৰদূষণমুক্ত কৰিব লাগে । কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাবোৰ গছ-গছনিয়ে নিঃসৰণ কৰি আমাৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। 
  • তৃতীয়তে, আমি জীৱ-জন্তু হত্যা কৰিব নালাগে । কাৰণ, জীৱ-জন্তুবোৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা  কৰে । গতিকে আমি বিলুপ্তপ্ৰায় প্ৰাণীবোৰ সংৰক্ষণ কৰিব লাগে। 
  • চতুৰ্থতে, য’তে ত’তে জাবৰ-জোঁথৰ পেলাব নালাগে । এই জাবৰ-জোঁথৰবোৰৰ পৰা আমাৰ চাৰিওফালৰ পৰিৱেশ দূষিত হ’ব, লগতে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ বৃদ্ধি পাব। 
  • পঞ্চমতে, খেতি পথাৰত ৰাসয়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰা উচিত । ৰাসায়নিক সাৰৰ দ্বাৰা মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়। 

এই সাৱধানতাসমূহ যদি আমি পালন কৰোঁ, তেতিয়া আমি এখন সুন্দৰ দেশ গঢ়িব পাৰিম। ১৯৭২ চনত চুইজাৰলেণ্ডত প্ৰথমে 'বিশ্ব পৰিৱেশ দিৱস'  পালন কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে এই দিৱস পালিত হৈ আহিছে । আহক, আমি আটায়ে পৰিৱেশক ৰক্ষা কৰোঁ। গছপুলি ৰোপণ কৰি এখন সুন্দৰ পৃথিৱী গঢ়োঁ ।  

**************************** 

ৰীয়ণা কুমাৰী

দশম শ্ৰেণী

মিৰ্জা ছোৱালী হাইস্কুল

মিৰ্জা, কোকঝাৰ

মোঃ ৯১২৭৪১০৭৭৬

*************

অলংকৰণ:-সংগীতা কাকতি




Post a Comment

2 Comments